জোৰেৰে চেপি ধৰিছে সি তাইৰ হাতখন।
অনুৰাগে চাৰিওদিশে সতৰ্ক দৃষ্টি নিক্ষেপ কৰিছে। চৌদিশে জিলিৰ মাত... মাজে মাজে ধৰফৰাই বিকত শব্দ কৰি উৰি গৈছে নৈশ পক্ষী।
চিন্তিত হৈ পৰিছে অনুৰাগ। নিশাটো কেনেকৈ কটোৱা যায়? এনেকৈ এই হাবিতলীয়া অচিন পথটোত ঘূৰি থকাটো অকণো সুৰক্ষিত নহয়।
অনুৰাগ চিন্তিত হৈ পৰিছে।
নিজৰ বাবে নহয়, অমৃতাৰ বাবেহে।
যিকোনো মুহূৰ্ততে জপিয়াই ওলাই আহিব পাৰে মৃত্যুদূত... জীৱ জন্তুৰ ৰূপত, সৰীসৃপৰ ৰূপত নতুবা সন্ত্ৰাসবাদীৰ ৰূপত।
অনুৰাগে বেগখন নমাই খুলি লৈ কিবা খুচৰাত লাগিল।
: ৰিভলভাৰতকৈ বেছি এইখনৰেই প্ৰয়োজন হব এতিয়া।
খুকুৰীখন আৰু এডাল মিহি শিকলি বেগৰ পৰা উলিয়াই হাতত লৈছে সি। অবিন্যস্ত কেঁকোৰা চুটি চুলি কেইডালমান তাৰ কপালত পৰিছেহি। মন্ত্ৰমুগ্ধৰ দৰে অমৃতা আগুৱাই আহিল অনুৰাগৰ নিচেই কাষলৈ... অনুৰাগৰ সুঠাম, ওখ শৰীৰটোৰ সন্মুখত নিজৰ ভৰিৰ আঙুলিৰ ওপৰত গোটেই শৰীৰৰ ভৰ দি থিয় হৈছে তাই। তেনেকৈ থিয় হলে কোনোমতে তাইৰ কপালে অনুৰাগৰ থুতৰি চুৱে।
অমৃতাই শাৰীৰ আঁচলেৰে আলফুলে মুচি দিলে অনুৰাগৰ কাণৰ কাষেৰে কপালৰ পৰা তললৈ বৈ অহা ঘামৰ কণিকাবোৰ।
চকুৰ পলক পেলোৱা নাই অনুৰাগে... সুগভীৰ দৃষ্টিৰে চাই ৰৈছে অমৃতাৰ মুখলৈ। তাইৰ কপালৰ আগত অবাধ্য চুলি দুডালমান আহি আমনি কৰিছেহি.... মুখমণ্ডলত ছা- পোহৰৰ যুগলবন্দী।
বিৰাট মৰম লাগিছে অমৃতালৈ।
ইমান আকৰ্ষিত কিয় হয় সি?
কি আছে এই মুখখনিত?
...যি সি আজিলৈ কোনো অন্য সুন্দৰী নাৰীৰ মুখত বিচাৰি নাপালে...নেদেখিলে!!
ভৰ নদীখনৰ কল্লোল তৰংগৰ দৰেই প্ৰেমৰ এক অনন্য তৰংগই আলোড়িত কৰিছে দুয়োৰে শৰীৰ, মন। অনন্য এই অনুভূতি ... অনন্য প্ৰেমৰ এই আলোড়ন!! যাক উপেক্ষা কৰাটো মাত্ৰ কষ্টকৰেই নহয়, অসম্ভৱো। ওখ ওখ গছবোৰৰ পাতৰ আঁৰে আঁৰে সৰি অহা জোনাকে লুকাভাকু খেলিছেহি অমৃতা আৰু অনুৰাগৰ মুখত।
তৰাভৰ্তি ফুটচাই বৰণীয়া আকাশখনৰ বুকুত তেতিয়া ভৰ জোনাক.. ডাৱৰৰ বুকুত পাতল সোণোৱালী আচল মেলিছে জোনটোৱে ...
শ্ৰুতিগোচৰ হৈছে বোৱতী নদীৰ কল্লোলিত সুৰ ... আৰু সোঁ-সোঁৱাই বলা চেঁচা মলয়া।
০০ ০০ ০০
: ডেম ইট। ডেম ইট।
মোবাইলটো থেকেচি দিছে খঙতে শ্যামলীয়ে।
কিমান বাৰ যে তাই অনুৰাগ আৰু অমৃতালৈ ফোন লগাইছে তাৰ হিচাপ নাই। প্ৰতিবাৰেই সেই একেই উত্তৰ “নট ৰিচ্ছেবল”।
কি হব পাৰে?
অনুৰাগে তাইলৈ এবাৰো ফোন কৰাটো জৰুৰী বুলি ভবা নাইনে সচাকৈ?
আৰু অমৃতা?
অদিতিৰো চিন্তান্বিত মুখ।
এসপ্তাহ পাৰ হৈ গৈছে, অনুৰাগ আৰু অমৃতাৰ একো খবৰ নাই।