হ'ল। ডেকাজনে মদ খাইছিল, কিয়নো তেওঁৰ মুখৰ পৰা
তেতিয়াও মদৰ ভেকেতা-ভেকেত গোন্ধ ওলাই আছিল।
গাভৰুৰ পৰা জনা গ'ল যে তেওঁ পঢ়াশালিত শিক্ষয়িত্ৰীৰ
কাম কৰে। আৰু এই বাটে দিয়েই দিনৌ অহা-যোৱা কৰে।
যিটো ঘৰৰ পৰা মানুহটো ওলাই আহিছিল, সেই ঘৰটো
মাদাহীৰ আডডা। তেওঁ স্কুললৈ যাওঁতে আহোঁতে মাজে মাজে
সিহঁতক লগ পায় আৰু সিহঁতে নানা প্ৰকাৰ অশোভনীয়।
মন্তব্য প্ৰকাশ কৰে, কিন্তু আজিৰ দৰে আগেয়ে কেতিয়াও
শাৰীৰিক বল প্ৰয়োগ কৰা নাছিল।
ডেকাই প্ৰতিবাদ কৰি ক'লে,-“তেওঁৰ কথা সম্পূৰ্ণ মিছা।
মোৰ লগত বহুত দিনৰে পৰা তেওঁৰ চিঠি পত্ৰৰ চলাচল আছে
আৰু প্ৰায় দুশ টকাৰ উপহাৰ মোৰ পৰা লৈছে। এতিয়া
মই জানিব পাৰিছোঁ তেওঁ আন এজনৰ লগত কাৰবাৰ
চলাইছে। এতিয়া মই চিঠি দিলেও উত্তৰ নিদিয়ে। সেই
কাৰণে মই মোৰ পৰা লোৱা উপহাৰৰ বস্তুখিনি ঘূৰাই দিবলৈ
লিখিছিলোঁ আৰু মুখেৰেও কৈছিলোঁ। কিন্তু তেওঁ
আজিলৈকে ঘূৰাই নিদিলে। আন উপায়েৰে একো
নোহোৱাত আজি বলেৰে আদায় কৰিব খুজিছিলোঁ। তেওঁৰ
ডিঙিত যে হাৰধাৰ আছে, তাক তেওঁ ক'ৰ পৰা পাইছিল
সোধকচোন। কাপোৰ-কানি আৰু আন বস্তু যিবোৰ নিছিল
মই এৰি দিলোঁ, কিন্তু হাৰধাৰ মই এৰিব নোৱাৰোঁ। হয়
মোৰ হাৰ ঘূৰাই দিব লাগিব, নহয় মই তাৰ প্ৰতিশোধ ল’ম।”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
আবিষ্কাৰ
