সমললৈ যাওক

পৃষ্ঠা:আত্ম-পৰিচয়.djvu/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

FISH পাতনি ৷ ঈশ্বৰ, ঈশ্বৰৰ সৃষ্টি অৰ্থাৎ জীৱৰ জন্ম-মৃত্যু, জীৱাত্ম৷ আৰু পৰমাত্মাৰ লগত দেহৰ সম্বন্ধ, পাপ-পুণ্যৰ অনুষ্ঠান, স্বৰ্গ-নৰক, বিশ্বব্ৰহ্মাণ্ড আৰু তাৰ জীৱ সকলৰ বিশেষ বিবরণ ইত্যাদি বিষয় জনা আৰু জানিবলৈ চেষ্টা কৰাই মানুহৰ প্ৰধান কৰ্ত্তব্য কাম। এই সকল আধ্যাত্মিক কথা গুৰু আৰু শাস্ত্ৰৰ পৰা পোৱা যায় বুলি (মহৎ লোকৰ মুখত ) এট। প্রবাদ আছে। যদিও আমাৰ অজ্ঞানতা দোষতেই হওক বা দুৰ্ভাগ্যৰ কাৰণেই হওক, সেই কথাৰ উপলব্ধি কৰিব পৰা নাই, তথাপি আজি অনেক দিনৰ পৰা এই বিষয়ে আলোচনাত থাকি শ্ৰীমদ্ভাগৱত শাস্ত্ৰাদিৰ পৰা যি কিছু অভিজ্ঞতা লাভ কৰিব পৰা গৈছে, তাক জ্ঞানী আৰু ভক্তবৃন্দৰ আগত উপহাৰ দিয়াৰ অভিপ্ৰায়ে এই সৰু পুথি খনি লেখি প্ৰকাশ কৰা হ'ল। এই বিষয়ে কিমান কৃতকাৰ্য্য হব পাৰিলোঁ, সি পাঠক মহোদয় সকলৰ বিচাৰ্য্য। সি যিয়েই হওক, সম্প্রতি সুধি-ভক্ত পাঠক সকলে এই সৰু পুথি খনি পঢ়ি অলপ সুখানু- বোধ কৰিলেই মোৰ শ্ৰম আৰু অর্থ ব্যয় সকলো সফল হব । প্রকাশ থাকিল যে, যদি ই আমাৰ সমাজত অলপ আদৰণীয় হয়, তেন্তে ভৱিষ্যতে সৰ্ব্ব মঙ্গলৰ কাৰণ ভগৱন্তে সময় ও মতি দিলে এই বিষয়ে বহলাই লেখিবলৈ আশা থাকিল । অৱশেষত সলাগ লৈ কওঁ যে, ইয়াক গুৱাহাটী লতাশিল M. E. স্কুলৰ হেড, মাষ্টৰ পঞ্চতীর্থ আৰু মহাপুৰুষ শ্ৰীশঙ্কৰ দেৱ আদি পুথি লিখোতা শ্ৰীমান হৰমোহন দাস B. A. বপাটিয়ে অলপ দৃষ্টি কৰি চাই হাত ফুৰাই দিছে। ইতি— ২০ ভাদ, ৪৭৮ শঙ্কৰাব্দা, ১৩৩৩ সন । শ্রীহলিৰাম মহন্ত ঠাকুৰ । চকা ৰাউসী সত্ৰ ।