পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৩)

সকলো কথা নিৰ্ণয় হ’ব৷ আনহাতে, আমেৰিকাৰ নেতৃত্বত পৰিলে জগতখন হ’ব পূঁজিবাদী জগত, য’ত এমুঠি মানুহে অগণন প্ৰজ়াৰ ওপৰত শোষণ কৰিব আৰু অসমতা আৰু অন্যায়ে আধিপত্য বিস্তাৰ কৰিব।

ৰুছীয়া আৰু আমেৰিকাই দিয়া যি দুখন জগতৰ ছবি পৃথিবীৰ আগত দাঙি ধৰিছে দুইখনকে ছ’চিয়েলিষ্ট পাটিয়ে নাকচ কৰিছে। ছ’চিয়েলিষ্ট পাৰ্টিয়ে এখন তৃতীয় ছবি জনতাৰ আগত দিছে; সেয়ে হৈছে গণতান্ত্ৰিক সমাজবাদৰ ওপৰত প্ৰতিস্থিত এখন নতুন জগত। এই নতুন জগত প্ৰতিস্থাৰ বাবে ছ’চিয়েলিষ্ট পাৰ্টিয়ে এনেদৰে কাম কৰিবঃ

(১) ৰুছ আৰু আমেৰিকান শিবিৰৰ মাজত হোৱা সকলো বিবাদৰ পৰা ছ’চিয়েলিষ্ট চৰকাৰ আঁতৰি থাকিব। সেই বুলি কিন্তু ছ’চিয়েলিষ্ট ভাৰতে ইউনাইটেড নেশ্যনক এইটো আশ্বাস দিব যে কোনো ক্ষেত্ৰতে কোনো আক্ৰমণকাৰীক সহায় নকৰে;

(২) স্বাধীনতা, সমতা আৰু শান্তিৰ ভিত্তিত এখন জগত প্ৰতিষ্ঠা কৰ৷ সকলো প্ৰচেষ্টাতে ইউনাইটেড নেশ্যনক সহায় কৰিব।

(৩) আটলাণ্টিক আক ছভিয়েট শিবিৰৰ বাহিৰত থকা সকলো দেশৰে সামূহিক নিৰাপত্তাৰ বাবে চেষ্টা কৰিব। ঘাইকৈ ইণ্ডনেছিয়াৰ পৰা ইজিপ্তলৈকে জুৰি থকা এই কেইখন দেশৰ সামূহিক নিৰাপত্তাৰ বাবে।