পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭

 সেই যে তাই প্ৰতিবাৰেই কয় অধিকাৰ নাই বুলি, তাৰ পিছতেই সৰু খণ্ডযুদ্ধ এখন লাগি যায় দুয়োৰে মাজত।

 কেতিয়াবা আকৌ দুয়োৰে কাজিয়া হয় উচিত অনুচিতক লৈ...বিশেষকৈ, যেতিয়া অনুৰাগে সম্পূৰ্ণ অধিকাৰেৰে ধৰি লয় তাইৰ হাতখন নিজৰ হাতৰ মুঠিত। সংকোচেৰে নিজৰ হাতখন আঁতৰাই আনিবলৈ চেষ্টা কৰে তাই।

 : হাতখনে কি জগৰ লগালে?

 : এয়া অনুচিত।

 : কিয় অনুচিত বাৰু? এনেকৈটো মই কিমান বাৰ সৰুতে ধৰিছো তোক। মোৰ হাতত নধৰাকে একো কামেই কৰিব নোৱাৰিছিলি তই। তেতিয়াটো একো কোৱা নাছিলি? এতিয়া প্ৰব্লেম কিয় হৈছে?

 : অনু তেতিয়াৰ কথা বেলেগ ... এতিয়া মই বিবাহিতা নাৰী। কাৰোবাৰ পত্নী।

 অনুৰাগ পুনৰ গম্ভীৰ হৈ যায় তাইৰ উত্তৰত।

 আঁহত দৃষ্টিৰে চাই ৰয় সি তাইৰ দুচকুলৈ.. শিৰৰ সেউতাৰ অকণমান ৰংটোলৈ। সেই দৃষ্টিত দৃষ্টি মিলাব নোৱাৰি তলমূৰ কৰি ৰয় তাই।

 অনুৰাগক মনত আঘাত দি তাতকৈও বেছি আঘাত পায় তাই নিজেই।

 তথাপিও তাই নিৰূপায় কাৰণ সেয়াই সত্য। আৰু সত্য সদায় কঠোৰ।

 তাই বুজাই অনুৰাগক।

 কিন্তু সি বুজিও যেন বুজিব নোখোজে।

 শিৰৰ সেন্দূৰৰ ৰংটো দেখিলেই অনুৰাগ উছপিচাই উঠে। মুখখন কঠিন হৈ আহে। হাতৰ মুঠি টান হৈ পৰে। ভাস্কৰ দত্তৰ আসুৰিক মুখাবয়ব দুচকুৰ আগত ভাঁহি উঠে।

 অমৃতাৰ হাতখন এৰি দিয়ে সি নিজৰ অজানিতেই।

 “সেন্দুৰটো মুচি পেলা”

 ক’ব খোজে সি।

 কিন্তু মুখ খুলি কব নোৱাৰে সি, ভিতৰি ছাটিফুটি মৰে। এক ধৰণৰ অনামী খঙে আৱৰি ধৰে তাক ... অভিমান এটা জাগি উঠে বুকুৰ একোণত ...তাই আজিও ভাস্কৰ দত্তৰ নামৰ সেন্দুৰ সৰুকৈ হলেও শিৰত সজাইছে।

 কিয়? ইমান নিষ্ঠুৰ, অসুৰিক প্ৰকৃতিৰ মানুহজনৰ নামত এতিয়াও সেন্দুৰ কিয় লগাইছে অমৃতাই??

 যিজন মানুহে তিলতিলকৈ তাইক শোষণ কৰি আহিছিল অতবছৰে...।

 শ্যামলীয়ে জনাইছিল তাক , ভাস্কৰ দত্তৰ বেইল হোৱাৰ কথা আৰু অমৃতাই অদিতিয়ে বহুবাৰ কোৱাৰ পিছতো এবাৰো নিজে উকিলক লগ ধৰিব নোযোৱাৰ কথা।

 কিয় এনেকুৱা কৰিছে অমৃতাই?

 ডিভোৰ্চ নিবিচাৰে নেকি তাই ভাস্কৰ দত্তৰ পৰা??

 মুক্তি নিবিচাৰে নেকি অমৃতাই সেই সম্বন্ধটোৰ পৰা??

 তথাপিও একো নকয় সি তাইক।

 কিছুমান সিদ্ধান্ত তাইৰ একান্ত নিজৰ, যত সি যুক্তি দিয়াটো অনুচিত।

 অভিমানত ৰঙা হৈ উঠে সি।

০০ ০০ ০০

 চিন্তা, ভয়, শংকাৰ মাজতো অনুৰাগৰ মাকৰ মুখত অকণমান সুখৰ ৰেশ বিয়পি পৰিছে ... অমৃতাৰ আগমনে পোহৰাই তুলিছে মানুহজনীৰ বয়সে শুষ্ক কৰি তোলা মুখ।

 অমৃতাৰ জীৱনত ঘটি যোৱা ঘটনাবোৰ শুনি দুখত ম্ৰিয়মান হৈ পৰিছিল মানুহজনী, যদিও এতিয়া তেওঁ মনেপ্ৰাণে বিচাৰে অনুৰাগৰ জীৱনত অমৃতা ঘূৰি অহাটো...।

 এই কেইদিনত তেওঁ লক্ষ্য কৰিছে সুখে বুৰাই পেলোৱা লৰা-ছোৱালীহালক।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড