পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬০

 ⵓকিয় সুধিলা?
 ⵓএকো নাই খুড়া, এনেয়ে জানিবলৈ মন গ'ল।

 তেওঁ ইতিমধ্যে বুজিছিল যে নীহাৰিকাই এই প্ৰশ্নটো কিয় কৰিছে। তেওঁ কিন্তু কথাটোৰ পৰা ফালৰি কাটিবলৈ বিচাৰিলে। কাৰণ তেওঁ ভালকৈয়ে জানে ভুলতে যদি তেওঁৰ মুখৰ পৰা সঁচা কথাটো ওলাই যায়, চলিহা চাৰে তেওঁক সুদাই নেৰে। সেইবাবেইতো আজি আঁঠ বছৰে বুকুত এক অপৰাধবোধৰ বোজা লৈ জীয়াই আছে তেওঁ।
 ⵓমোৰ দেৰিয়ে হ'লগৈ, পথাৰলৈ যাবগৈ লাগিব। গতিকে বিদায় হে লৈছো তোমাৰ পৰা।

 নীহাৰিকাৰ উত্তৰলৈ বাট নাচাই তেওঁ খৰখোজেৰে গেটৰ ফালে আগবাঢ়িল।

 মানুহজনে তাইৰ প্ৰশ্নত থতমত খোৱা আৰু তেওঁৰ মুখৰ ৰং সলনি হোৱাৰ কথাটো ভালকৈয়ে দৃষ্টিগোচৰ হ'ল নীহাৰিকাৰ আৰু তাই নিশ্চিত হ'ল যে এই ঘৰখনত কিবা এটা দুৰ্ঘটনা সংঘটিত হৈছিল। অন্য এটা কথায়ো তাইক আচৰিত কৰি তুলিলে, কালি যিজন মানুহে তাইক মালী বুলি চিনাকি দিছিল, সেইজন কিন্তু বেলেগ কোনোবাহে আছিল। কোন আছিল তেওঁ! কিয় মিছা মাতিছিল তেওঁ।

 ইতিমধ্যে সমৰো সাৰ পাই বাহিৰলৈ ওলাই আহিছিল। তাই সমৰক মালী খুড়াক লগ পোৱাৰ কথা ক'লে। সমৰে তাইক ৰাতি সি দেখা পোৱা ছোৱালীজনীৰ কথা ক'লে। কথাটো শুনি তাই ভয়ত কপিবলৈ ধৰিলে। সমৰে আজি হস্পিটেললৈ নোযোৱাৰ সিদ্ধান্তই লৈছিল যদিও ৰোগী এজনৰ খবৰ পাই অলপ সময়ৰ বাবে ওলাই গ'ল। গতিকে তাই অকলেই থাকিব লগা হ'ল আজিও। সমৰে তাইক ভিতৰতে থাকিবলৈ আৰু ভয় নাখাবলৈ বুজাই থৈ গ'ল। বৰুৱায়ো কলেজলৈ যাওতে তাইক মাতষাৰ লগাই ভালকৈ থাকিবলৈ কৈ থৈ গ'ল।

 দুপৰীয়া তাই ৰূমৰ ভিতৰতে টি.ভিটো লগাই বিছনাতে বহি ললে। মনলৈ খেলিমেলি ভাৱ কিছুমান আহি আছে। যদিও তাই টি.ভিৰ পৰ্দাত মনোযোগ দিবলৈ চেষ্টা কৰিলে।

