পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৩

 ধেমেলীয়া ভাবেৰে সি নিশিতাক কলে। সি আকৌ ক’লে,

 তুমি কি ভাবিছিলা,মই মোৰ মানুহ জনীক ভাল নাপাওঁ৷ ৰাতিৰ কাজিয়াৰ কাৰণে আজি মই শুভেচ্ছা জনোৱাকৈ থাকিম। এণ্ড আই এম ছ’শ্বৰী। ময়ো আজিৰ পৰা তোমাক ঘৰৰ কামত সহায় কৰিব যত্ন কৰিম।তুমি অফিচ,ঘৰ সকলো কিমান কষ্টেৰে চম্ভালি আছা। মই অলপ আগতে সেইবোৰ কথাই ভাবি আছিলোঁ। তোমাৰো তো ভাগৰ আছে, অৱশ লাগে। মই সলনি হব চেষ্টা কৰিম। আই লাভ য়ু।

 নিশিতাৰ মুখত ধুনীয়া হাঁহিটো বিৰিঙি উঠিল। খংবোৰ তাইৰ ফিৰ ফিৰ কৈ বতাহৰ লগত উৰি গল। তাই যেন প্ৰতীকক এতিয়াই সাৱটি ধৰিব।

 প্ৰতীকঃ কি হাঁহি আছা বেঙীৰ নিচিনাকৈ,বলা ঘ’ৰলৈ যাওঁ।

 নিশিতাঃ অফিছ শেষ হবলৈছোন আৰু অলপ সময় বাকী আছেই।কেনেকৈ এতিয়াই যাম?

 প্ৰতীকঃ কি মই ঘৰত অকলে এনিভাৰ্চেৰী পাতিম নেকি? যোৱা বছক কৈ আহা বিশেষ জৰুৰী কাম আছে বুলি। ময়ো তেনেকৈ কৈ আহিছোঁ।

 এতিয়াই আহি আছোঁ, তুমি পাঁচ মিনিট ৰোৱা বুলি হাঁহি হাঁহি খৰ খোজেৰে তাই অফিচৰ ভিতৰলৈ গল।

 প্ৰতীকৰ মনতো এটা সন্তুষ্টিৰ হাঁহি ফুটি উঠিল। তাৰ অভিমানী নিশি জনীযে একেবাৰে সৰু ছোৱালীৰ দৰে। ইমান মৰম আকলুৱা। কিমান যে কষ্ট কৰে তাই। তাৰ সপোনৰ ঘৰখনতো তায়েই ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। সিও পণ কৰিলে আজিৰ পৰা সি তাইক সঁচাকৈয়েই ঘৰুৱা কামত অলপ হলেও সহায় কৰিব। তাইৰ ভাগৰ,কষ্ট বুজিবলৈ চেষ্টা কৰিব।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড