পৰা আঁতৰি ফুৰিবলৈ হে বিচাৰিছে। বিয়াৰ দিনা মহেশ্বৰে
সকলো কাৰ্য্য পৰিচালনাৰ ভাৰ মাধৱৰ গাত দিলে; মাধৱো
সম্মত হ’ল।
দিনৰ দিনটো মাধৱ কামত ব্যস্ত। অভ্যাগতক অভ্যৰ্থনা
কৰা, পৰিচাৰকক উপদেশ দিয়া, লাগতিয়াল বস্তু বাহানি যোগাৰ
কৰা, খোৱা-লোৱাৰ দিহা-পোহা কৰা ইত্যাদি কামত লাগি
থাকিব লগা হোৱাত তেওঁ এক মুহূৰ্তও আজৰি পোৱা নাছিল।
দিনৰ সকলো কাম সুকলমে সম্পন্ন হৈ যোৱাৰ পাচত
ৰাতিৰ নিমিত্তে কৰিব লগীয়া সকলো ব্যৱস্থা কৰা হ'ল। ৰভাত
ডাঙ্গৰ ডাঙৰ “দিৱালোক” চাকি জ্বলোৱা হ'ল; দৰাঘৰীয়াৰ
অভ্যৰ্থনাৰ নিমিত্তে লাগতিয়াল সকলো দিহা কৰি ৰখা হ’ল।
কন্যা নোৱাই-ধুৱাই, সাজ-পাৰ পিন্ধাই যথাৰীতি বহুৱাই
থোৱা হৈছে। কেইওফালে বেঢ়ি নামতীসকলে নাম গাব
লাগিছে।
লাহে লাহে ৰাতি ন বাজিল, বৰযাত্ৰীৰ গীত-বাদ্যৰ ৰোল
ৰিণি ৰিণি শুনা গ’ল। মাধৱে সহকাৰীসকলক সকলো দিহা
পোহা দি ভিতৰ সোমাল আৰু একেবাৰেই কন্যাৰ কাষ চাপি
মাত লগালে,—“মালবিকা।”
মালবিকা বিমৰ্ষ। মাধৱৰ মাত শুনি মূৰ তুলি চালে।
মাধৱে ক'লে,-“মালবিকা, ইমান দিন, একেলগে আছিলোঁ,
আজি আঁতৰি যাব; যদি কেতিয়াবা কিবা বেজাৰ দিছিলোঁ
ক্ষমা কৰিবা।”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
আবিষ্কাৰ
