পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৯)

আক ট্রেডইউনিয়ন সমূহে প্রশাসনীয় ব্যৱস্থাত বহুত পৰিবৰ্ত্তন আনিব আৰু প্ৰশাসনৰ লগত ৰাইজৰ ঘনিষ্ঠ সম্বন্ধ স্থাপন কবিব। বহুত ক্ষেত্ৰতেই ৰাইজে বহুত কাম চলাব।

তলত উল্লেখকৰা সংস্কাৰ সমূহে প্ৰশাসনীয় ব্যৱস্থা আৰু সৰল কৰিব । আমাৰ বিচাৰ-ব্যৱস্থা অত্যন্ত খৰছ বহুল আৰু মেৰপাক লগোৱা হোৱাত দুখীয়া শ্ৰেণীৰ মানুহে সৰহ ভাগতেই প্রাপ্য ন্যায্য দাবী আদায় কৰিব পৰাৰ পৰা বঞ্চিত হৈছে৷ গতিকে কম খৰহত আৰু সোনকালে বিচাৰ পোৱাৰ ব্যৱস্থা লাগে। সেইদতে বিচাৰ-ব্যৱস্থা পৰিবৰ্ত্তন কৰা হব । আইন-আদালত আৰু ৰাইজৰ মাজত থকা ব্যৱধান কমাই অনা হ'ব।

অফিচাৰৰ শাসনৰ কুফল আতঁৰোৱাৰ প্ৰকৃত উপায় হ’ল প্ৰশাসনৰ প্রত্যেক স্তৰতে ৰাজহুৱা অভিমত সংশ্লিষ্ট কৰা। প্রত্যেক স্তৰতে ৰাইজৰ তৰফৰ পৰা কাৰ্য্যপালিকাক পৰামৰ্শ দিয়াৰ ব্যৱস্থ৷ থাকিব ৷ সেই পৰামৰ্শ যদি কোনোৱা বিষয়াই উলঙ্ঘ কৰে তেন্তে তাৰ বাবে ওপৰৱালা বিষয়াৰ ওচৰত তেওঁ কৈফিয়ৎ দিব লাগিব ।

ডিপার্টমেণ্টৰ বৰমূৰীয়া সকলে সময়ে সময়ে একেলগে বহি প্ৰত্যেক অফিচৰ কামৰ পৰ্য্যালোচনা কৰিব আৰু অফিচৰ কাৰ্য্য- দক্ষতা বঢ়াবৰ অৰু ৰঙাফিটাৰ দোষ এৰুৱাবৰ বাবে উপায় ব্যৱস্থাৰ পৰামৰ্শ দিব । এই পৰামৰ্শবিলাক সদৰ অফিচবোৰলৈ পঠিৱা হ'ব। সময়ে সময়ে বহা বিষয়াসকলৰ সভাত