পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০০

অহা যোৱা আৰম্ভ হ'ল। পদুমী কেতিয়া কলৈ যায় তলে তলে সকলো খবৰ কৰিলে সি। বিপিনে তাইৰ পিছ লোৱা কথাটো পদুমীৰ পৰা বেছিদিনলৈ লুকাই নাথাকিল। হয়তো বিপিনেও তাকেই বিচাৰিছিল। বিদ্যালয়লৈ অহা যোৱা বাটত সি প্ৰায়েই তাইক লগ কৰিবলৈ ৰৈ থাকেগৈ। বিপিনে প্ৰথমতে ভালকৈয়ে আৰম্ভ কৰিলে কথা বতৰা। সৌজন্যৰ খাতিৰত পদুমীয়ে মাত দিয়াৰ বাহিৰে আন একো কথা নাপাতে তাৰ লগত। সি ভাবিছিল লাহে লাহে তাই তাৰ প্ৰতি আকৰ্ষিত হ'বই, পিছে দিন বাগৰাৰ লগে লগে পদুমীয়ে তাক বিশেষ গুৰুত্ব নিদিয়া দেখিহে অধৈৰ্য হৈ পৰিব ধৰিলে সি।

 এদিন পদুমী বিদ্যালয়ৰ পৰা উভতাৰ সময়ত বাটতে আগ ভেটি ধৰিলে বিপিনে। পদুমীৰ ভয় হ'ল, লগত কোনো নথকাৰ সুযোগ লৈ কি কৰে কোনে জানে? পিছে সি একো কৰা নাছিল। ওলোটাই তাইক আচৰিত কৰি পেলাইছিল কথাৰে। সি কৈছিল, সি তাইক ভালপাই, তাইৰ উত্তৰৰ বাবে গোটেই জীৱন ৰৈ থাকিব পাৰিব সি। তাইৰ নামতে সি নিজৰ জীৱন উচৰ্গা কৰি দিবলৈও সাজু। পদুমীয়ে সঁচাকৈয়ে বৰ ভয় খাইছিল সেইদিনা। এফালে ভালপোৱাৰ প্ৰস্তাৱ আৰু আনফালে তাইৰ বাবে জীৱন দিয়া কথা, আগতে কাৰো মুখতে শুনা নাছিল তাই। ক'ব নোৱাৰাকৈয়ে পদুমীৰ মনত সেই কথাষাৰে খোপনি পুতি ল’লে। কথাবোৰ ভাবেতে ভাবতে বুকুৰ কোনোবাখিনিত বিপিন নামৰ ভাললগা অনুভটোৱে কেতিয়ানো ঘৰ কৰি ল'লে তাই গমকে নাপালে। বিপিনলৈ ভয় কমিল, তাৰ ঠাইত আৰম্ভ হ'ল দৰদ। বিপিনৰ দৰে ধনী ঘৰৰ পঢ়া শুনা ল'ৰা এটাই তাইৰ দৰে সাধাৰণ ছোৱালী এজনীক ভালপায়, তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। আহোঁতে যাওঁতে তাইলৈ ৰৈ থকা বিপিনক দেখিলে তাইৰো ভাললগা হৈ আহিল। ক্ৰমশঃ তাই প্ৰেমত পৰি গ'ল বিপিনৰ, জীৱনৰ প্ৰথম প্ৰেম।

 বিপিনৰ লগত পদুমীৰ সম্পৰ্ক খুব কম সময়তে বহুখিনি আগবাঢ়িল। আহোঁতে যাওঁতে দুয়ো বাটত লগ কৰা, বিপিনে ইটো সিটো বস্তু কিনি দিয়া, কিছুমানৰ চোকা দৃষ্টিৰ পৰা লুকাই নাথাকিল। ইকাণ সিকাণকৈ কথাবোৰ আলোচনা হ’ব ধৰিলে। কথাবোৰ সিদ্ধিৰ কাণতো পৰিল, হুমুনিয়াহ এটা কঢ়াৰ বাহিৰে সি আৰু কৰিবই বা কি? হওক, পদুমী যে চাকৰ- নাকৰে ভৰা এখন ঘৰলৈ যাব, একো কষ্ট নাপাব, সেইটো ভাবিও দেখোন সুখী হ'ব পাৰে সি। সিদ্ধিয়ে বিপিনৰ চৰিত্ৰৰ কথা নাজানিছিল, জনাৰ প্ৰয়োজনো নাছিল। আচলতে বিপিনে জানিছিল জাল পাতিবলৈ, আৰু বিপৰীতে পদুমীৰ আছিল তাৰ ওপৰত অগাধ বিশ্বাস। সেই বিশ্বাসৰে সুবিধা লৈ আগবাঢ়ি গ'ল বিপিন। মেট্ৰিক পৰীক্ষাৰ বাবে আৰু কেইটামান মাহ বাকী, সেই সময়তে বিপিনৰো কিবা কামত দীঘলীয়া সময়ৰ বাবে চহৰলৈ যোৱাৰ কথা ওলাল। তেনেকুৱা এটা দিনতে বহুদিনলৈ লগ নোপোৱাৰ অজুহাতত সি তাইক তাৰ লগত কিছু সময় কটাবলৈ বুলি অলপ দূৰৈৰ ঠাই এখনলৈ ফুৰাবলৈ লৈ গ'ল। প্ৰিয় মানুহজনৰ লগত কিছু নিবিড় মুহূৰ্ত কোনে নিবিচাৰে? পদুমীও গ'ল সেই হেঁপাহতে। পিছে তাই এবাৰো নাজানিলে সেইদিনটোৰ কেইটামান মুহূৰ্তই তাইৰ জীৱনলৈ কিমান কঠিন সময় কঢ়িয়াই আনিবলৈ ৰৈ আছিল। এনেয়ে অতদিনে বিপিনে তাইক কথাৰ মায়াজালত বন্দী কৰি পেলাইছিলেই। প্ৰিয় পুৰুষৰ অনুৰোধ, আকুলতা, সেই প্ৰথম স্পৰ্শ, হ'বলৈ গৈ থকা সকলো অনুচিত বুলি জানিও, একোৱেই বাধা দিব নোৱাৰিলে তাই। অৱশ্যে তাই বাধ দিবলৈ চেষ্টা নকৰা নহয়, কিন্তু অৱশেষত হৃদয়ৰ সমুখত, বিপিনৰ আৱেগিক কথাৰ সমুখত হাৰি গৈ, সঁপি দিলে নিজক। বিপিনৰ মনে বিচৰাৰ দৰেই হৈ গ'ল কথাবোৰ। তাই তাৰ হাতত ধৰি উভতি আহোঁতে, বাৰে বাৰে সুধি থাকিল, তাইক বিয়া কৰাব নে নকৰাই? সি আশ্বাস দিলে, তাৰ প্ৰতিশ্ৰুতিত পদুমী কিছু আশ্বস্ত হ'ল। তাইৰ হাতখন সি কেতিয়াও নেৰে বুলি তাৰ ওপৰত বিশ্বাস আছিল তাইৰ, হয়তো অন্ধবিশ্বাস।

 কিছুদিন পিছত বিপিনো গুচি গ'ল চহৰলৈ। লাহে লাহে পদুমীৰ মনৰ পৰা সেইদিনটোৰ কথাবোৰ আঁতৰি গ'ল। বিপিনলৈ বৰকৈ মনত পৰি থাকিল যদিও তাৰ লগত যোগাযোগৰ কোনো সুবিধা নাপালে। তাইৰ পৰীক্ষা ওচৰ চাপি আহিল। তেনেকুৱাতে পদুমী জ্বৰত পৰিল। মূৰৰ বিষ, মূৰ ঘূৰোৱা, এইবোৰ কাৰণত পৰীক্ষা যিমানেই কাষ চাপি আহিল সিমানেই পঢ়াত মন দিব নোৱাৰাহে হ'ল তাই। পঢ়া-শুনাত মন দিব নোৱাৰা দেখি পিতাকে এদিন লৈ গ'ল চৰকাৰী চিকিৎসালয়খনলৈ। সাধাৰণ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ডাক্তৰ ছাৰজনে এনেকুৱা এটা কথা ক'লে, যিটো শুনাৰ পিছত পিতাকৰ ভৰিৰ তলৰ মাটিখিনি একপ্ৰকাৰ খহিহে পৰিল যেন নিমিষতে। “পদুমীৰ গৰ্ভত সন্তানে থিতাপি লোৱা বুলি ঘোষণা কৰি দিলে ডাক্তৰে। পদুমী তাতেই ঢলি পৰিল। যেতিয়া তাই চকু মেলিলে তেতিয়া ঘৰৰ বিছনাখনত শুই থকা পালে নিজক। কাষৰ কোঠাত মাক আৰু ভনীয়েকৰ উচুপনি তাইৰ কলিজাত শেল হৈ বিন্ধিব ধৰিছিল। পিতাকে নিজৰ কোঠাটোৰ দুৱাৰখন বন্ধ কৰি সোমাই থাকিল। দিক বিদিক হেৰুৱাই পেলোৱা পদুমীয়ে, কি কৰিব কি নকৰিব একো উৱাদিহ নোপোৱা হ'ল। বসুমতী আকৌ এবাৰ

ফাট মেলক আৰু কাৰো সমুখত এক মুহূৰ্তও নথকাকৈ তাই সোমাই পৰক তাতে, অন্তত তাই সেইটোকে প্ৰাৰ্থনা কৰিছিল বাৰে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড