পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
প্ৰতিমাৰ চিঠি


 তিৰুতাৰ কথাত বিশ্বাস কৰিব নাপায় বুলি এটা কথা প্ৰচলিত আছে। সেই কথাত মোৰ খং উঠিছিল আৰু বহুতৰ লগত তৰ্কও কৰিছিলোঁ। এতিয়া কিন্তু সেই কথা আংশিক- ৰূপে সত্য বুলি মই বুজিব পাৰিছোঁ। পুৰুষতকৈ যে তিৰুতাই বেচিকৈ মিছাৰ আশ্ৰয় ল'ব লাগে তাত সন্দেহ নাই, মই নিজেই তাৰ প্ৰমাণ। এজন পুৰুষে ব্যভিচাৰত লিপ্ত হৈ সমনীয়াৰ আগত বুকু ফিন্দাই কৈ ফুৰিলেও, তাৰ পৰা তেওঁৰ বিশেষ ক্ষতি নহয়; কিন্তু এজনী তিৰুতাই কোনো পুৰুষক সম্পৃহ দৃষ্টিৰে চাইছিল বুলি সন্দেহ হ’লেও তেওঁৰ ভাগ্যত লঘুলাঞ্ছনা বন্ধা-ধৰা। এনে অৱস্থাত তেওঁ তেনে কথা অস্বীকাৰ নকৰিলে ৰক্ষা নাই। সামান্য দোষতে কঠোৰ শান্তি ভুঞ্জিব লাগে বুলিয়েই সেই দোষ গোপন কৰিবলৈ তিৰুতাই মিছাৰ আশ্ৰয় লবলৈ বাধ্য হয়। পুৰুষ আৰু নাৰীৰ প্ৰতি বিচাৰৰ বৈষম্যই ইয়াৰ বাবে ঘাইকৈ দায়ী।
 এইখিনি মোৰ জীৱন দি লাভ কৰা অভিজ্ঞতা। ইয়াৰ পৰা আপোনাৰ কিবা লাভ হ'লেও হ'ব পাৰে বুলি লিখিলোঁ।
 হাত অৱশ হৈ আহিছে; মূৰ ঘূৰি গৈছে। আৰু নিলিখোঁ। মোৰ অন্তিম সেৱা জনালোঁ। শেষ মুহূৰ্ত্তত আপোনাৰ পদধুলিৰ নিৰ্ম্মালি মোৰ মূৰত পৰিব নে?