পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০১

বাৰে। দূৰ্বল দেহাটোতে মাকে উধাই মুধাই চৰিয়ালে তাইক। তাই বাধা নিদিলে এবাৰো। পাপ কৰিছে তাই, সঁচাকৈয়ে পাপ। আছিল নে তাইৰ মনটোত? শেষত মাক-পিতাকৰ জেৰাত সকলো কথা কৈ পেলালে পদুমীয়ে। বিপিনে যে তাইক কথা দিছে, নিজৰ কৰি লোৱাৰ সেইটোও কলে। অৱশেষত পিতাকে ভাবি গুণি নিজেই ললিত মণ্ডলৰ ঘৰলৈ গৈ কথাবোৰ বিৱৰি কৈ, বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাটোকে ঠিৰাং কৰিলে। বৰ জোঁৱায়েককো লগত লৈ বিপিনহঁতৰ ঘৰলৈ গ'ল তেওঁ। ইতিমধ্যে পুতেক আৰু পদুমীৰ মিলা মিচাৰ কথা ললিত মণ্ডলৰ কাণত পৰিছিল। পদুমীৰ পিতাকে সকলো কথা বিৱৰি কৈ গ'ল। কৰযোৰে ছোৱালীজনীক আঁকোৱালি ল'বলৈ অনুৰোধ কৰিলে। মণ্ডলৰ বাবে যি মানুহ তেনেই নগণ্য সেই মানুহে তেওঁৰ ঘৰলৈ আহি ছোৱালীক বিয়া কৰাই অনাৰ প্ৰস্তাৱ দিয়ে তাকো যি গৰ্ভৱতী। সহ্য কৰিব পৰা নাছিল ললিত মণ্ডলৰ অহংকাৰে। নিজৰ ল'ৰাক সোঁধাতো দূৰৰে কথা বিভিন্ন কথাৰে পদুমীক চৰিত্ৰত প্ৰশ্ন উঠাই পিতাকহঁতক অপমানিত কৰি পঠিয়াই দিলে। লাজে অপমানে জৰ্জৰিত হৈ উভতি আহি সেইদিনা প্ৰথমবাৰৰ বাবে পদুমীৰ গাত হাত তুলিলে তেওঁ। কান্দিবলৈ পাহৰি গৈছিল পদুমীয়ে, তাৰ পিছতো তাই বিপিনৰ বাবে বাট চাই ৰ'ল।“পদুমী অন্তঃসত্বা...ললিত মণ্ডলৰ ঘৰৰ পৰা অহাৰ ৰাতিটোৰ ভিতৰতে কথাষাৰ গোটেই গাওঁখনত বিয়পি পৰিল। দুই এজনৰ বাহিৰে সকলোৱে পদুমীৰ গাতেই দোষ দিলে। “ধনী ঘৰৰ ল'ৰা দেখি ৰ'বই নোৱাৰিলে, বিয়াৰ আগতেই এইবোৰ পাপ কৰিবলৈ গ'ল। নিজে ভাল হ'লে আনে কি কৰিব পাৰে।” ইত্যাদি ইত্যাদি কথাবোৰ, কাণে কাণ বাগৰি মুখৰোচক কাহিনীৰ সৃষ্টি হ'লগৈ।

 এই সকলোবোৰৰ বিপৰীতে আছিল সিদ্ধি, যিয়ে কেতিয়াও পদুমীক দোষ দিব পৰা নাছিল। কাৰোবাক মন সঁপিলে জীৱনো যে নিজে নিজেই সঁপি দিয়া যায়, সেই কথা সি বুজিছিল। যিমান চেষ্টা কৰিলেও তাৰ বুকুখনে বেয়া পাবই নোৱাৰিছিল তাইক। পদুমীৰ মন গৈছিল নিজকে শেষ কৰি দিবলৈ। তাই পৰিকল্পনাও কৰিছিল তাৰ। সেইদিনা দোকমোকালিতে চাদৰ এখন মূৰে গায়ে উৰি লৈ ঘৰৰ পৰা ওলাই গৈছিল পদুমী। সেই সময়ত পথাৰলৈ মানুহবোৰ যায়েই বাবে কোনেও একো ভবা নাছিল। “নদীৰ ফালে খৰধৰকৈ খোজ লোৱা পদুমীক মন কৰিছিল একমাত্ৰ সিদ্ধিয়ে। সিও সেই সময়ত পথাৰলৈ ওলাই আহিছিল। কিবা এটা সন্দেহত সি পথাৰৰফালে খোজ নলৈ পদুমীৰ পিছে পিছে বাট পোনালে। আৰু ঠিক সি সন্দেহ কৰাৰ দৰেই নদীত জাঁপ দিবলৈ সাজু হোৱা পদুমীক চিএৰি থাপ মাৰি ধৰিলে, দূৰলৈ টানি আনি, বুকুৰ ক্ষোভ উজাৰি পাৰে মানে খং কৰিলে তাইক। পদুমীৰ কি হ'ল জানো, কোনোদিনে ভালকৈ কথাও নপতা সিদ্ধিৰ বুকুত মুখ গুজি হুকহুকাই কান্দি উঠিল। হয়তো ইমানবোৰ ঘটনাৰ পিছত বুকুত সোমাই থকা ক্ষোভ, দুখ, যন্ত্ৰণা সকলে একাকাৰ হৈ প্ৰথমবাৰলৈ চকুপানীবোৰ মুষলধাৰে বৈ আহিল, বহুদেৰিলৈকে কান্দিলে তাই। সেই চকুপানীত সিদ্ধিৰ অভিমানবোৰো গলি গলি শেষ হ'ল। যাক আটাইতকৈ বেছি ভালপায়, সেইজনৰ চকুৰ চকুপানী কেনেকৈ চাই থাকিব পাৰি। পৰা হ'লে চকুপানীবোৰ সামৰি ল'লেহেঁতেন সি, জোৰকৈ সাৱটি ল'লেহেঁতেন তাইক....

