পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৪)

(৪) সকলো দেশৰ ৰাইজ আৰু চৰকাৰৰ সৈতে বন্ধুত্বৰ সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰিব।

(৫) আফ্ৰিকাৰ দেশসমূহৰ দৰে যিবোৰ দেশ এতিয়ালৈকে স্বাধীন হব পৰা নাই, সেইবোৰ দেশৰ স্বাধীনতা আন্দোলনত সহায় কৰিব আৰু চাব যাতে সেই দেশবোৰ ৰুছ বা আমেৰিকাৰ শিবিৰত নপৰে।

(৬) দেশৰ মাজত হোৱা যিবিলাক চৰ্ত্ত আৰু চুক্তিয়ে আন্তৰ্জাতিক জাতিভেদৰ সৃষ্টি কৰিছে এহাতে কেইখনমান দেশক ধনী আৰু শক্তিশালী আৰু আনহাতে সৰহভাগ দেশকে দুখীয়া আৰু দুৰ্ব্বল কৰিছে, তেনে চৰ্ত্ত আৰু চুক্তিবিলাকৰ সলনি কৰিব। এইদৰে সকলো দেশক সমতাৰ ভিত্তিত স্থাপন কৰিব।

(৭) সমগ্ৰ মানব জাতিক একত্ৰ কৰি ৰাজনৈতিক ক্ষেত্ৰত এখন বিশ্ব পাৰ্লিয়ামেণ্ট স্থাপন কৰিবলৈ আৰু অৰ্থ নৈতিক ক্ষেত্ৰত বিশ্বউন্নয়ন কৰ্পৰেশ্যন আৰু বিশ্ব খাদ্য ভঁৰালৰ যোগেদি সকলো দেশৰ প্ৰত্যেক মানুহেই ভালমতে খাই-লৈ থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব।

(৮) পৃথিবীৰ সকলো দেশৰে ছ'চিয়েলিষ্ট আন্দোলন আৰু সমাজবাদ আৰু গণতন্ত্ৰ অস্ত্ৰৰ যোগে পৃথিবীৰ পৰা অন্ন-বস্ত্ৰৰ অভাব আৰু যুদ্ধৰ অন্ত পেলাবলৈ চেষ্টা কৰা জনতাৰ আন্দোলনত সহায় কৰিব।