পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

যিবোৰ কথা গুৰুত্ব দিয়া নাছিল, যিবোৰ কথা আওকাণ কৰি চলিছিল, এই সকলোবোৰ মনৰ ভ্ৰম বুলি তাৰ যি ধাৰণা আছিল সেই ধাৰণা পলকতে থানবান কৰি পেলালে সেই হিয়া ভঙা উচুপনিয়ে। শুব পৰা নাই সি, বিজুলী গাজনিৰ কাণ তাল মৰা শব্দ আৰু তাৰ মাজে মাজে কাণৰ নিচেই কাষতে শুনি থকা নাৰীৰ হিয়া বিদৰা কান্দোনে তাক শুবলৈ দিয়া নাই। বিছনাৰ পৰা উঠি বহিল সি, অস্বস্তি লাগিছে তাৰ। এক অজানা ভয়ে গ্ৰাস কৰিছে তাক, আজিলৈকেতো এনে হোৱা নাছিল! লাহে লাহে বাঢ়িবলৈ ধৰিছে সেই উচুপনি আৰু চিঞৰি চিঞৰি কান্দিবলৈ লৈছে সেই নাৰী কণ্ঠই, যেন তাহাঁতৰ ৰূমৰ কাষৰ পৰাই ভাহি আহিছে। সেই কান্দোনৰ শব্দ নিদ্ৰাৰত নীহাৰিকাক এবাৰ লক্ষ্য কৰি টৰ্চটো হাতত লৈ সি হাতত সাৰে ভৰিত সাৰে তাহাঁতৰ ৰূমৰ পৰা ওলাই তলা লগাই থোৱা ৰূমটোৰ ওচৰ পালেগৈ। এতিয়াও তলা উলমি আছে ৰূমটোৰ দুৱাৰত আৰু বাহিৰত ক'তো কোনো অদ্ভুত শব্দ শুনা নাপালে সি৷ ইফালে-সিফালে ভালদৰে লক্ষ্য কৰি সন্দেহজনক একো দেখা নাপাই সি নিজৰ ৰূমলৈ ঘূৰি গ'ল। বিদ্যুৎ প্ৰবাহ বন্ধ হৈ থকাৰ বাবে ডিম লাইটৰ সামান্য পোহৰকণো ৰূমটোত নাই, অন্ধকাৰত ডুবি আছে ৰূমটো। টৰ্চটোও হঠাতে নজ্বলা হৈ থাকিল। অনুমানতে দুৱাৰখনৰ খিলিটো লগাই বিছনাৰ ফালে আগবাঢ়িল সি। বিছনাখনলৈ দুখোজ মান থকাৰ অৱস্থাত হঠাতে অহা এচমকা বিজুলীৰ পোহৰত সি যিটো দৃশ্য দেখা পালে তাৰ অন্তৰাত্ম কঁপি উঠিল আৰু অতদিনৰ ভয়েই ভূত বুলি ভবা তাৰ ধাৰণা ভুল বুলি প্ৰমাণিত হ'ল। বিজুলীৰ পোহৰত সি দেখা পালে নীহাৰিকাৰ কাষতে দীঘল চুলিখিনি মেলি এজনী ছোৱালী তাইলৈকে চাই উচুপি উচুপি বহি আছে। চুলিখিনিৰে তাইৰ চেহেৰা সম্পূৰ্ণকৈ ঢাকি ৰাখিছে। পুনৰ অহা বিজুলীৰ অন্য এচমকা পোহৰত সমৰে কিন্তু ছোৱালীজনী দেখা নাপালে। কিংকৰ্ত্তব্যবিমূঢ় হৈ সি একে ঠাইতে স্থানু হৈ ৰ'ল।

 আনদিনাতকৈ সোনকালে সাৰ পালে নীহাৰিকাই। ঘড়ীটোৱে পাঁচ বজাৰ সংকেত দিছে। ছুৱেটাৰতো পিন্ধি হাতত ব্ৰাছ ডাল লৈ তাই বাহিৰলৈ ওলাই গ'ল। ঘন কুঁৱলীৰে বগা হৈ আছে চৌদিশ। তাই নিয়ৰ পৰি সেমেকি থকা চোতালত ভৰি দিলেগৈ। শিৰশিৰীয়া বতাহ এজাকে দেহ-মন কঁপাই তুলিছে। শিলিখা জোপাৰ তললৈ লক্ষ্য কৰিলে তাই, বহু দূৰলৈকে কোনো মানুহ দেখানাপালে। এইবাৰ তাই পদূলিমুখ পালেগৈ। ফুলবোৰত নিয়ৰৰ কণা পৰি মুকতা মণিৰ দৰে জিলিকি আছে, ওচৰতে ক'ৰবাত কপৌ চৰাই দুটামানৰ চিঞৰো শুনিছে তাই। ভাল লাগিছে পৰিৱেশটো। এইবোৰ দেখিলে ঘৰটোত যে কিবা অশৰীৰী বস্তুৰ উপস্থিতি আছে ভাবিবই নোৱাৰি।

 অলপ সময় বাহিৰতে পাৰ কৰিলে তাই। বাৰাণ্ডাৰ ফালে খোজ আগবঢ়াওঁতেই পাছফালৰ পৰা মানুহ এজন অহা। দেখি তাই ৰৈ দিলে। মানুহ জনে হাতত দা এখন লৈ পাতবাহাৰ এজোপাৰ বাঢ়ি যোৱা ডালবোৰ কাটিবলৈ ধৰিলে। তাই এখুজি দুখুজিকৈ মানুহ জনৰ কাষ পালেগৈ। বয়সস্থ মানুহ জনক তাই মাত লগালে-

 ⵓআপুনি কোন?

 মানুহজনে তাইলৈ বিৰক্তিৰে চালে।

 ⵓমোক চিনি পোৱা নাই?

 ⵓনাই পোৱা, আগতে দেখা নাই আপোনাক।

 ⵓমই আজিহে ইমান দেৰিকৈ আহিছোঁ সেইবাবে দেখিলা আজি। মই এইখন ঘৰত যোৱা বিশ বছৰে কাম কৰি আছে। চাৰহঁত থাকোঁতে ময়ো ইয়াতেই থাকিছিলোঁ। কিন্তু চাৰ চহৰলৈ গুছি যোৱাৰ পাছত ময়ো নিজৰ ঘৰলৈ গ'লোগৈ। কিন্তু বাৰীখনৰ চোৱা-চিতাৰ দায়িত্ব মোক দি থৈ গ'ল চাৰে।

 ⵓখুড়া আপোনাৰ ঘৰ ক'ত?

 তাইৰ মুখত খুড়া সম্বোধন শুনি তেওঁ অলপ সময় তভক মাৰি চালে তাইলৈ।

 ⵓগাঁৱৰ সিটো মূৰে মোৰ ঘৰ আইজনী। তুমি ডাক্টৰৰ পত্নী নেকি?

 মানুহজনলৈ আঁৰ চকুৰে চাই এইবাৰ তাই প্ৰশ্ন কৰিলে—

 ⵓখুড়া, ইয়াত কিবা দুৰ্ঘটনা ঘটিছিল নেকি?

 তাইৰ প্ৰশ্নটো শুনি তেওঁ যেন অলপ অপ্ৰস্তুত হ'ল।