ⵓ“এইটো লিগেল প্ৰচেচ মে’ম। পুলিচ ভেৰিফিকেচন হ’ব। তাৰ পিছত CARA ৰ পৰা ভেৰিফিকেচন হোৱাৰ পিছতহে আপুনি নিব পাৰিব। অৱশ্যে তেতিয়ালে চোৱাচিতাৰ দায়িত্ব ল'ব পাৰিব।” সিহঁতৰ কথা শুনি পুলিচ এজন আগুৱাই আহিল।
ⵓ“থিক আছে। আমি সাজু আছো।” ভাৰ্গৱে কৈ উঠিল।
ⵓ“কিন্তু আজি নিব নোৱাৰিব। বেবীৰ ট্ৰিটমেণ্ট বাকী আছে। আমি কাইলৈ হেণ্ডঅভাৰ কৰিম।” ফৰ্মেলিটীখিনি কৰি থৈ তনিষ্ঠা আৰু ভাৰ্গৱ ঘৰলৈ উভতিল।
ⵓ“ভাৰ্গৱ!!”
ⵓ“চিন্তা নকৰিবা। ঘৰত মই বুজাম।” তাই কি ক'ব বিচাৰিছিল ভালকৈয়ে বুজিছিল সি।
প্ৰথমে ভাৰ্গৱ আৰু তনিষ্ঠাৰ মাক-দেউতাহঁতে আপত্তি কৰিছিল যদিও পিছলৈ মানি ল'লে। ৰেয়ান্সৰ স্ফুৰ্তি কবই নালাগে ভনীয়েক এজনী পাব বুলি শুনি। পিছদিনা সিহঁত সকলো হস্পিতাল পালেগৈ। সকলো ফৰ্মেলিটী শেষ হোৱাত বেবীজনীক তনিষ্ঠাৰ হাতত দিলে। দেউতাকহঁতে সকলোকে মিঠাই খোৱালে।
ⵓ“বাই দি ৱে ম’ম। ছোৱালীজনীৰ মান কি ৰাখিবা?”
ⵓ“ভাবিলোঁ।”
ⵓ“কি কোৱাচোন।”
ⵓ“মাহায়া।”
ⵓ“ৱাও। বিউটিফুল নেম মাম্মা। হাই মাহায়া বেবী।”
সিহঁতৰ কথা শুনি থকা ৰেয়ান্সে ভনীয়েকৰ হাততে চুমা এটা খাই দিলে। সকলোৱে হাঁহিলে তাৰ কাণ্ড দেখি।
টেপনীতে ছোৱালীজনীয়ে তাৰ হাতখনত ধৰি ফেলেককৈ হাঁহি দিলে। ঠিক মাকৰ নিচিনাকৈ।