পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮
আবিষ্কাৰ


কৰিছে, তেওঁলোকৰ বহুতো মোৰ নমস্য়; তেওঁলোকৰ কথা সুকীয়া। কিন্তু তোমাৰ ৰূপ-যৌৱনৰ দ্বাৰা আকৃষ্ট হৈ যিসকল তোমাৰ সহচৰ হৈছে, তেওঁলোকৰ উত্তেজনা মাৰ যাবলৈ বেছি দিন নালাগিব। যদি বিপদৰ সম্মুখীন হ'ব লগা হলেও, তেওঁ- লোকৰ এই উৎসাহ, এই উত্তেজনা ৰৈ যায়, তেন্তে তেতিয়া মোৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হ'ম; আৰু যদি সাময়িক উত্তেজনা সময়ৰ লগে লগে মাৰ যায় তেন্তে মোৰ মত অভ্ৰান্ত বুলি প্ৰতিপন্ন হব।
 যাওক সেই কথা। তোমাৰ নিজৰ ৰক্ষাৰ নিমিত্তে মই যি ৰক্ষা-কৱচ নিৰুপণ কৰিছিলোঁ, সি এতিয়া নাই। এতিয়া তোমাৰ সহচৰ, অনুচৰ আদিয়ে যাতে তোমাক আকে অতীতৰ নৰক-কুণ্ডলৈ টানি নিব নোৱাৰে তাৰ বাবে সতৰ্ক হ'বলৈ নাপাহৰিবা। তুমি মোৰ কথা নামানিলা নাই, সেই বিষয়ে মোৰ সম্প্ৰতি কবলৈকো একো নাই; কিন্তু যদি তোমাৰ কাৰ্য্য়ই মোৰ সকলো চেষ্টা আৰু ত্যাগ-স্বীকাৰৰ সুফল নষ্ট কৰে, তেন্তে মোৰ অন্তৰত ব্যৰ্থতাৰ একুৰা জুই আজীৱন জ্বলি থাকিব।
 তোমাৰ মঙ্গল বিধানৰ নিমিত্তে সৰ্ব্বনিয়ন্তা ভগৱন্তৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা জনালোঁ। ইতি।”
 ইয়াৰ পিচত মাধৱে বহুত দিনলৈকে প্ৰতিমাৰ পৰা কোনো চিঠি পোৱা নাছিল।