তাৰো। কাহীখন ঢাকি থওঁ বুলি ল’লে কণে।
: তই কিন্তত নোখোৱাকৈ নাথাকিবি। অসুখ বাঢ়ি গ’লে মই কিন্তু গুছি আহিমগৈ কলেজ বাদ দি।
ভাতৰ কাঁহীখনৰ কাষত যেন থিয় দি আছে তাই। এগৰাহ দুগৰাহকৈ মুখলৈ ভাত নিলে কণে। তাই বা ভাত খালেনে নাই? কলেজলৈ গৈ কেনে বা পাইছে তাই? ঘৰৰ বাহিৰ বৰকৈ ওলাই নোপোৱা ছোৱালীজনী কলেজীয়া হ’লগৈ। তাকো চহৰৰ কলেজ। হলেও চিনাকি বহুত। তাইৰ বেয়া নালাগিব। বাটনো কিমানৰ? মন গ’লেই সি চাই আহিবগৈ। তাৰ অকলে থাকিবলৈ বেয়া লাগিব বুলিয়ে তাইক ঘৰত থৈ দিব নোৱাৰে নহয়।
এতিয়া মুকলিকৈ চাই কণে বাকচ খুলি ফটোখন। আলফুলে চুই চায় বিচিত্ৰাৰ কাপোৰবোৰ। ফুলজনী ডাঙৰ হৈ বিচিত্ৰাৰ মুখখন ল’বলৈ ধৰাৰপৰাই সি আৰু বিচিত্ৰালৈ বৰকৈ খং পুহি নাথাকে। বৰকৈ খং ৰাগ কৰি থাকিলে তাইৰ অভিশাপ লাগিব। কিজানি সি দিব নোৱাৰা সুখ তাই বুটলিছে। থাকক তাই সুখেৰে। পাৰ হৈ গ’ল বছৰ বছৰ। ঘূৰি নাহিল তাই। নাহিবও কিজানি! কোনোদিন নজহা নপমা অনুভৱে মেৰিয়াই ধৰে কণক বিচিত্ৰাৰ ভাবনাবোৰ আহিলেই। কেতিয়াবা খঙত একো নাই হোৱা কণ কেতিয়াবা বৰ শান্ত। অদ্ভুত এই মন মানুহৰ। সকলো শেষ হৈ যোৱাৰ পিছতো কিবা এটা যেন ৰৈ যায়। তাৰপৰাই যেন সাজু হয় নিজক থানথিত লগাবলৈ। আঙুলীৰ মূৰত গণিবলৈ লয় সি দিন। আহি পায় শনিবাৰ। আবেলিতে পদূলিত দৰক লাগি থাকেহি কণ। একে উশাহে ফুলৰ কাষ চাপেগৈ সি।
: আহিলি?
: দাড়ি কিয় কটা নাই? যোৱাবাৰে কৈ গৈছিলো।
দোষী দোষী ভাৱত থিয় দি থাকে কণ।
: কাইলৈকে কাটিম।
দুটা মানুহ যেন বহুযুগলৈ লগ হোৱা নাই। কলেজীয়া অভিজ্ঞতা, আবেলিৰ আড্ডা, কোন চাৰে তাইক গুৰুত্ব দিয়ে, কোনে তাই লিখা গল্প কবিতাৰ শলাগ লয় এফালৰপৰা কৈ যায় ফুলে।
: মোমাইদেউক এদিন লগ পাইছিলো দেউতা। মোমাইদেউৰ গাত কিনো দোষ?
মনে মনে ৰ’ল কণ। ফুলৰ ভয় লাগিল। বাপেকৰ খং উঠিব নেকি? তই ভুল কৰিলে নেকি?
: দেউতা...
: হোঁ....ময়ো লগ পোৱা নাই ককাইদেউক বহুবছৰ।
এয়া কি? দেউতাকে মোমায়েকক এতিয়াও ককাইদেউ বুলি কৈছে। খঙ কমিছে নেকি দেউতাকৰ? মই যে কেতিয়াবাই ধৰা পেলাই থৈছো তোক দেউতা। জীয়া যাতনা বুকুত লৈ মাৰ স্মৃতি কেনেকৈ সামৰিছ মোতকৈ কোনে ভালকৈ বুজিব দেউতা?
: তই একোৱে নুসুধিলি?
সুধিলো। ভালেই তেওঁলোকৰ। মামীৰো ভালেই। ভাইমন ক্লাচ এইট পালেগৈ। তোৰ কথাও সুধিছিল। ভাল বুলিলো।
: আৰু ...
: আৰু একোৱে সোধা নহ'ল দেউতা.....
জয় পৰি যায় যেন কণ। কিয় নুসুধিলি এবাৰো তই মাৰৰ কথা? মই যে সঘনাই সপোনবোৰ দেখো আজিকালি। তাই যেন ভালে নাই। তাইৰ চৌপাশ যেন অন্ধকাৰ।
মুখ ফুটাই ক'ব নোৱাৰে কণে ফুলক। বুজি পায় ফুলে দেউতাকৰ চকুৰ ভাষা। পঢ়ি পেলায় তাই দেউতাকৰ মৌন ওঁঠৰ ভাষা। দেউতা, মোমাইদেউক দেখি ময়ো ভাবিছিলো সুধিম মাৰ কথা এবাৰ। আমাৰ বাবে মায়ে কান্দে নে নাকান্দে নাজানো কিন্তু এবাৰ সুধিলোহেঁতন কেনে আছে মা? মই বোবা হৈ থাকিলো সেই সময়ত দেউতা। মোমাইদেৱে জানো জানে মাৰ খবৰ? তথাপি মই মোমাইদেউক লগ ধৰি সুধিমগৈ দেউতা। তোমাৰ বুকুখনৰ অশান্ত ঢৌবোৰ শান্ত কৰিবলৈকে মই মাৰ কথাবোৰ জানিমগৈ।
কণে বুজি নাপায় ফুলে ইমানকৈ কি লিখি থাকে? পৰীক্ষাও শেষ। মেট্ৰিকৰ দেওনা পাৰ নোহোৱা কণৰ জীয়েকে