পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ঊনবিংশ অধ্যায়।

-সভ্যতাৰ আবৰ্জ্জনা—

 মাধৱৰ ককায়েক যাদৱ একষ্ট্ৰা এচিষ্টেণ্ট কমিশনাৰ। তেওঁ এতিয়া ডিব্ৰুগড়ত। চাৰি বছৰমান আগতে তেওঁৰ বিয়া হৈ গৈছে। এতিয়া তেওঁৰ সংসাৰত তেওঁৰ পত্নী, এটা দুবছৰীয়া লৰা আৰু এটী কেচুৱা ছোৱালী। আজি দুবছৰ হ’ল, মাকো তেওঁৰ লগতে আছে। ঘৰুৱা কাম কৰিবৰ নিমিত্তে এটা লগুৱা আৰু এজনী বান্দী ৰখা হৈছে। মটৰ ড্ৰাইভাৰটোও তেওঁৰ টোলতে থাকে।
 ককায়েকৰ বিয়াৰ সময়তে মাধৱ এবাৰ ডিব্ৰুগড়লৈ গৈছিল; তাৰ পাচত গৈছিল দুবছৰ আগতে মাকক ককায়েকৰ ঘৰত থৈ আহিবলৈ। ইয়াৰ বাহিৰে তেওঁ ককায়েকৰ ঘৰলৈ যোৱা নাই। আগেয়ে যাবৰ বিশেষ প্ৰয়োজন নাছিল যদিও মাক থকাৰ পৰা মাজে সময়ে আহি গৈ থকাটো তেওঁৰ কৰ্ত্ত ব্য আছিল। তেৱোঁ সেইটো বুজিছিল, কিন্তু দুটা কাৰণত তেওঁ সেই কৰ্ত্তব্য পালন কৰিব পৰা নাছিল। এটা হৈছে অকল দেখা-সাক্ষাতৰ নিমিত্তে দুই-এসপ্তাহৰ আজৰি উলিওৱা তেওঁৰ পক্ষে সহজ কথা নাছিল। আনটো হৈছে মাকক তেওঁ যেনেকৈ মান কৰিছিল, তেনেকৈয়ে ভয়ো কৰিছিল। ককায়েকৰ বিয়াৰ পিচৰ পৰাই মাধৱৰ বিয়াখনো চাবলৈ