পৰজন্ম আছে নে? আকৌ কোনোবা জন্মত আপোনাক
পাম নে?
প্ৰণতা-
চিৰ-অভাগিনী, অপৰাধিনী-
প্ৰতিমা।
পুঃ--আপুনি মোক পায়হি নে নাপায়, ক’ব নোৱাৰোঁ।
যদি আহে, আৰু মই আপোনাক মুখেৰে একো ক'ব নোৱাৰোঁ।
তেনেহ'লে তলত লিখা কামকেইটা কৰিব। মোৰ বাকচত
পঞ্চাশটামান টকা থাকিব পায়, তাৰে দহ টকা চাকৰণীজনীক
দিব আৰু সৎকাৰৰ নিমিত্তে যি লাগে খৰচ কৰিব। বাকচত
কেইখনমান দামী কাপোৰ আছে। সেইখিনি আৰু অৱশিষ্ট
টকাকেইটাৰে যি ভাল দেখে তাকে কৰিব। ঘৰৰ ভাড়া আগ
ধৰি দিয়া আছে। শেষ অনুৰোধ এয়ে যে বাকচত এধাৰ
সোণৰ হাৰ আছে, সি অসৎ উপায়েৰে অৰ্জ্জা নহয়। সজ
উপায়েৰে অৰ্জ্জা টকাৰেহে কৰাইছিলোঁ। যদি আপুনি
কেতিয়াবা বিয়া কৰায়, আপোনাৰ পত্নীলৈ এয়ে মোৰ উপহাৰ
বুলি ৰাখিব। মোৰ অনুৰোধ ৰাখিলে সিপুৰীতো মই শান্তি
পাম। ইতি।
চিঠিখন শেষ হ’লত মাধৱে ক'লে,-“এনে বুদ্ধিমতী, কৰ্ম্ম-
নিপুণা মেধাবিনী নাৰী বৰ বেচি নাই। বৰ দুখ পালোঁ যে