পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩ )

লৰা কাল পঢ়া ভাল
সজ কাম ভাল নাম
ধন যাৰ বল তাৰ
এই কথা জানা সাৰ

 
পাঠ শিকা আখৰ লিখা
লৰা মতি সৰল অতি

 
ধনী যি মানী সি
হাতী জাতি বলী অতি

 
শুনা শিশু এই সাৰ
দুখ যাৰ সুখ তাৰ