পৰা আৰম্ভ কৰি শ্ৰীগোবৰ্দ্ধনানন্দ শাস্ত্ৰবাৰিধি নাইবা ৰাজা বাহাদুৰ
বিন্ধ্যনন্দন হস্তীলৈকে সকলোৱে জানে। মোৰো দৈব-দুৰ্ব্বিপাকত
সিদিনা তেনে দশাই হৈছিল।
দুপৰীয়া গাটো তিয়াই গোসাঁই-ঘৰত সোমাওঁ বুলি গৈছোঁ।
মাথোন, এনেতে এদল মানুহ আহি মোৰ চৰা ঘৰত সোমাই চিঞৰ-
বাখৰত তলত মাটি ওপৰ কৰি পেলালে। মই বিপদ গণিলোঁ।
সিফালে বাড়ি থোৱা ভাত-আঞ্জাই খাহি খাহি বুলি মাতিব লাগিছে,
কেনেকৈ গোসাঁই-সেৱাফেৰা সমাপন কৰি পেটৰ জুই আৰু মুখৰ
লালটিৰ শাম কটাম তাকে ভাবি মন উদ্ধাউল হৈ উঠিছে, এনে
সময়ত এই নভবা-নিচিন্তা আহুকাল! সেই হে একো একোবাৰ
বানপ্ৰস্থী হবলৈকে মন যায়। ইমান দিনে কিজানি হলোৱেইহেঁতেন,
মুঠেই বনত ৰাতিপুৱা-আবেলি চাহ-জলপান, দুপৰীয়া-গধূলি ভাত-
মুঠি, আৰু ঘাইকৈ ডাৰেপতি একে৷ চিলিম ধপাতৰ যোগাৰ
কেনেকৈ হব, তাৰ কোনো ব্যৱস্থা স্থিৰ কৰিব নোৱৰাত হে ষ’ৰে
মানুহ ত’তে থাকিব লগাত পৰিছোঁ। মই উমানতে বুজিলো, এই
দল সনাতনী কোদো, কাৰবাক বিন্ধিবলৈ ইহঁতৰ হুলবিলাক শানত
দি ফুৰিছে। এনে অসময়ত এনেকৈ এই বাহ কোদে৷ সোমোৱা
দেখি মোৰ মনটো কোঁচ-মোচ খাই গ'ল, পেটে পেটে যে খং উঠা
নাছিল, সিও নহয়।
সি যি কি নহওক, মনৰ ভাবটো চেপি ৰাখি
প্ৰশ্ন কৰিলোঁ,—“আপোনালোক কলৈ যায়?”
দলৰ মুখিয়াল জনৰ নাম ভোকোন্দাই অধ্যাপক; তেওঁ
কলে,—“আপোনাৰ ওচৰলৈকে আহিছোঁ।”
পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
সনাতন ধৰ্ম্ম