সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাহিনী—নম্বৰ সাত ৷ সনাতন ধৰ্ম্ম । (১৮৫৬ শক )

চাৰিওফালে বিয়াগোম ঢৌ উঠিছে—মহাত্মা গান্ধীয়ে বোলে সনাতন হিন্দুধৰ্ম্মৰ দহা-কাজ, সপিণ্ডীকৰণ আদি সকলোখিনি শেষ কৰিবলৈ কঁকালত টঙ্গালী বান্ধি লাগিছে ; বামুণ-চঁৰাল, পণ্ডিত- মূর্খ, ধাৰ্ম্মিক-মেলেছ সকলোকে একেটা বৰ সবাহতে সুমাই দি নামকীৰ্ত্তন কৰোৱাই সনাতন হিন্দু সমাজৰ ৰাজহুৱা নাম ঘৰৰ মূধলৈকে হেনো অশুচি কৰি দপদপাই ফুৰিছে ৷ ৰেল-জাহাজ, হোটেল-ডাকবঙ্গলা আদিত আহাৰ-বিহাৰ কৰি; কেকোৰা-ভেকুলি আদিৰ পৰা সডিম্ব ৰাম পাৰলৈকে খাদ্য, হুইস্কি, ব্রাণ্ডি, চেম্পেইন, লাওপানী আদিলৈকে পানীয় আৰু অন্যান্য চর্ব্য-চুষ্য-লেহ্য-পেয় উদৰস্থ কৰিও হিন্দুৱে যি ফেৱা ধৰ্ম্ম ৰক্ষা কৰিছিল, গান্ধীৰ প্ৰতাপত সিও বোলে যায় যায় ! গান্ধীয়ে বোলে অকল মানুহৰ জাত-কুল মৰিয়েই এৰা নাই, দেৱতাৰে৷ জাত মাৰি আনিছে ৷ মই এইবোৰ কথা জানিলেও বিশেষ কাণসাৰ কৰা নাছিলোঁ ; কাৰণ মোৰ হাঁহেৰেও ভাল, মাহেৰেও ভাল । কিন্তু কাণসাৰ নকৰিলেই যে আহুকালবিলাকো আঁতৰি থাকিব, সেইটো আশা কৰাই ভুল। সংসাৰত থাকিলে যে কত নোহোৱা-নোপজা, নভবা-নিচিন্তা ঘটনাৰ লগত সমুখা-সমুখি হব লগা হয়, তাক সংসাৰত থকা বগাই-কলাইৰ