সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[110] 'আপোনালোকৰ ওচৰত মোৰ এইখিনি দোষ ক্ষমিব বুলি আশা কৰিলোঁ । সনাতন হিন্দুৰ প্ৰাতঃ কালৰ পৰা ৰাতি শোৱালৈকে যিবোৰ বাঁধা বাঁধি নিয়ম (বিধি নিষেধ) আছে। সেইবোৰ নিয়ম প্রতিপালন কৰিলে শাৰীৰিক উন্নতিৰ লগে লগে জ্ঞানৰো উন্নতি সাধিত হয়। ইয়াক বুজাবলৈ যথাশক্তি চেষ্টা কৰিছে।। এনেকুৱা অতি গুৰুতৰ কাৰ্য্যলৈ আগবঢ়া মোৰ নিচিন৷ মূৰ্খ মানুহক যদিয়ো শোভা নাপায়, তথাপি হুপণ্ডিত সকলোক এই বিষয় উদগনি দিবলৈ আগবঢ়োৱাই মোৰ অনবতম উদ্দেশ্য। নাজানো ইয়াৰ দ্বাৰা সনাতন হিন্দু-ধৰ্ম্মৰ তথা সেই ধৰ্ম্মীলিাকৰ কিমানখিনি উন্নতি সাধন কর। আশা কৰে। পাঠক সদাশয়ে এই প্ৰবন্ধৰ 'উলিখিত নিয়মৰোর উদ্দেশ্য বুজিবলৈ নিজে যত্ন কৰি অতিৰিক্ত যুক্তি তর্ক আলোচনা কৰি উলিয়াই তাক প্ৰতিপালন কৰিব। আৰু আনকে৷ তেনে কৰিবলৈ উপদেশ দি ধৰ্ম্মৰ প্ৰকৃত উন্নতি সাধন কৰিব । অৱশেষত এইখিনিয়ো মোৰ অনুৰোধৰ বিষয়, যে মনুষ্য মাত্রেই ভ্রম-প্রমাদযুক্ত, গতিকে মোৰ সমস্ত ভ্রম-প্রমাদ নিজগুণে ক্ষমিব। ইত্যলমধিকেন—

দোষ -গ্ৰন্থকাৰ