পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০২


মোৰ ভেনিচ ভ্ৰমণ

দেৱীকা বৰপূজাৰী

 জীৱন অদ্ভুত ধৰণৰ এক সাঁথৰ, কেতিয়া ক’ত কাৰ কি হয়, কোন ক’ত থাকিব লগীয়া হয়, কোন ক’লৈ যাবলগীয়া হয় একোকে পূৰ্ব নিৰ্ধাৰিত নহয়। মোৰ বেলিকাও সেয়ে হৈছিল। লৰা পেৰিছত পঢ়ি আছিল, গ’ল আমেৰিকা লৈ। চেমিনাৰত যোগ দিবলৈ! অহাৰ আগদিনা ৰেস্তোৰাত খাবলৈ বহুতে লগৰ লেবানন ৰ লৰা এটাই প্ৰস্তাৱ দিলে, আহ পাঞ্জা খেলোঁ। মোৰ লৰা সদায় সাজু হৈ থাকে কিবা নহয় কিবা খেলিবলৈ। গতিকেই খেলা আৰম্ভ হৈ গ'ল আৰু সি জিকিবলৈ লওঁতেই তাৰ সোঁ হাতখন মেটেক কৈ শব্দ কৰি ভাগি গল। ভাগ্য ভাল তাৰ লগত কলেজৰ Prograrnrne Director থকা কাৰণে সকলোৱে লগ লাগি তাক হস্পিতাল লৈ গ’ল। এক্সৰেত দেখি চিকিত্সকে ক’লে বেয়াকৈ ভাগিছে, গতিকে দুদিনৰ ভিতৰতে অস্ত্ৰোপচাৰ কৰিব লাগিব। কিন্তু আমেৰিকা ত চিকিৎসা কৰা মানে দেউলীয়া হোৱা, গতিকেই তেওঁলোকেই পৰামৰ্শ কৰি মোৰ ল’ৰাটোক মুম্বাই লৈ পঠাই দিলে। সি বেচেৰা বিষ নিৰাময়ৰ ঔষধ খাই, ভগা হাতেৰে বিশ ঘণ্টা ভ্ৰমণ কৰি মুম্বাই পালেহি আৰু মই মুম্বাইৰ হস্পিটেলৰ শল্য চিকিৎসকৰ লগত কথা পাতি পাছদিনাই অষ্ট্ৰপ্ৰচাৰ কৰা হল। এমাহৰ পাছত ল’ৰাৰ তত নোহোৱা হল উভতি যাবলৈ ,কাৰণ পৰীক্ষা দিবলৈ আছে। কিন্তু তাৰ হাতৰ অৱস্থা দেখি ডাঃ য়ে তাক কোনোপধ্যে ই অকলে যাবলৈ অনুমতি নিদিয়ে কাৰণ ভগা হাতেৰে সি একোকেই নিজে কৰিব নোৱাৰে! গতিকেই পৰিকল্পনা বিহীন ভাবে ময়ো যাবলগীয়া হ’ল।

 লাহে লাহে সি ভাললৈ অহাত ডেৰ মাহৰ পাছত আমি মিলান আৰু ভেনিচলৈ গ’লোঁ।

 স্কুলতেই পঢ়িছিলোঁ। The Merchant of Venice. ভবা কিন্তু নাছিলোঁ যে কেতিয়াবা এই আজৱ চহৰ খন দেখিম! উত্তৰ ইটালীৰ ভেনিত ৰ ৰাজধানী ভেনিছ, এড্ৰিয়াটিক সাগৰৰ পৰা বিছিন্ন হোৱা এশত কৈও বেছিদ্বীপ ৰে বেষ্টিত ভেনিছ, যত কোনো বাট পথ নাই, কেৱল বিয়াগোম খাল (Ca-nal) নেদেখিলে বৰ্ণনা কৰিবলৈ অসুবিধা, পানীৰ মাজতে কিদৰে থিয় দি আছে ৰেনেচা যুগৰ পুৰণি ভাস্কৰ্য সমূহ! ইয়াৰ চাব লগীয়া ঠাইবোৰ হল, Central Sauare, Piazza San Marco আৰু Doge's palace. গুলপীয়া আৰু বগা মাৰ্বলৰ Doge's palace ত খ্ৰীষ্টমাছৰ আগে আগে ডাঙৰ কৈ Carvival হয়, যত ভেনিছ ৰ ৰং ৰহৈছ ভালপোৱা সকলে নানা তৰহৰ পোছাকৰ লগতে হৰেক ৰকমৰ মুখা পিন্ধি ফুৰ্তি কৰে। ভেনিছ ত সবাতোকৈ ভ্ৰমণকাৰীৰ সোঁত বয় জুন মাহৰ পৰা আগষ্ট লৈকে।

 ভেনিছ ৰ বহুকেইটা নাম -পানীৰ চহৰ,মুখাৰ চহৰ,দলঙৰ চহৰ,উপঙা চহৰ, খালৰ চহৰ আৰু এড্ৰিয়াটিকৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড