সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঈশ্বৰক পায় ? কৰি সকলো যদি ঈশ্বৰৰ অন্তৰ্গত, তেন্তে তেওঁক নোপোৱাকৈ সাৰিব কেনেকৈ ? আৰু যদি আপুনি এনে কাৰবাৰ কথা কৈছে যি বৰ খুটাৰ ওচৰত বৰ গাৰুত আউজি, কথা পাগুলি পাগুলি, কাৰ পৰা কি আদায় কৰিব তাৰ চিন্তাত মগ্ন যাকে, আৰু ভক্ত সকলে দুৱৰী, প্ৰহৰী, ৰাজ-মেধি, পাখি-মেধি, নাইবা চাপ্ৰাছী- বেহেৰাক সন্তুষ্ট কৰি হে তেওঁৰ কাষ চাপিব পাৰে, তেন্তে সেই জনক নোপোৱাটো বা সেইজনে নোপোৱাটোৱেই মঙ্গল। সেই দেখি এইটো নিশ্চয় যে হয় ঈশ্বৰ নাই, নহয় তেওঁক সকলোৱেই পাব ।” মোৰ কথাত সেই মূৰ্ত্তিয়ে মুখ বিকটাই অলপমান বেলি টেলেকা-টেলেকি কৈ চাই থাকি কলে,–“আপুনি যাওক । আপুনি হয় নাস্তিক, নহয় পগলা ।” “ভাল কথা”—এই বুলি মই যোৱা বাটেই গুচি গলো ।