পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰতিধ্বনি

মল্লিকা শৰ্মা বৰদলৈ

 ভৰ দুপৰীয়া, বেলিটো ঠিক মূৰৰ ওপৰ পাইছেহি। এইখিনি সময়তে ডিঙিটো শুকাই আহে সিদ্ধিৰ, তেনেকুৱাতে চেনী দিয়া ৰঙা চাহ এবাতিৰ প্ৰয়োজন অনুভৱ হয় তাৰ। ৰাতিপুৱা ভালকৈ পোহৰ হ’ব নাপাওঁতেই ওলাই সি ঘৰৰপৰা। এইহেন প্ৰখৰ ৰ’দতো দিনটো অকলেই পথাৰত কাম কৰে। অকলে মানে পথাৰখনত আন মানুহ নথকা নহয়, সকলোৱে নিজৰ ভাগে ভাগে কামত লাগিয়ে থাকে। পিছে সিহে তাৰ মাটিখিনিত কাম কৰিবলৈ বেলেগ মানুহৰ সহায় পৰাপক্ষত নলয়। কৰিব পৰালৈকে নিজেই কৰি থাকে। আচলতে এই মাটিখিনি তাৰ নিজৰো নহয়, তাৰ গাঁৱৰে ৰমেশ দোকানীৰহে মাটি। খেতি কৰা মানুহ বিচৰা খবৰটো পাই সি নিজেই গৈছিল খুজিবলৈ। দোকানীৰ পৰা সি আধিয়াৰত মাটিখিনি লৈছিল। অকলেই কৰে কাৰণে খেতিৰ যি ধান পাই দুভাগ কৰি সি এভাগ লৈ দোকানীৰ ঘৰত আনটো ভাগ দিলেই হৈ যায়। সেইকণ ধানেৰে অন্ততঃ বছৰটোৰ বেছিখিনি সময় চলাই দিব পাৰে তাৰ ঘৰখনে। ঘৰখনত পৰিয়াল বুলিবলৈ তিনিটাই প্ৰাণী। মাক, সি আৰু তাৰ মানুহজনী। বায়েকজনী সি এল পিত থাকোতেই বিয়া হৈ গ'ল। চাবলৈ গ'লে তাৰ এতিয়া সুখৰে সংসাৰ। মানুহজনীক মালা পিন্ধাই বিয়া পাতি অনা বৰ বেছি নহ'লেও এই মাঘতে দুবছৰ হ’বগৈ।

 তাইৰ কথা ভাবিলে শৰীৰৰ দুখ ভাগৰবোৰ কমি যোৱা যেন লাগে তাৰ। ঠিক ভোক-পিয়াহত শুকাই কৰ্কৰিয়া লগা ডিঙিটোত ঠাণ্ডা পানী এঘটি পৰাৰ দৰেই। কথাষাৰ ভাবোঁতেই টিকটিকীয়া ৰঙা বেলিটো কপালত আঁকি ওৰণিখনেৰে আধালৈকে মুখখন ঢাকি তাই এহাতে জলপানৰ টোপোলাটো, আনহাতে চাহৰ কেটলীটো লৈ আহি থকা চকুত পৰে তাৰ।

 “এশ বছৰ আয়ুস হ’ব দে এইজনীৰ”

 মনতে কথাষাৰ বাজি উঠে। সিদ্ধিৰ ৰ'দে পোৰা দেহাটো তাইক দেখিলে শাঁত পৰি যায়। উৎকট গৰমত কাম কৰি গৈ পুখুৰীত জাপ মাৰি দিওঁতে যিমান শাঁত পৰে তাতকৈও বেছি। ওলাই আহিব খোজা হাঁহিটো ওঁঠতে টিপি ধৰি সি অন্যমনস্ক হৈ দেখুৱায়। তাইক বহুত কথা ক'বলৈ মন যায় তাৰ, অথচ একোৱেই কোৱা নহয়গৈ।

 তাই তাৰ হাত দুখনত লাহে লাহে পানী ঢালি দিওঁতে, অকস্মাত দুয়োটাৰে চকুৱে চকুৱে পৰে। সি মুখখনলৈ একেথিৰে চাই ৰয়। তাই তলমূৰ কৰে, ওৰণিখন এনেয়ে অলপকৈ টানি লয়। “তাইৰ বাৰু এতিয়াও লাজ লাগে নেকি?“ সিদ্ধিৰ সোধো সোধো লাগে, নোসোধে। তাই জলপানৰ টোপোলাটো খোলে, তাৰ মুখখন উজ্জ্বলি উঠে। বৰা চাউলৰ লগত গুৰেৰে সনা জলপানৰ, নাৰিকল ৰোকা আৰু ৰঙা চাহ...। কেনেকৈ বাৰু খবৰ পাই যায় তাই, তাৰ ভাললগা, নলগাবোৰৰ? আজিলৈকে দেখোন সি মাককো কোৱা নাই, “বৰা চাউলৰ জলপানৰ লগত নাৰিকল ৰোকা” খাই, সি যে কিমান ভালপায়। মাকজনীয়ে তাৰ ভাললগা বুলিলে সেইবিধ বস্তু খুৱাবলৈ কমখন কষ্ট কৰেনে? য'ৰ পৰা হ'লেও বিচাৰি আনি খুৱাব। কাৰোবাৰ ঘৰলৈ খুজিবলৈ যোৱা কথাটো একেবাৰেই বেয়া পাই সি, সেই এটা কাৰণতেই বহুত কথা মাককো নজনোৱাকৈ থৈ দিয়ে মনতে।

 ⵓগুৰ , কত পালি?

 ⵓপিতায়ে দি গৈছিল,

 ⵓল, অলপ তয়ো খা,

 ⵓনালাগে, ঘৰত খামগৈ...

 খাবলৈ, মন থকা স্বত্বেও টোপোলাটোত নাৰিকলৰ ৰোকা অলপ এৰে সি। সি জানে, সেইখিনি ঘৰলৈ উভতি যাব, তাকেই তাই তৃপ্তিৰে খাব। ‘ঘৰত খাম’বুলি কোৱা কথাষাৰ তেতিয়া মিছা হৈ নাথাকে আৰু সন্তুষ্টিৰে টোপোলাটো বান্ধি, তাই ঘৰমূৱা হয়। বুকু জুৰ পেলোৱা বতাহজাকে তাক চুই থৈ যায়। শুকান অথচ উজ্জ্বল মুখখনৰ পোহৰবোৰ চকুৱে মুখে লাগি ৰয়। এইখিনিয়ে কাম কৰিবলৈ দুগুণ শকতি দি থৈ যায় তাৰ দেহাটোক।

 পিছে এই সময় সদায় এনেকুৱা আছিল জানো? সৌ সেইদিনালৈকে ইমান সহজটো নাছিল কথাবোৰ। আগৰ কথাবোৰ