পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৪

ওপৰত কোনো ক্ষেত্ৰত জাপি দিয়া হয়। পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো মহিলাসকলক অৰ্পন কৰা নহয়। সেই ক্ষমতা মাথো পুৰুষসকলৰ। ভাৰতীয় সমাজত বহু মহিলাৰ বুদ্ধি, শক্তি থকা স্বত্ত্বেও মহিলাসকল কিন্তু অপ্ৰয়োজনীয়, অব্যৱহৃত মানৱ সম্পদ হৈ থাকি যায়; সেই পৰিধিৰ পৰা ওলাই আহিও কিন্তু বহু কেইগৰাকী মহিলা নিজ নিজ ক্ষেত্ৰত সফল হৈছে। তেওঁলোকৰ অধ্যাৱসায়, কষ্ট সহিষ্ণুতা, মনোবল, কিবা এটা কৰি দেখুওৱাৰ একাগ্ৰতাৰ ফলত প্ৰতিযোগিতাৰ মাজতো বাধাৰ মাজতো সফল হৈ বৰ্তি থাকিবলৈ সক্ষম হৈছে।

 ভাৰতত অৱশ্যে আৰ্থ সামাজিক ক্ষেত্ৰখনত মহিলাৰ যোগদান বহু যুগৰ পৰাই চলি আহিছে। মহিলাই ৰাজ্য শাসন কৰাৰ নজিৰ বহু আছে। হৰপ্পা মহেঞ্জোদাৰো যুগৰ পৰাই মহিলাসকলে পুৰুষসকলক আৰ্থ সামাজিক ক্ষেত্ৰখনত সহায় কৰি আহিছে। ভাৰতৰ মহিলা কেতিয়াও দুৰ্বল নহয়, ইতিহাস সাক্ষী আছে।

 একৈশ শতিকাত মহিলাসকল বিভিন্ন ক্ষেত্ৰত পটু হ’বলৈ ধৰে। ব্যৱসায়, বাণিজ্য, শিক্ষা, উদ্যোগৰ প্ৰতি সজাগতা বৃদ্ধি পায় আৰু কাৰিকৰী শক্তি বৈদ্যুতিক, চিকিৎসা আদি বিভিন্ন ক্ষেত্ৰত অন্তৰ্ভূক্তিয়ে এক নতুন যুগৰ সূচনা কৰে।

 অসমত মহিলা উদ্যমিতাঃ মহিলাৰ আৰ্থিক সৱলীকৰণৰ দিশে এক পথ হিচাপে পৰিগণিত হ’ব পাৰে মহিলা উদ্যমিতা আৰু ইয়াৰ বিকাশ। যদিও, ভাৰতীয় সমাজত মহিলাসকলে কিছু গুৰু দায়িত্ব পালন কৰি আছে তথাপি উয়দমিতাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ এতিয়াও যেন বহু বাকী।

 অসমত প্ৰধানত উদ্যমিতা তথা অৰ্থ ঘটিব পৰা কিবা এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন - গাঁও অঞ্চলখিনিৰ বাবে অতি প্ৰয়োজনীয় কিয়নো উদ্যমীক কাৰুকাৰ্য তথা এনে চিন্তাই এজন ব্যক্তি, পৰিয়াল, সমাজ তথা জাতিৰ জীৱন ধাৰণাৰ শৈলি তথা আৰ্থিক অৱস্থা উত্থানত বিশেষ ভূমিকা পালন কৰিব পাৰে।

 অসমৰ গাঁও অঞ্চলত উদ্যমীক বিকাশৰ বাবে যথেষ্ট সুবিধা তথা উৎসৰ প্ৰয়োভৰ নুই কৰিব নোৱাৰি। মাত্ৰ সেই উৎস তথা সুবিধাসমূহ সৎ প্ৰয়োগ কৰি, এক উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰিবৰ বাবে প্ৰয়োজন হ’ব কিছু সজাগতাৰ। কিয়নো, গাঁও অঞ্চলৰ মহিলাসকলৰ এই জ্ঞান তথা সজাগতাৰ অভাৱৰ বাবে উদ্যমিক বিকাশৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্ত্বেও এক ক্ষুদ্ৰ উদ্যোগ বা লাভজনক ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

