“তোমাৰ এতিয়াও শুব হোৱা নাই? “ঋষিৰ মাতত চক খাই উঠিলো।
নাই, দুটামান লাইন লিখিবলৈ আছিল।”
ন’টবুকখন জপাই থ’লো।টেবুল লাইটটো নুমুৱাই বিছনাত পৰিলো।
“কথা ক’লে নুশুনা মানে ন! ডাক্তৰে কৈছে তোমাক এতিয়াও বহুত আৰামৰ প্ৰয়োজন। এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই তুমি। কৰা যি কৰা, আমাৰ কথা শুনে জানো কোনোবাই!“ ঋষিৰ মৰমসনা খং।
“এঃ একো নহয়। আই এম টটেলি ফিট এণ্ড ফাইন।”
ঋষিক সাৱটি ক’লোঁ।
কপালত চুমা এটা আঁকি দি ঋষিয়ে ক’লে,
“শুই থাকা এতিয়া।”
ঋষিৰ বুকুতে মুৰটো গুজি টোপনি যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু টোপনি যে নাই! মনটো আজিও অশান্ত। আৰুণ্যাৰ কৰুণ চকুহালে আজিও আমনি কৰি আছে। আৰু মই জানো তাইক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে সেই চকুযুৰিয়ে মোক শুৱলৈ নিদিয়ে। কিমান যে উত্তৰ বিচাৰি আছিল সেই চকুযুৰিয়ে, কিমান কথা ক’বলৈ চেষ্টা কৰিছিল সেই চকুযুৰিয়ে! যেন এক ৰহসাৰ সাগৰ!!
(দুই)
মুম্বাইৰ “টাটা মেমৰিয়েল চেন্টাৰ”। ব্ৰেষ্ট কেন্সাৰৰ চিকিৎসাৰ বাবে ভৰ্তি হৈছিলোঁ তাত। প্ৰাৰম্ভিক অৱস্থাতে টিউমাৰ ধৰা পৰাৰ বাবে চিকিৎসক সকলে অভয় দি কৈছিল, “ মিছেচ ঋষিকেষ, খুউব সোনকালেই আপুনি ঘৰলৈ ঘূৰি যাব পাৰিব। চিন্তাৰ কোনো কাৰণ নাই।” ঋষিয়ে মোৰ মুখলৈ চাই মৃদু হাঁহি এটা মাৰি কৈছিল, সেয়া দেখিলা, মই কৈছিলোঁ নহয়। তুমি এনেই চিন্তা কৰা।” ঋষিৰ হাতখন খামুচি ধৰিছিলোঁ। জোৰেৰে।
ৱাৰ্ডত ভৰ্তি হোৱাৰ পাছত আৰম্ভ হৈছিল এলানি পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা। আন ৰোগীসকলৰ দৰে মযডো সোনকালে সুস্থ হৈ ঘৰলৈ যাবলৈ বিচাৰিছিলোঁ। হস্পিতেলৰ পৰিৱেশটোৱে সদায় আবেগিক কৰি তুলিছিল। ৰোগীসকলৰ জীৱন ৰক্ষাৰ বাবে চিকিৎসক সকলে যেন প্ৰতিটো মুহূৰ্ততে যুঁজি আছে! তেওঁলোকতকৈ বেছি খুঁজিছিল ৰোগী সকলে। যেন জীৱন যুদ্ধত কেতিয়াও হাৰ নামানিব! ৰোগীসকলৰ লগত অহা প্ৰতিজন আত্মীয় পৰিজনৰ আশা ভৰসাবোৰ নেদেখাজনৰ ওচৰত আৰু চিকিৎসক সকলক সঁপি দি বাট চাইছিল আপোনজনক সুস্থ কৰি ঘূৰাই নিবলৈ। কেতিয়াবা কোনো ৱাৰ্ডৰ পৰা ভাঁহি অহা কাৰোবাৰ হৃদয় বিদাৰক কান্দোনে বুকুখন মুছৰি পেলাইছিল। বুজি পাইছিলোঁ কোনোবা বহুত দূৰলৈ গুচি গৈছিল। ভয় লাগিবলৈ ধৰিছিল।
কি যে এই জীৱন!!
ইমান অনিশ্চিত, ইমান ক্ষণস্থায়ী। আৰু ভগৱান? যেন সকলোতকৈ নিষ্ঠুৰ!!!
“শ্ৰবিষ্ঠা বাইদেউ?”
হাতত লৈ থকা কিতাপখনৰ পৰা মূৰ তুলি চালো। ক্ষীণকায় এগৰাকী মহিলা আমাৰ ৱাৰ্ডৰ দুৱাৰ মুখত ৰৈ আছে। মূৰত চূৰ্ণী এখন মেৰিয়াই লৈছিল যদিও কেশহীন তালুখন জিলিকি আছিল। অসুখীয়া যদিও বয়স ত্ৰিছৰ ওচৰ পাৰ হ’ব যেনেই লাগিল। পৰ্দাখন থেলি তেওঁ সোমাই আহিল।
: আপুনি শ্ৰবিষ্ঠা ঋষিকেশ বাইদেউ নহয়নে? উদ্বিগ্নতাৰে তেওঁ সুধিলে।
: হয়। আপুনি...?
: বাইদেউ মই আপোনাৰ বহুত ডাঙৰ ফেন। আপোনাৰ লেখা মোৰ খুউব প্ৰিয় বাইদেউ। তেওঁ মোৰ বিছনাখনৰ ওচৰলৈ আহিল।
তেওঁক হাঁহি এটা মাৰি ধন্যবাদ জনালোঁ। তেওঁ লগত অহা নাৰ্চ গৰাকীৰ মুখলৈ চালে।
দক্ষিণ ভাৰতীয় যেন লগা নাৰ্চ গৰাকীয়ে হাঁহি এটা মোক ইংৰাজীতে মোক ক’লে,“ থেৰাপি ল’বলৈ যাওঁতে এওঁ