সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাহিনী—নম্বৰ দুই । ভূগোল-শিক্ষা ৷ ( : ৮৩২ শক ) সময় দুপৰীয়া । বেলিয়ে হেজাৰ হাতেৰে আৰিয়া ধৰি, নাচি-বাগি সংসাৰ-ভাওনাঘৰত সোমাই দৰ্শক প্ৰাণীমণ্ডলীৰ শুকান পিঠিৰ ছাল আধাপোৰা কৰা দেখি সকলো পলাই ফাঁট মাৰিছে ৷ বাট পথ শূন্য ; গছ-গছনি তলমূৰ ৷ মাথোন শিলেৰে বুকু বন্ধোৱা আলি বাট কেইটাই বুকু ফিন্দাই শুই আছে, আৰু বেলিৰ পৰাক্ৰম ব্যৰ্থ থোৱা দেখি মিচিক মিচিক হাঁহিছে । ঠিক এনে সময়তে মই কোনো এঠাইলৈ যাবলৈ বাধ্য হৈছিলোঁ, আৰ বেলিৰ উদ্ধতালি দেখি আগ ধৰি সতৰ্ক হৈ অসমীয়া “হেট” অৰ্থাৎ জাপি এটাৰে তলিয়াৰে ভাত-চৰু ঢকা দি মোৰ উত্তমাঙ্গ ঢাকি 'লৈছিলোঁ । বেলিয়ে টকৌপাতেৰে চোৱা সেই শিৰস্ত্ৰাণ ভেদ কৰিব নোৱাৰি, সম্ভবতঃ অপমান বোধ কৰি, ৰ'দ-ঘাইত বহি থকা কাছই মানুহৰ গম পাই লৰ মাৰি পিটনিত সোমোবাৰ দৰে, লৰ মাৰি গৈ ক'লা ডাৱৰ এচপৰাৰ তলত সোমাল । বেলিৰ বেজাৰত অৱশ হোৱা হাতৰ পৰা আৰিয়াবোৰ এটা এটাকৈ সৰি পৰিবলৈ ধৰিলে, আৰু তাৰ পিচতে কাণ তাল মৰা মূৰ টিং-টিঙাই যোৱা কান্দোনৰ সুৰ আহি মোৰ কাণৰ ফুটাত সোমাবলৈ ধৰিলে ৷ শেহত বাৰিষাৰ ঢল পানীৰ সোঁত বোৱা দি তেওঁৰ চকুৰ পানীৰ