সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

= আষাৰ বিজ্ঞান হলে পানী দূষিত হয়। গৰুৰ আগত নিষেধ কৰাৰ কাৰণ এই- তাক গৰুৱে খাব পাৰে। খালে, তাৰ ৰস দুগ্ধৰূপে পৰিণত হৈ দুগ্ধক দুখিত কৰে । মানুহৰ জাগত নিষেধ কৰাৰ কাৰণ এই যে তাৰ দুৰ্গন্ধ মানুহৰ শৰীৰত প্রবিষ্ট হব আৰু সেয়ে হলে মানুহৰ স্বাস্থ্য ক্ষতি হব ৷ বাটত নিষেধ কৰাৰ কাৰণ এই যে সেই বাটেৰে নিজে বা আন মানুহে অহা যোৱা কৰাত সেই মলাদিৰ দুৰ্গন্ধ শৰীৰত প্ৰবেশ কৰি স্বাস্থ্যৰ অনেক হানি কৰিব । কোৱা বাহুল্য প্রদর্শিত দোষ দুষ্ট পানী দুগ্ধ বায়ু সেবন কৰিলে আয়ুক্ষয় অনিবাৰ্য্য । মহুৱে লিখিছে— ন মূত্রং পথি কুব্বীত ন ফালকষ্টে ন জলে ন জীর্ণ দেবায়তনে ন ভস্মানি ন গেব্রিজে। চিত্যাং নচ পর্বতে। ৰক্ষ্মীকে কদাচন । ন স সত্ত্বেষু গৰ্ত্তে ন গচ্ছন্নাপি সংস্থিতঃ । ন নদীতী মাসাহ্য ন চ পর্বতমস্তকে । বায় রাগ্নিবি প্রাণাদিত্যমপঃ পশ্যংস্তথৈবচ । ন কদাচন কুৰ্ব্বীত বিণ, মুত্রস্থ্য বিসজ্জনম্ ॥ অর্থ— বাটত, ভস্মত, গৰু ৰখা ঘৰত, হালবোৱা মাটীত, পানীত, চিতাত, পৰ্ব্বতত, ভাঙা ঘৰৰ তলত, গোসাই ঘৰত, উই তোলা মাটিত, প্রাণী থকা গাঁতত, নদীৰ পাৰত, পৰ্ব্বত শৃজত বায়ু, অগ্নি, মানুহ আদিত্য ও জনৰ আগত কেতিয়াও বিষ্ঠা মূত্ৰ ত্যাগ নকৰিব আৰু খোজ কাঢ়ি কাঢ়ি আৰু থিয় হৈয়ো মূত্ৰাদি ত্যাগ নকৰিব। এই সকলৰ তাৎপৰ্য্যাপ এই যে ভস্মত মুত্রাদি