 বাট চাই চাই, পদুমীৰ বিশ্বাসো হাৰি গ'ল। দুমাহ পিছত উভতাৰ প্ৰতিশ্ৰুতি দিয়া বিপিন চাৰিমাহ পিছতো উভতি নাহিল। ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতেই পদুমীৰ গৰ্ভৰ সন্তানটো নষ্ট হৈ থাকিল। বুকুৰ মাজতে ৰৈ গ'ল এটুকুৰা ধুব নোৱাৰা ঘাঁ। শৰীৰ নে মন, কিহৰ যন্ত্ৰণাত হিয়া ঢাকুৰি কান্দিলে তাই, সেয়া প্ৰশ্ন হৈয়ে থাকিল। নিজকে শেষ কৰিবলৈ যোৱা কথাটো সিদ্ধি আৰু তাইৰ মাজতে থাকি গ'ল। লাহে লাহে মানুহবোৰৰ বাবেও কথাবোৰ পুৰণি হ'লগৈ। পদুমীৰ পঢ়া জীৱনৰ তাতেই সামৰণি পৰিল। ঘৰখনৰ সুখবোৰ, মানুহৰ দৃষ্টিবোৰ আগৰ দৰে হৈ নাথাকিল। সকলো সলনি হ'ল, কেৱল সলনি নহল সিদ্ধিৰ বুকুৰ সুৰটো। তাৰ আগৰ দৰেই আহ যাহ চলিল সিহঁতৰ ঘৰলৈ। তাৰ মাজতে আৰু এটা কথা সলনি হ'ল, পদুমীৰ মনত সিদ্ধিৰ প্ৰতি মান বাঢ়িল, তাই সমীহ কৰিবলৈ ল'লে তাক। তাৰ মাজতে এদিন মাকৰ আগত তাৰ মনৰ কথাবোৰ খুলি ক'লেগৈ সি। তাৰ মাকো সাদৰী, তাৰ মনৰ কথাটো বুজি পাবলৈ মাকৰ সময় নালাগিল। ছোৱালীজনীক সি আদৰি ল'লেও তেওঁৰ আপত্তি নাই কিন্তু সমাজখনে তাক বা গ্ৰহণ কৰে নে নকৰে সেই লৈহে চিন্তা মাকৰ।

 পদুমীৰ ঘৰখনত অশান্তিবোৰ শেষ নহ’ল, এতিয়া পিতা মাকৰ চিন্তা, তাইতো কোনেও বিয়া নকৰাবই, তাইৰ কাৰণে সৰুজনী একো দোষ নথকা স্বত্বেও ঘৰতে ৰৈ যাব। কোনোবাই বিচাৰিলেও কেতিয়াও বিয়াত নবহে বুলি পদুমীয়ে বহুত আগতেই সিদ্ধান্ত লৈছিল। তাইৰ অন্তৰখনতো ভাঙি থানবান হৈছিলেই, দিনে দিনে স্বাস্থ্যও ভাঙি আহিল। সিদ্ধিয়ে সহিব নোৱাৰা হ'ল তাইৰ অৱস্থা। এদিন ভাটিবেলা মাকক লৈ সিদ্ধি পদুমীহঁতৰ ঘৰলৈ গ'ল। মতাকৈয়ে মাকক লৈ যোৱা

বাবে আচৰিতো হ’ল সকলো। সিদ্ধিৰ মাকে কওঁ নকওঁকৈ আৰম্ভ কৰিলে,

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড