পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

সপ্তদশ অধ্যায়।

-বাৰ্ষিক উৎসৱ-

 সেৱা-সমিতিৰ কাৰ্য্য়কাল এবছৰ পূৰ হ'ল। সমিতিৰ নিয়ম মতে বছৰৰ অন্তত এটি বাৰ্ষিক অধিবেশন বা উৎসৱ পাতিব লাগে আৰু তাতেই নতুন বছৰৰ নিমিত্তে নতুন কাৰ্য্য়- কাৰক নিৰ্ব্বাচিত হ'ব লাগে। সেই মতেই মাধৱে নিগাজী সভাপতিৰ লগত পৰামৰ্শ কৰি বাৰ্ষিক উৎসৱৰ, আয়োজন কৰিলে। জজৰ কাছাৰীৰ ওচৰৰ বাকৰিত সভাৰ স্থান নিৰ্দ্দিষ্ট হ'ল, নগৰৰ সকলোকে নিমন্ত্ৰণ কৰা হ'ল। উৎসৱৰ সভাপতিত্ব কৰিবলৈ জিলাধিপতিক অনুৰোধ কৰিবৰ নিমিত্তে ৰায় চাহাবে প্ৰস্তাব দিছিল, কিন্তু কাৰ্য্য়-নিৰ্ব্বাহক সভাৰ অধিকাংশ সভ্য তাত অমত হোৱাত তেওঁৰ প্ৰস্তাব অগ্ৰাহ্য হ'ল। অধিকাংশ সত্যৰ ভোটেৰে সভাপতি নিৰ্ব্বাচিত হ’ল সমৰেন্দ্ৰ বৰবৰুৱা নামে এজন বিশিষ্ট কংগ্ৰেচ-নেতা। কোৱা বাহুল্য যে কাৰ্য্য়-নিৰ্ব্বাহক সভাৰ বেচি ভাগ সভ্য় ইয়াৰ ভিতৰতে কংগ্ৰেছ দলভুক্ত হৈছিল।
 নিৰ্দিষ্ট দিনত সভা বহিল। সভাৰ পৌৰোহিত্য কৰিলে সমৰেন্দ্ৰ বৰুৱাই। তেওঁৰ অভিভাষণত সেৱা-সমিতিৰ প্ৰয়োজনীয়তাৰ কথা অলপ অচৰপ থাকিলেও ঘাইকৈ