 টিভিৰ ধাৰাবাহিক এখনত দৃষ্টি নিবদ্ধ কৰি থাকোতেই হঠাতে কেৰেককৈ দুৱাৰ খোলাৰ শব্দত সচকিত হ’ল তাই। তাহতৰ ৰূমৰ দুৱাৰৰ দুয়োটা খিলিয়ে লগাই থৈছিল তাই কিন্তু আপোনা-আপুনি দুৱাৰ খন খোল খাই যোৱাত তাই শংকিত হ’ল। এইবাৰ পৰ্দাখন সামান্য লৰচৰ হোৱা দেখিলে তাই। আৰু বতাহ এজাক যেন সোমাই আহিল ভিতৰলৈ। মজিয়াত খোজৰ শব্দ শুনি তাই তললৈ চালে, দীঘল ভৰিৰ চিন দেখা পালে তাই মজিয়াত। কোনোমতে উশাহটো লৈ থাকিল তাই, বিছনাতে কুঁচিমুচি বহি থাকিল। এইবাৰ ভৰি দুটা যেন তাইৰ বিছনাখনৰ ওচৰতে ৰ'লগৈ। নীহাৰিকাই হাতত লৈ থকা মিটতো এইবাৰ শূন্যতে উলমি পৰিল আৰু টিভিত লাগি থকা চেনেলটো নিজে নিজে সলনি হৈ গ'ল। পলক পেলাবলৈও পাহৰি গ'ল তাই, মাথো নিজৰ কলিজাৰ ঢপঢ়পনিৰ শব্দ নিজেই শুনি থাকিল। টি.ভিৰ চেনেলবোৰ নিজে সলনি হৈ হৈ এটা সময়ত ক'লা পৰ্দা এখন জিলিকি থাকিল। শিলৰ মূৰ্ত্তিৰ দৰে স্থানু হৈ বহি থাকিল তাই একে ঠাইতে। এইবাৰ ভৰিৰ খোজৰ শব্দ কেইটা দুৱাৰৰ ফালে উভতি যোৱাৰ দৰে লাগিল। পুনৰ কেৰেককৈ দুৱাৰ খোলাৰ শব্দ হ’ল। এটি মিঠা নাৰী কণ্ঠই তাইৰ কাণে কাণে কৈ গ'ল—
 ⵓপাছে পাছে আহাঁ মোৰ।

 সেই কণ্ঠত কি যাদু আছিল নাজানে তাই কিন্তু মন্ত্ৰমুগ্ধৰ দৰে তাই সেই কণ্ঠক অনুসৰণ কৰিলে ঠিক সেইদিনা পুখুৰীৰ পাৰলৈ যোৱাৰ দৰেই। ৰূমৰ বাহিৰলৈ ওলাই তাই দেখা পালে সেই খোজৰ শব্দবোৰ বন্ধ হৈ থকা ৰূমটোৰ ওচৰত গৈ ৰৈছেগৈ। তায়ো ৰূমটোৰ ওচৰ পালেগৈ। জোৰেৰে শব্দ কৰি এইবাৰ ৰূমৰ দুৱাৰখন দুফাল হৈ খোল খাই গ'ল। নাৰী কণ্ঠই পুনৰ মাতিলে তাইক
 ⵓভিতৰলৈ সোমাই আহাঁ।

 ৰূমৰ ভিতৰলৈ ভূমুকিয়াই চাই তাই সোমাই গ'ল। মকৰা জালেৰে গোটেই ৰূমটো চানি ধৰিছে। ৰূমৰ ঠিক মাজভাগতে এখন পুৰণি কাঠত সুন্দৰ কাৰুকাৰ্য খচিত পালেং। এটি পুৰণি কাঠৰ আলমাৰীও দেখা পালে তাই। ইফালে-সিফালে চাই থাকোঁতেই টেবুলৰ দ্ৰয়াৰ খোলাৰ দৰে শব্দ শুনি তাই চাৰিওফালে লক্ষ্য কৰিলে। আলমাৰীটোৰ পাছফালে টেবুলখন দেখি তাই ওচৰ পালেগৈ। টেবুলখন যথেষ্ট মজবুত আৰু পাঁচটা দ্ৰয়াযুক্ত। তাই এটা এটাকৈ পাঁচোটা দুয়াৰ খুলি চালে। কিন্তু একো