পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মূল গল্পৰ নাম- বড়ে ভাইচাহাব
অনুবাদ- বিদিশা দত্ত

(মূল লেখকৰ পৰিচয় - মুংশী প্ৰেমচন্দ। প্ৰকৃত নাম - ধনপত ৰায়। প্ৰেমচন্দৰ জন্ম হৈছিল ১৮৮০ চনৰ ৩১ জুলাইত বেনাৰসৰ নিকটৱৰ্তী লমহী নামৰ এখন গাঁৱত। এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান হোৱা হেতুকে অভাৱ - অভিযোগে জুৰুলা কৰা মানুহৰ ৰূপটো তেখেতে গভীৰভাৱে প্ৰত্যক্ষ কৰিছিল আৰু সাহিত্য জগতত নিজকে অপূৰ্ণ কৰিছিল। বহুতো উপাধিৰে বিভূষিত কৰা এইজন মহান সাহিত্যিকে ১৯৩৬ চনৰ ৮ অক্টোবৰত ইহলীলা সম্বৰণ কৰে।)

ককাইদেউ

বিদিশা দত্ত

(১)

 মোৰ ককাইদেউ বয়সে মোতকৈ পাচঁ বছৰ ডাঙৰ; কিন্তু পঢ়াৰ ক্ষেত্ৰত তিনি শ্ৰেণীহে মোতকৈ আগত আছিল। মই যি বয়সত বিদ্যাৰম্ভ কৰিছিলোঁ, তেওঁৰো একে বয়সতে বিদ্যাৰম্ভ হৈছিল। কিন্তু শিক্ষাৰ দৰে মহত্বপূৰ্ণ ক্ষেত্ৰত লৰালৰিকৈ কাম সমাধা কৰাটো তেওঁ পচন্দ কৰা নাছিল। শিক্ষা নামৰ ভৱনটোৰ ভেটিটো তেওঁ খুব মজবুতকৈ গঢ়িব বিচাৰিছিল, যাতে তাৰ ওপৰত নিৰ্মান কৰা সৌধটি খুব শক্তিশালী হয়। সেয়েহে আনে এবছৰত সম্পন্ন কৰিব পৰা কামটো কৰোঁতে তেওঁৰ দুই-তিনি বছৰ লাগিছিল। ককাইদেউৰ মতে, ঘৰৰ বুনিয়াদটোয়েই যদি মজবুত নহয়, ঘৰটোনো কেনেকৈ মজবুত হব?

 মই নবছৰীয়া হওঁতে ককাইদেউ চৈধ্য বছৰীয়া হৈছিল। যিহেতু মই তেওঁতকৈ সৰু আছিলোঁ, মোৰ প্ৰতিটো কামৰ তদাৰক কৰাটো তেওঁৰ জন্মস্বত্ব অধিকাৰ আছিল। তেওঁৰ প্ৰতিটো আদেশক মই আইন ৰূপে গণ্য কৰাটো তেওঁ কামনা কৰিছিল।

 ককাইদেউ খুব অধ্যয়নশীল স্বভাৱৰ আছিল। সন্মুখত খোলা কিতাপ এখন লৈ বহি থকা অৱস্থাতে তেওঁক প্ৰায়ে দেখা গৈছিল। কেতিয়াবা সম্ভৱতঃ মগজুটোক আৰাম দিবৰ বাবেই বহীৰ পাতত চৰাই, কুকুৰ, মেকুৰী আদিৰ চিত্ৰ অংকন কৰিছিল। কেতিয়াবা একেটা শব্দ অথবা বাক্যকে দহ বিশবাৰমান লিখিছিল। কেতিয়াবা আকৌ কোনো কবিতাৰ পংক্তি একোটা সুন্দৰ আখৰেৰে কেইবাবাৰো লিখি পেলাইছিল। কেতিয়াবা এনে একোটা নতুন শব্দ ৰচনা কৰিছিল, যাৰ অৰ্থ বুজি পোৱাতো দুৰূহ আছিল। তেনে দুৰ্বোধ্য শব্দ কিছুমানৰ অৰ্থ বাহিৰ কৰিবলৈ মই চেষ্টা নকৰা নহয়। কিন্তু প্ৰতিবাৰেই মই বিফল হৈছিলোঁ আৰু ককাইদেউক সুধিবলৈয়ো মোৰ সাহেনুকুলাইছিল। তেতিয়া মই পঞ্চম শ্ৰেণীৰ আছিলোঁ আৰু তেওঁ আছিল নৱম শ্ৰেণীৰ তেওঁৰ ৰচনাসমূহৰ গুঢ়াৰ্থ বিচৰাটো মোৰ বাবে বাওনা হৈ চন্দ্ৰলৈ হাত মেলা সদৃশ আছিল।

 দীৰ্ঘ সময়ৰ বাবে পঢ়া টেবুলত বহি থকা কামটো মোৰ বাবে মুঠেও সম্ভৱ নাছিল। আনকি এঘণ্টাৰ বাবেও কিতাপত মূৰ খুঁজি থকাটো মোৰ বাবে পাহাৰ ভঙা সদৃশ কঠিন আছিল। সুযোগ পালেই মই ছাত্ৰাবাসৰ পৰা ওলাই আহিছিলোঁ আৰু চিলা উৰুৱা, কাগজৰ পখিলা বনাই উৰুৱা আদি খেলত মগ্ন হৈছিলোঁ। কোনো লগৰীয়াক লগ পালে সুধিছিলোঁ চৌহদৰ সীমাৰ বেৰত বগাই উঠি পাইছেনে নাই... উঠিবলৈ মন যায় নে নাযায় ইত্যাদি। কিন্তু কোঠালৈ অহাৰ লগে লগে ককাইদেউৰ ৰূদ্ৰমূৰ্তি দেখি ভয়তে মোৰ অঞ্চকণ্ঠ শুকাই গৈছিল। তেওঁৰ প্ৰথম প্ৰশ্নটো আছিল- “ইমান পৰে ক'ত আছিলাগৈ?“

 এই প্ৰশ্নটো তেওঁ সদায়েই এনে কঠোৰ স্বৰত কৰিছিল যে মই মৌন হৈ থাকিবলৈ বাধ্য হৈছিলোঁ। ভয়ত এনেদৰে কম্পমান হৈ পৰিছিলোঁ যে “অলপ সময়ৰ বাবে বাহিৰত খেলিবলৈ গৈছিলোঁ” বোলা বাক্যশাৰীয়ে মোৰ মুখৰ পৰা ওলাবলৈ