গাভৰুৱে ক'লে,-“গোটেইবোৰ সজা কথা, তাত সঁচাৰ
লেশমাত্ৰও নাই।”
ডেকাই ক'লে,-“সঁচা মিছা প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে।
তেওঁ নিজ হাতে লিখা চিঠিয়ে যদি মোৰ কথাৰ সত্যতা প্ৰমাণ
কৰে, তেতিয়া?”
গাভৰু নিমাত হ'ল। মাধৱ আৰু আন উপস্থিত লোক-
সকলে একোকে ঠাৱৰাব নোৱাৰিলে। এজনে ক'লে,-
“এওঁলোকৰ ভিতৰত কিবা এটা যে গোলমাল আছে, সেইটো
সঁচা বুলিয়েই মোৰ বিশ্বাস। সেই সম্পৰ্কে বহুতো মানুহে
আলোচনা কৰা মই বহুত দিন শুনিছোঁ।”
মাধৱে প্ৰথমে ভাবিছিল মানুহটোক লৈ গৈ থানাত
শোধাই দিব; কিয়নো নাৰীৰ প্ৰতি এনে দুৰ্ব্ব্য়ৱহাৰ কৰা
দুৰ্ব্বৃত্তৰ শাস্তি হোৱা নিতান্ত উচিত। কিন্তু সকলোবোৰ কথা
শুনি তেনে কৰা ভাল হ'ব নে বেয়া হ’ব একোকে ঠাৱৰাব
নোৱাৰিলে। গাভৰুৰ মতামত সুধিলত তেওঁ ক'লে,-
“থানালৈ নিলে কেলেঙ্কাৰীখন বাঢ়ি হৈ যাব আৰু সি নানা
মিছা কথাৰে মোক অপমান কৰিবলৈ বিচাৰিব। তাতকৈ যি
হ’ল হ’লএতিয়া ঘৰাঘৰি যোৱাই ভাল।”
ডেকাই ক'লে,-“কিন্তু মোৰ হাৰধাৰ?”
মাধৱে ক'লে,-“তোমাৰ যদি কিবা পাবলগীয়া আছে
তুমি তাক আইন-মতে আদায় কৰিবলৈ যত্ন নকৰি, গাৰ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪১
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
সভ্যতাৰ আবৰ্জ্জনা