 তথাপি বৰ্তমান মহিলা উদ্যমিতাৰ ক্ষেত্ৰখনত অসম একেবাৰে দলিয়াই পেলাব পৰা স্থানত অৱতীৰ্ণ কৰা নাই, অসমৰ বহুকেইখন জিলাত আজি বহুকেইগৰাকী মহিলা উদ্যমী মহিলাই উৎসাহজনক সংস্থাপন লাভ কৰি সংস্থাপন সৃষ্টি কৰিবলৈও সক্ষম হৈছে। এইটো প্ৰতিপন্ন হৈছে যে ভাৰতৰ ৭.৭ শতাংশ বিপৰীত অসমৰ উদ্যমী মহিলাৰ পৰিমাণ ১৮ শতাংশ বুলি থাৱৰ কৰা হৈছে। প্ৰধানতঃ অসমৰ উদ্যমী মহিলাসকলৰ পৰম্পৰাগত বা কৃষ্টিগত কাৰ্যসমূহত নিয়োজিত হৈ তেখেতলোকৰ উদ্যমিতাৰ পৰিচয় দিয়া পৰিলক্ষিত হয়; যেনে বোৱা কটা, চিলাই, এম্ব্ৰইডাৰী, বিউটি পাৰ্লাৰ, বিদ্যালয় স্থাপন তথা পৰিচালনা, শিশু পালন কেন্দ্ৰ, ওমলাঘৰ তৈয়াৰী, সাজ-পোছাক প্ৰতিষ্ঠান, জাম, জেলি, আচাৰ-চৰ্বতৰ ঘৰতে তৈয়াৰ কৰি ব্যৱসায় ইত্যাদি৷ কিন্তু বৰ্তমান অসমত এই ক্ষেত্ৰখন পৰ্যায়ক্ৰমে বিকাশ ঘটিছে আৰু উদ্যমী মহিলাসকল কিছু অপৰম্পৰাগত কৰ্মতো নিয়োজিত হৈছে ক্ষুদ্ৰ উদ্যোগ তথা ব্যৱসায় স্থাপনৰ ক্ষেত্ৰত। মহিলা উদ্যমিতা বা ৱমেন এণ্টাৰপ্ৰিনাৰশ্বিপ’ৰ ক্ষেত্ৰখনত আজি অসমৰ মহিলাই নিজকে বহুলাংশে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে; প্ৰকৃততে মহিলা উদ্যমিতা বিকাশত এক প্ৰতিকূল, উৎসাহজনক, প্ৰেৰণাদায়ক সমাজ ব্যৱস্থাৰ লগতে এক পৰিৱেশৰো প্ৰয়োজন; অসমতো এই ক্ষেত্ৰখনত মহিলাসকল আগবাঢ়ি যোৱাৰ আৰু সুবিধা আছে। কিয়নো অসমৰ মহিলা উদ্যমী; তথাপি কিছুমান বিশেষ কাৰকে এতিয়াও বাধাৰ সৃষ্টি কৰা দেখা যায়; গতিকে সেইসমূহ দূৰ কৰিবলৈ অসমত কিছুমান সমৰ্থনকাৰী তথা পৃষ্ঠপোষক পদক্ষেপৰ প্ৰয়োজন; যেনে —

 ১। গাঁও অঞ্চলত পৰিয়াল তথা সমাজৰ প্ৰতি দায়িত্ববোধৰ ক্ষেত্ৰত লিঙ্গ বিভেদ দূৰ হ’ব লাগিব।

 ২। মহিলাসকলৰ (বিশেষকৈ গাঁৱৰ) পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাখিনিৰ ওপৰত গুৰুত্ব দি তেওঁলোকক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধি।

 ৩। নতুন ব্যৱসায় তথা উদ্যোগ স্থাপন কৰি এখন উপযুক্ত বজাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত গাঁৱৰ মহিলৱাসকলক গঢ় দিব

লাগিব।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড