পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভালদৰে ৰাখি পাঁচ-ছয় বছৰ ব্যৱহাৰ কৰিব পাৰি।

 ব্যৱহাৰৰ প্ৰয়োজনীয়তাঃ ইয়াৰ ব্যৱহাৰযোগ্য জীৱনকাল তুলনামূলকভাৱে বেছি হোৱাৰ লগতে ই অত্যন্ত ব্যৱহাৰ উপযোগী। মেনস্ট্ৰোল কাপে, আপোনাক পেদ ব্যৱহাৰ কৰাৰ আটাইখিনি অসুবিধাৰ পৰাই সম্পূৰ্ণভাৱে মুক্ত কৰে। উদাহৰণস্বৰূপে প্ৰত্যেক মাহত চেনিটেৰী নেপকিনৰ নামত হোৱা খৰচ, পেদ ব্যৱহাৰৰ অস্বস্তি, গৰমৰ দিনত হোৱা কিছুমান ইনফে’ন, কাপোৰত দাগ লগা বা ৰাতি সাৱধানে শুলেও বিছনা কাপোৰ লেতেৰা হোৱাৰ টেনশ্যন আদিৰ বিষয়ে আমি সকলোৱে অৱগত। সেইকেইটা দিনত ফুৰিবলৈ যোৱা বা পানীত নামি সাঁতোৰাৰ কথা আমাৰ বাবে সপোনৰো অগোচৰ। তদুপৰি পেদ ব্যৱহাৰৰ কৰাৰ পিছত পেলাই দিয়াও এক সমস্যা। আৰু পেলালেও ই কেতিয়াও ভালদৰে নষ্ট নহৈ পৰিবেশ প্ৰদূষণ কৰে। গতিকে এই সকলোবোৰৰ প্ৰতিকাৰস্বৰূপ অৱতাৰ হল - মেনস্ট্ৰোল কাপ।

 কেনেকৈ ব্যৱহাৰ কৰিবঃ মেনস্ট্ৰোল কাপ ব্যৱহাৰ কৰাৰ আগতে এটা কথা ভালদৰে বুজি লওক যে পৰিষ্কাৰ কাপ হে আপোনাৰ সহায়ক আৰু ভাল সমল। গতিকে প্ৰত্যেক মাহত প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ আগতে উতলা গৰম পানীত 3ৰ পৰা 5 মিনিট থৈ ভালদৰে ধুই ব্যৱহাৰ যোগ্য কৰি লব। আৰু দিনটোৰ বাকীবোৰ সময়তো ইয়াক ধুবলৈ গৰম পানী বা বিশুদ্ধ পানী হে ব্যৱহাৰ কৰিব। অন্যথা ইনফে’ন হোৱাৰ সম্ভাৱনা থাকে। শৰীৰৰ ভিতৰত স্থাপিত কৰাৰ আগতে কেইবাটাও আকাৰত ভাঁজ কৰিব পাৰে যিটো ধৰণৰেই আপোনাৰ বাবে সহজ হয় তাকে গ্ৰহণ কৰিব। বিভিন্ন আকাৰ বা কৌশলৰ ফটো ছবি 3 দিয়া হৈছে। (পাঞ্চ ডাউন টু তুলনামূলকভাৱে সুবিধাজনক) দিনটোত যেনেদৰে পেদ বা কাপোৰ সলাই সেই একে ধৰণেই ইয়াকো সময়ে সময়ে খালী কৰি থাকিব লাগে। আপোনাৰ নিঃসৰণৰ পৰিমাণ হিচাপে এই সময় সীমা সকলোৰে বাবে বেলেগ বেলেগ হব। 6-8 ঘণ্টাতকৈ বেছি সময় ইয়াক দেহৰ ভিতৰত থাকিবলৈ নিদিব। মাহেকীয়া হোৱাৰ প্ৰথম দিনৰ পৰা যেতিয়ালৈকে প্ৰয়োজন হয় ধৰক 4 দিন মানলৈ (ইয়াৰ পিছত যিহেতু নিঃসৰণ কম হৈ যায়) ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ভালদৰে গৰম পানীৰে ধুই আকৌ ৰাখি থব পিছৰ মাহত ব্যৱহাৰ কৰিবলৈ। যিসকল মহিলাৰ খুব বেছি ফ্লও হয় তেওঁলোকৰ বাবে বিশেষ ধৰণৰ কাপ ও বজাৰত উপলব্ধ। যদি জৰায়ুগত বা অন্য ধৰণৰ gynaecological মেডিকেল কণ্ডিচন আছে, তেওঁলোকে ইয়াক ব্যৱহাৰ কৰাৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

 স্থাপনৰ পদ্ধতিঃ প্ৰথমতে হাত খন ধুই একদম ৰিলেক্স হৈ বহি লওক, ৱেষ্টাৰ্ণ কুমুদ টোৰ ওপৰত বা অলপ ওখ মুঢ়াত বহি ভৰি দুখন মেলি লৈ (একদম টেনশ্যন ফ্ৰী হৈ বহিব, অলপো ভয় নকৰাকৈ), এতিয়া ব্যৱহাৰৰ উপযোগী কৰি তোলা কাপটো punch down (ছবি ৪) আকাৰত ৰাখি জোঙা মূৰটো অলপ ভিতৰলৈ সাৱধানে সুমুৱাই দি অলপ

ওপৰলৈ চিধা কে ঠেলাতকৈ পিছফাললৈ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড