পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭

 ইচ্ছাকৃতভাৱেই, অকলশৰীয়াকৈ দুয়ো দুয়োৰে লগত অকণমান সময় কটাক বুলি ভাবি প্ৰথমতে তাঁহাতেও আমনি কৰা নাছিল।

 কিন্তু, এতিয়া অনুৰাগ নতুবা অমৃতাৰ লগত ফোনৰ যোগাযোগ পোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে .... বিশেষকৈ ভাস্কৰ দত্ত মুম্বাই এৰি গুচি যোৱাৰ খবৰটো অনুৰাগক দিয়াটো অত্যন্ত জৰুৰী হৈ পৰিছে।

 ভাস্কৰ দত্ত আৰু কেইজনমান উচ্চপদস্থ অফিচাৰৰ বিপৰীতে বৃহৎ পৰিমাণৰ চৰকাৰী টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগৰ গোপনীয় তদন্ত আৰম্ভ হোৱাৰ সময়তে ভাস্কৰ দত্ত মুম্বাই এৰি গুচি গৈছে।

 তদন্তৰ পৰা হাত সাৰিবলৈ ভাস্কৰ দত্ত এনেকৈ মুম্বাই এৰি গুচি গৈছে নে ভাস্কৰ দত্তৰ মগজুত কিবা প্লানিং চলি আছে। অনুৰাগ আৰু অমৃতাক লৈ ... সেয়াই মূৰৰ কামোৰণী হৈ পৰিছে অদিতি আৰু শ্যামলীৰ বাবে।

 অমৃতা আৰু অনুৰাগৰ বিষয়ে প্ৰশ্ন সুধি সুধি অদিতি আৰু শ্যামলীকো ব্যতিব্যস্ত কৰি তুলিছিল সি মুম্বাই এৰি গুচি যোৱাৰ আগতে।

 বিমৰ্ষ হৈ পৰিছে দুয়োজনী।

 : মোৰ কিন্তু বিৰাট চিন্তা লাগিছে শ্যামলী। ভাস্কৰ দত্ত মানুহজন অলপ বেলেগ ধৰণৰ।

 : কিবা কৰিব লাগিব বা।

 : .....হুমম।

 : তোমাৰ প্ৰব্লেম হব চাগৈ। বিপ্লৱ দাই তোমাক যাব নিদিব। ময়েই গুচি যাওঁ।

 অলপদেৰী চিন্তা কৰি কলে শ্যামলীয়ে।

 : .....

 শ্যামলীয়ে ঠিকেই কৈছে কিবা এটা কৰিবই লাগিব। নিশ্চয় কিবা অসুবিধাত পৰিছে অনুৰাগ আৰু অমৃতা। নহলেনো অমৃতাই তাইলৈ এবাৰো ফোন নকৰাকৈ থাকিবনে!!

 যাবলৈ তাইৰো মন গৈছে, কিন্তু বিপ্লৱে হয়তো মানি ন’লব।

 বিতৃষ্ণাত মুখখন কোচ খাই আহিছে তাইৰ।

 কিনো বাকি আছেগৈ বিপ্লৱ আৰু তাইৰ সম্বন্ধত?

 দুয়োৰে মাজত দূৰত্ব দিনক দিনে বাঢ়িহে আহিছে।

 অদিতিয়ে সহ্য কৰিব নোৱাৰা হৈ আহিছে বিপ্লৱৰ বিশৃংখলতা... দমনকামী স্বভাৱ৷ কম্প্ৰমাইজ আৰু কিমান কৰিব তাই এটা মিছা সম্বন্ধক আগুৱাই নিবলৈ!!

 : বা... কি ভাবিছা? কোৱা কিবা এটা।

 থতমত খাই উঠিল অদিতি। শ্যামলী যে তাইৰ পৰা নিশ্চিত কিবা উত্তৰৰ অপেক্ষাত আছে সেই কথা পাহৰিয়েই পেলাইছিল তাই।

 : আমি দুয়োজনী যাম। তুমি টিকেট কৰিবা নে, মই কৰিম?

 : ময়েই কৰিম বাৰু। বিপ্লৱ দা ...??

 : বাদ দিয়াহে বিপ্লৱৰ কথা। তেওঁ কৰবালৈ যোৱাৰ আগতে মোক সুধি যায় নেকি?

 : তথাপিও এবাৰ...

 : নোৱাৰোঁ বুজিছা শ্যামলী। আৰু পাৰিলেও নকৰোঁ। কম্প্ৰমাইজ কৰি কৰিয়েই জীৱন শেষ হব এতিয়া। তেওঁ মোৰ কাৰণে কি কম্প্ৰমাইজ কৰে হে?? মইহে সকলোফালৰ পৰা তাৰ লগত মিলিবলৈ চেষ্টা কৰোতে কৰোতে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব ধৰিছো। আৰু নোৱাৰি বুজিছানে, বিৰক্ত হৈ গৈছোঁ।

 হঠাতে খঙত ৰঙা পৰি অহা অদিতিৰ উত্তেজিত মুখখনলৈ তথা লাগি চাই ৰৈছে শ্যামলীয়ে।

 : মই আহোঁ এতিয়া। তুমি টিকেট কৰিবা পাৰিলে। দুয়োজনী যাম।

 : কোনদিনা যাম?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড