পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৭৭

মাৰিবলৈ হাতখন দেখুৱালে।

 পিছদিনা ৰাতিপুৱাই ৰেৱতী জীয়কক লৈ শইকীয়া মাষ্টৰৰ ঘৰ পালেগৈ। তাইক দেখি শইকীয়ানীয়ে হাততে সৰগ ঢুকি পোৱাদি পায়।

 ⵓ“আহিলি ৰেৱতী। আহ আহ। মায়া আহিলি মাজনী। যা তই হেমন্তৰ লগত লাগগৈ সিহঁতে দোলা বনাই আছে। আমাৰ মাইকী মানুহৰ মাজত ল’ছালিৰ কাম নাই।”

 মায়াই উঠলৈ অহা হাঁহিটো পেটতে দমাই চিধাই বাৰীৰ পিছফাল পালেগৈ। হেমন্ত আৰু ওচৰৰে বৰুণে কলপাতৰ দোলা চিলাই আছিল। থিক দুয়োটাই নহয় অকল বৰুণেহে দোলা বান্ধি আছিল। হেমন্তই ওচৰতে কোঠাৰেৰে খৰি ফালি আছিল। বিশ বছৰীয়া সুঠাম ডেকা হেমন্তৰ কোঠাৰৰ ঘাপত সাৰ পাই উঠা পুৰুষসুলভ শৰীৰৰ প্ৰতিটো ভাজলৈ মায়াই ৰ'লাগি চাই ৰ'ল। তাইৰ এনেকুৱা অনুভৱ হ'ল যেন সেই মুহূৰ্ততে গৈ তাক দুই হাতেৰে সাৱটি ধৰিব। হঠাতে হেমন্তৰ তাইৰ ওপৰত চকু পৰিল। তাই লগে লগে তলমূৰ কৰিলে। গোলাপী আভা এটাই তাইৰ দুগালত টৌ খেলি গ'ল। তাইক দেখি মনৰ অৱস্থা হেমন্তৰ বুজিবলৈ বাকী নাথাকিল। তাৰ মুখত এটা দুষ্টালিৰ হাঁহি খেলি গ'ল।

 ⵓ“বৰণ তই পাতবোৰ কাটি যা মই দোলাবোৰ বান্ধি যাম দে।” খপজপকৈ তাই লাজতে বৰুণৰ ওচৰতে হেমন্তলৈ পিঠি দি বহি ললে।

 হেমন্তই খৰিৰ জাপ এটা আনি তাইৰ ওচৰতে থৈ লাহেকৈ কাণৰ কাষতে কৈ গ'ল, “তোক মই খাই থৈ দিম বুজিছ। গধূলি ইয়াতে লগ কৰিবি।” মায়াই আৰু তালৈ নাচালে। লাজতে তলমূৰ কৰিয়েই বহি থাকিল।

 দিনটো সৰু-সুৰা ব্যস্ততাৰ মাজেদিয়ে পাৰ হৈ গধূলি লাগিল। পূজাৰ বিধিও আৰম্ভ হ'ল। কিন্তু হেমন্ত আৰু মায়াৰ উতনুৱা মন দুটা বাৰীৰ পিছফাললৈ গৈ থাকিল। এপাকত সুবিধা বুজি হেমন্ত উঠি গ'ল মায়াক চকুৰে ইংগিত দি। প্ৰায় দহ মিনিট মানৰ পিছত সুবিধা বুজি তামোলৰ বাকলি পেলাই থৈ আহোঁ বুলি মায়াও তাৰ ওচৰ পালেগৈ। মায়াক দেখিয়ে হেমন্তই এক প্ৰকাৰ টানি নিয়াদি নি তাৰ বুকুৰ মাজত সোমোৱাই ল'লে। মায়াই একো তৰ্কিই নোৱাৰিলে। অলপ সময় তাৰ কঠিন বাহুবন্ধনৰ পৰা উলাবলৈ চেষ্টা কৰিলে যদিও নিজৰ প্ৰিয় পুৰুষজনৰ আলিংগনক তাই বাধা দিব নোৱাৰিলে। লাজুকী লতাৰ দৰে তাইও কুৰুকি তাৰ বুকুৰ মাজত সোমাই পৰিল।

 ⵓ“হে গোঁসাই ঈশ্বৰ!! কি কৰিছ তহঁতে এইবোৰ।” হঠাতে গাঁৱৰে বলিন খুড়াকৰ চিঞৰতহে সিহঁতৰ সম্বিত ঘূৰি আহিল। কিমান সময় সিহঁতে আলিংগন বদ্ধ হৈ আছিল খবৰে নাছিল এটাৰো। সেই পৰিস্থিতিত কোনে কি কৰিব বুজাৰ আগতেই বলিন খুড়াকে গৈ হৈ চৈ লগালে। মুহূৰ্ততে পূজাৰ ঘৰখন অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হ'ল। এফালে কেও কিছু নোহোৱা দুবেলা ভাতমুঠিৰ চিন্তা কৰিবলগীয়া নিচ জাতিৰ বিধৱা ৰেৱতীৰ জীয়েক মায়া আৰু সিফালে উচ্চ জাতৰ শিক্ষকৰ পুতেক শিক্ষিত হেমন্তৰ মাজত প্ৰেম!! অসম্ভৱ!! গৰজি উঠিল ৰাইজ।

 ⵓ“এই দুখুনীয়ে ঘৰে ঘৰে খুজি মাগি জীয়েকক এইবোৰ শিকাইছে।”

 ⵓ“ইমানেই যদি টকা লাগে নুখুজিলি কেলৈ। জীয়েৰক বেছিবলৈ উলাইছ।” ইমানখিনি শুনাৰ পিছত ৰেৱতী ঠাইতে ঢলি পৰিল।

 পিছদিনা পৰিস্থিতি শান্ত হ’ল। কিন্তু আচৰিতভাৱে মাকে তাইক একোৱেই নক'লে। তামোলতী মুখেৰে ফেলেকা হাঁহি মৰা ৰেৱতীৰ মুখৰপৰা তামোল, হাঁহি দুয়োটা গুছিল।

 ⵓ“মা তই মোক গালি দে অ’ মা। এনেকৈ মতাকৈ নাথাকিবি। মই তালৈ আজিৰ পৰা ঘূৰিও নাচাওঁ৷ ঘৰৰ পৰাও নোলাও অমা। তই মোক মাত এবাৰ। দেউতা কি বুজিয়ে নাপালোঁ। তয়েই মোক চম্ভালি ললি। এতিয়া তোক দুখ দি মই মৰি নগ'লোঁ কিয়।” মাকৰ নীৰৱতাই দহি খোৱা মায়াই এদিন সাজোৰে বিনাই উঠিছিল। কিন্তু আচৰিত ধৰণে সেইদিনা নীৰৱতা। ভাঙিছিল ৰেৱতীৰ।

 ⵓ“তোক দোষ নিদো মই। তই যৌৱনৰ জুইত এটা ভুল কৰিলি। কিন্তু এই ভুলৰ প্ৰকোপৰ পৰা মই তোক কেনেকৈ বাম অ’ আই। তোক কেনেকৈ বচাম।” তাইক সাৱটি সেইদিনা ৰেৱতীয়ে হুৰীহুৰে কান্দিছিল। কিন্তু মায়াই সেইদিনা বুজি নাপালে কি প্ৰকোপৰ কথা মাকে কৈছিল। কিন্তু সেয়া বুজিবলৈও বেছিদিন নালাগিল। গাঁওখনত চাৰিওফালে তাই চৰিত্ৰহীনা,