পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৮

 কেতিয়াবা যদি কথা পাতিছে, কেতিয়াবা আকৌ অভিমানত উন্দুলি উঠে, কেতিয়াবা আকৌ কাজিয়া... আকৌ সেই কাজিয়াবােৰৰ মাজে মাজে তন্ময় হৈ ইটোৱে সিটোক চাই থকা ...

 তেওঁ দেখিছে, সেই চাৰিচকুৰ মিলনত সৰি অহা মুঠি মুঠি প্রেম, ভালপােৱা... অপাৰ মুগ্ধতা।

 ...অনুৰাগ আৰু অমৃতাৰ মিলন হওক।

 হুইল চেয়াৰত বহি ৰুদ্রাক্ষৰ মালা লৈ একান্তমনে জপ কৰে মানুহজনীয়ে।

 নৈশ আহাৰ খাই উঠি দুয়াে আগচোতালত দুখন চকীত বহি লৈছে।

 ফৰকাল আকাশ।

 জোনৰ স্নিগ্ধ পােহৰ পৰিছে আগচোতালত...বাৰাণ্ডাত। চোতালৰ বটলব্রাছ জোপাৰ পাতৰ আঁৰে আঁৰে সৰকি অহা। জোনাকৰ স্নিগ্ধ পােহৰ দুয়ােৰে গালে মুখে পৰিছেহি।

 তন্ময় হৈ চাই ৰৈছে অনুৰাগে অমৃতাৰ ধুনীয়া মুখখনিলৈ। কিবা চিন্তাত যেন বিভােৰ হৈ পৰিছে তাই।

 : কি ভাবি আছ ইমানকৈ?

 :... চাইছো। ইমান ধুনীয়া ন জোনটো!!

 : ওম ম ...

 কিছুদেৰী কিবা ভবাৰ দৰে কৰিলে সি।

 : উহু ... এই জোনটোতকৈ বেছি ধুনীয়া জোন মােৰ কাষতেই বহি আছে।

 তাৰ গভীৰ চকুহাললৈ স্থিৰ নেত্রে চাই ৰল তাই।

 : সচা কথা কৈছাে।

 সুগভীৰ দৃষ্টিৰে চাই ৰৈছে সি তাইৰ দুচকুলৈ।

 সেই দৃষ্টিত মুঠিয়ে মুঠিয়ে সৰিব ধৰিছে অপাৰ প্রেম... মৌন হৈ চাই ৰৈছে অমৃতাই... এজুলুকা অশ্রু ভৰি আহিছেহি তাইৰ দুচকুত।

 দুচকু জপাওঁতেই সৰ সৰাই বাগৰি আহিছেহি দুয়ােগালেদি তপত চকুলাে।

 কান্দোন এটা উজাই আহিছে বুকু ভাঙি..

 : কিয় কৈ থাক এইবােৰ মােক ?? কিয় ?

 থুকা থুকি হৈ পৰিছে তাইৰ কণ্ঠ।

 আৱেগিক হৈ উঠিছে অনুৰাগ।

 :কিয় নক'ম? মই কমেই ... আই লাভ ইউ অমৃতা। আৰু সেয়াই সত্য। মই তােক ভাল পাওঁ। বহুত ... বহুত ভাল পাওঁ।

 আৱেগত কম্পিত সুগভীৰ কণ্ঠ অনুৰাগৰ... সামান্য চঞ্চল হৈ উঠিছে অনুৰাগৰ গহীন গম্ভীৰ অবয়ব..এজন কিশােৰে নিজৰ প্রথম প্রেম নিবেদন কৰাৰ সময়ত অনুভৱ কৰা চঞ্চলতাৰ দৰে।

 এৰা, প্রথম প্রেমৰ প্রথম নিৱেদনেইতাে এয়া!

 জীৱনত প্ৰথমবাৰৰ বাবে প্রথম প্রেমে শব্দৰ ৰূপ লৈছে অনুৰাগৰ ওঁঠত... নিজৰ মনৰ ভাব মুখেৰে বিনাদ্বিধাই ব্যক্ত কৰিছে অনুৰাগে এই প্রথমবাৰ।

 অনুৰাগৰ হাতৰ উত্তাপে চুই গৈছে তাইৰ দুয়ােগাল। মনৰ আৱেগ, অনুভূতিবােৰ লিপিত খাই ধৰিছেহি তাৰ দুচকুৰ চাৱনিত।

 হুকহুকাই কান্দি উঠিছে তাই।

 :মই ইয়াৰ যােগ্য নহওঁ৷ নহওঁ মই যােগ্য তােৰ প্রেম পােৱাৰ.. এইবােৰ নক’বি মােক।মইতাে ... মইতাে এজন নিষ্ঠুৰ দানৱৰ হাতত কলুষিত হৈ পৰিছাে অনুৰাগ ..প্লিজ এইবােৰ নক’বি।

 : কলুষিত .. ?? মােৰ প্ৰেম ভালপােৱাক শৰীৰ সৰ্বস্ব বুলি কিয় ভাবি লৈছ? সি তােৰ শৰীৰ চুইছে, মই তােৰ প্রাণ,

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড