পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২১)

সমূহ আৰু দাতব্য আৰু আন আন সামূহিক সম্পত্তিৰ ওপৰত পঞ্চায়তৰ কৰ্তৃত্ব থাকিব।

এনেবোৰ প্ৰতিনিধিমূলক কামৰ বাদেও পঞ্চায়তে নিয়ন্ত্ৰণ- মূলক কামো কৰিব— যেনে, প্ৰাইমাৰী স্কুল পৰিদৰ্শন কৰা গাৱৰ খেল-ধেমালী আদিৰ উৎসাহ দিয়া, গাৱলীয়া আস্পতাল, মাতৃসদন, শিশু কল্যাণ আদিৰ ব্যৱস্থা কৰা, গাৱঁত নিকা পানীৰ যোগান ৰখা ইত্যাদি। এই দুটাৰ উপৰিও নানা প্ৰকাৰৰ জনহিতকৰ কাৰ্য্য আৰু সাংস্কৃতিক অনুষ্ঠান স্থাপ- নাদি সেৱা কাৰ্য্যও পঞ্চায়তে কৰিব।

এইদৰে গাওঁপঞ্চায়ত বিশেষ গুৰুত্বপূৰ্ণ অৱস্থাত থাকিব। স্বাধীনতাৰ ফেৰমেল গছজোপাৰ ঘাই শিপা হ’ব গাওঁ পঞ্চায়ত।

আঞ্চলিক মাটি-আয়োগ

গাওঁ পঞ্চায়তৰ ওপৰত থাকিব আঞ্চলিক মাটি-আয়োগ সমূহ ( Regional Land Commissions ) এই আয়োগে সেই অঞ্চলৰ পঞ্চায়তবোৰৰ উৎপাদন-আঁচনিবোৰ আৰু অঞ্চলৰ কৃষি-সম্পদবোৰৰ ওপৰত চকু ৰাখিব আৰু সেইবোৰৰ বেহা লগাব। গাৱঁলীয়া বেঙ্কৰ তত্বাবধান এই আয়োগে ল'ব আৰু অঞ্চলৰ সমূদায় ঋণ-ব্যৱসায় নিয়ন্ত্ৰণ কৰিব। আদৰ্শ কৃষি-পাম চলাই খেতিয়ক সকলক সহায় কৰাৰ দায়িত্ব এই আয়োগৰ হাতত থাকিব। গাওঁ পঞ্চায়তে খেতিৰ সজুঁলি আৰু খেতিৰ উন্নত নিয়ম-প্ৰণালীৰ বিষয়ে যি বিচাৰিব