এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
আশীৰ্ব্বাদ
শৰণ সৎ-সঙ্গ ভজন ভক্তিত শ্ৰদ্ধা বৃদ্ধি কৰি মহা ধৰ্ম্মে হৃদয় ভাণ্ডাৰত বাসা লৈ শৰীৰাবৃত্তি কৰি অপবিত্ৰ ভাবক ঠাই নিদি শৰীৰ, মন, জ্ঞান পবিত্ৰ কৰি, নিজৰ ধৰ্ম্ম কৰ্ম্মকে গ্ৰহণ কৰি কৃপা কৰিব লাগে ॥০॥
তথাপি তোমাৰ মই ভৃত্যৰ সন্ততি ॥
হেন জানি চক্ৰপাণি কৰ পৰিত্ৰাণ ।
মহা গুৰুৰ মহামহোৎসৱ হৰি কীৰ্ত্তনৰ উপলক্ষে যি বৈকুণ্ঠৰ যি দ্ৰব্য যি ভাৱে ভক্তিয়ে শোধাব লাগে ; সেই ভাব ভক্তিৰে শোধাব পৰা নাই। ইয়াতে যেয়ে যি ভাৱে শোধাইছে তাকে মোৰ বুলি গ্ৰহণ কৰি আগত এবছৰত এই সেৱা কৰিবলৈকে শক্তিমন্ত কৰি সবাটিকে ৰক্ষা কৰিব লাগে ॥०॥
( শঙ্কৰদেৱৰ তিথিৰ বাজে আন আন তিথিতে এই দৰেই হয়। যাৰ তিথি সেই জনৰ নাম উল্লেখ কৰি গুণ বৰ্ণাব মাত্ৰ )।
ভাল—সকলো হৰি ভক্ত সমূহ বৈষ্ণৱসকলে গোসাই ঈশ্বৰৰ অৰ্থে পৰম ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাব লাগে।