পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭

 কিন্তু, .....কিন্তু অনুৰাগ ক’ত এতিয়া?

 ক’ত আছে সি?

 এবাৰলৈও ভাবিছেনে সি তাইৰ কথা?

 তাইলৈ এবাৰ ফোন কৰাৰ প্রয়ােজন বােধ অনুভৱ কৰা নাইনে সি?

 অনুৰাগৰ নাম্বাৰটো তাই আকৌ এবাৰ ডায়েল কৰিলে। সেই একেই উত্তৰ। নত ৰিচ্ছেবল।

 বিষাদে নিজৰ ৰং সানিছে তাইৰ সমগ্র মুখমণ্ডলত ...সােণ বৰণীয়া মুখখনি শেঁতা, বিবর্ণ হৈ পৰিছে। কি কাৰণ থাকিব পাৰে অনুৰাগৰ ফোনটো নত ৰিচ্ছেবল হৈ থকাৰ ?

 নে ইমান বছৰৰ মূৰত গাঁৱত গৈ ব্যস্ততাৰ পৰা আঁতৰত একান্ত ব্যক্তিগত সময় কটাবলৈ স্বইচ্ছাই ফোন অফ কৰি ৰাখিছে সি??

 হে প্রভু, সেয়াই হওক। সেয়াই হওক৷

 দুৰু দুৰু বুকুৰে দুচকু জপাই ভগৱানক মিনতি কৰিলে অমৃতাই।

 সৰু পকী ৰাস্তাত ৰিক্সাখন গৈ থাকিল।

 ৰিক্সাখনৰ গতিয়ে এটি মৃদু হেন্দোলনী তুলিছে অমৃতাৰ শৰীৰত। ৰিব ৰিব বতাহ এছাটিয়ে চুই গৈছেহি তাইক.. কঁপাই তুলিছে তাইৰ নীলা শাৰীৰ আঁচল।

 সৰু তিনিআলিৰ কেঁকুৰীটোৰ পৰা ৰাস্তাটো বেয়া। ৰাতি বৰষুণ দিছিল হয়তাে ..।

 পকী ৰাস্তা যদিও মাজে মাজে পানীভর্তি সৰু সৰু গাত। ইয়াৰ পৰা এক কিলােমিটাৰমান দূৰৈত অনুৰাগহঁতৰ ঘৰ।

 গাঁওখন আপােন হলেও ইমান বছৰৰ মূৰত হয়তাে তাইৰ কোনাে আপােন মানুহ নােলাব ইয়াত। সেয়ে তাই চিধাই অনুৰাগহঁতৰ ঘৰত উঠিবগৈ।

 আগতে এইবােৰ কেঁচা ধূলিময় ৰাস্তা আছিল। কেঁচা ৰাস্তাটোৰ দুয়ােকাষে আছিল ওখ ওখ শাৰী শাৰী সেউজীয়া গছগছনি। এই ৰাস্তাটোতেই সৰুতে ধূলিত উমলিছিল অমৃতা অনুৰাগহঁতে সমনীয়াৰ সৈতে... কঁকাল, পিঠিত পাতল কাপােৰ বান্ধি চৰাই হৈ উৰিছিল ...

 আনৰ বাৰীৰপৰা বগৰী, জামু, শিলিখা, আমলখি বুটলি খাইছিল, হাবিয়ে বননিয়ে বনৰীয়া হৈ ঘূৰিছিল... আৰু যে কত কি!!

 অমৃতাই মন কৰিলে ৰাস্তাৰ কাষৰ গছ গছনি বােৰ আগতকৈ কমি আহিছে, আৰু তাৰ ঠাইত আছে শাৰী শাৰী ওখ বিদ্যুতৰ পকী খুটা।

 বাঁহৰ বেৰৰ জলঙাৰে বাহিৰৰ ফৰিং ফুটা জোনাক দেখা পােৱা ঘৰ বােৰ এতিয়া নাই। কেইঘৰ মানৰ বাহিৰে বেছিভাগ ঘৰেই পকী হৈছে ...।

 সন্মােহিত দৃষ্টিৰে অমৃতাই চাই ৰৈছে তাইৰ একালৰ মৰমৰ গাঁওখন।

 এইখিনিতে কমল খুড়াৰ ঘৰ আছিল। আকৌ অলপ আগলৈ গলেই ৰমলা পেহীৰ ঘৰ... তাৰপিছত আকৌ অকন ককাইদেউৰ ঘৰ ।

 অমৃতাই আপােনপাহৰা হৈ ৰাস্তাৰ ইপাৰে সিপাৰে চকু জুৰুৱা বিস্তীর্ণ পথাৰবােৰলৈ চাই পঠিয়ালে.. পলসুৱা পথাৰৰ নকৈ চহােৱা বােকা মাটিত লহপহকৈ বাঢ়ি আহিছে খেতিয়কৰ সেউজীয়া সপােনবােৰ.. বতাহত ভাহি আহিছে সেই পুৰণি চিনাকি সুঘ্রাণ... পলসুৱা বােকামাটিৰ আৰু শাওনৰ সেউজীয়াৰ।

 “অনু চাচোন ছা, মই পাৰিছাে মই পাৰিছাে”

 দুয়ােহাত বতাহত দুফালে মেলি মেকুৰী খােজ দি আগবাঢ়িছে তাই পথাৰৰ মাজৰ সৰু সৰু আলিৰ ওপৰেদি।

 হঠাতে ‘জপং’ কৈ পথাৰৰ চহাই থােৱা কোমল বােকা মাটিৰ ওপৰত পৰি গৈছে তাই।

 সশব্দে হাঁহি উঠিছে অনুৰাগ।

 দৌৰি আহিছে সি। দুয়ােহাত আগবঢ়াই উঠাই আনিছে বােকাত লুতুৰী পুতুৰী অমৃতাক।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড