পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪

 কাষ চাপি আহে কণ ফুলৰ। মুখলৈ চেদেলি ভেদেলি হৈ অহা চুলিবোৰ সি আঁতৰাই দিয়ে। চুই চায় দুগাল। সি ভালপোৱা মানুহজনীয়ে তাক বিশ্বাসঘাটকতা কৰিলে। কি বিশ্বাসত আন এজনী মাইকী সি চপাব? তাৰ প্ৰয়োজনো নাই। কেৱল দেহৰ ক্ষুধা পূৰাবলৈ তাক নাৰীৰ শৰীৰ নালাগে। সি বিচিত্ৰাতকৈ ধনী। তাৰ কাষত ফুল।

 ফুল...সদ্য প্ৰস্ফুটিত এপাহ আলফুল ফুল। যিপাহে সদায়ে কণৰ বুকু জুৰাব। নালাগে আৰু কণক আন নাৰীৰ সান্নিধ্য। কণে ডাঙৰ কৰিব ফুলক..আৰু এইঘৰ বিচিত্ৰাই সজোৱা ঘৰ। হাজৰ ঘিণ কৰিলেও বিচিত্ৰাৰ মুখখনে এটা সময়ত দোলা দিয়েহি তাৰ সন্মুখত। তেতিয়া কেতিয়াবা তাৰ প্ৰচণ্ড খং উঠে। এই সময়ত সন্মুখত ফুলৰ মুখখন...তাৰ খং নুঠিল....

 এই ঘৰ বিচিত্ৰাই সজোৱা ধৰণেই থাকক.....

 আলতীয়া মাটিৰে ভিতৰৰ মজিয়া লেপি চিকচিকিয়াকৈ মচি বিচিত্ৰা গাধোৱা ঘৰত সোমায়গৈ। তিয়নিখন মেলি ভিতৰলৈ জুমি চায় শুকাইছেনে বুলি! খঙে মূৰত ধৰেগৈ তাইৰ। মজিয়াখন কণৰ ফেটেঙা ফেটে ভৰিৰ চাপ। খোপনি ধৰিব নোৱাৰি দুই এটা খোজ বহিল মজিয়া খলাবমা। ফুলৰো অকণি অকণি খোজ...

 ⵓ তহঁতি মোক চাকৰণি পাইছ? কৰাকে কৰি থাকিম? দহাই দহাই কৈ গ'লো বোলো ভিতৰলৈ নুসুমাবি। কি মূৰটো থাকে ভিতৰত? শান্তি নাই তহঁতৰপৰা মোৰ।

 বিচিত্ৰাৰ খঙটো থামিবলৈ বেছি সময় নালাগে। সিমান সময় বাপেক জীয়েকে নৈৰঘাটৰপৰা মিছা,ভেচেলি,দৰিকণা এভাঁজি আনেগৈ। পাহৰি থাকে বিচিত্ৰাই।

 মাটিখিনি খচি ৰৈ আছে কণ। জোখতকৈ পানী বেছি হৈছে। দুই তিনিদিনৰ মূৰে মূৰে মচা মজিয়া কেইবামাহো তেনেকৈ আছে।

 ⵓ দেউতা, মোকো মাটি-পানী দে। পিৰালি মচোগৈ মই।

 ⵓ ফুল মজিয়া নুশুকুৱালৈকে ভিতৰলৈ নোসোমাবি দেই।

 বোকাময় ফুল। অকণি হাতেৰে পিৰালি মচিছে। ফ্ৰকটো মাটি-পানী লাগি গধুৰ। দুয়ো নৈত গা ধুই অহালৈকে ভিতৰৰ মজিয়াত পানী বিৰিঙিয়ে আছে। ভঁৰাল তলৰপৰা বালি এচৰীয়া আনি ভিতৰৰ মজিয়াত চটিয়ায় দিয়েহি কণে।

 এৰা ঘৰ এখন তদাৰক কৰা বৰ টান।

 চাই চাই টান বেতকেইডাল বখলিয়াই পেলালে কণে। চালখন চাই নথলে বৰষুণ দিলে থাকিব নোৱাৰা হ'ব। বেতবোৰত লাগি থকা বেতগুটিবোৰ লৈ ফুলে ভঁৰাল তললৈ দৌৰে।

 ঘুনুক-ঘানাককৈ খবৰবোৰ বিয়পে গাওঁখনত। কোনোবাই ৰুক্ম বিচিত্ৰাক কৰবাত একেলগে দেখাৰ কথা কয়। কোনোবাই বিচিত্ৰাই কোলাত কেঁচুৱা লৈ ঘূৰাৰ কথাও কয়। শান্ত হৈ থকা কণৰ মূৰটোত ভমককৈ জুই একুৰা জ্বলি উঠে। হাতৰ মেচিদাখন সি জোৰেৰে খামুচি ধৰে। সন্মুখতে পোৱা গছৰ ডাল-পাতবোৰ পুলিয়ে পোখাই কাটে।

 বিচিত্ৰাৰ গাত লেঠা হওঁতে কণক প্ৰশ্ন কৰিছিল তাই কেনেকৈ তাই মাক হ'ব বুলি? সি বুজাই দিওঁতে লাজ বাঢ়িছিল তাই। “ইস্ মানুহে কি ভাবিব? ইমান অভদ্ৰনে ইহঁত?“ হাঁহিছিল কণে। পৃথিৱীৰ সকলো জীৱৰ জন্মপ্ৰক্ৰিয়াৰ আঁৰৰ কথা কণৰ মুখেৰে শুনি মুখ মেল খাই গৈছিল তাইৰ। মাক জীয়াই আছিল তেতিয়া। তলমূৰকৈ ভাত খাইছিল তাই। আছিলনে বিচিত্ৰা ইমান সহজ? সৰলৰেখাডালত কিয় নাথাকিল তাইৰ খোজ? কণ কামলৈ যোৱাৰ পিছত ৰুক্মৰ সৈতে কৰা শৰীৰি খেলত লিপ্ত হওঁতে এবাৰো মনত পৰা নাছিল কণৰ মুখ? কণ ঘৰ আহি পোৱাৰ পিছত নেমু এটা অতি নিমখ অকণ দি চৰবত গিলাচ সদায়ে দিছিল বিচিত্ৰাই। সন্দেহৰ অৱকাশ থাকেনে তাত? সি থকা অৱস্থাত চোতালতে থিয় দি গুছি যোৱা ৰুক্ময়ো দিয়া নাছিল সন্দেহৰ বীজ। নিজৰ পৃথিৱীত খেলি থকা ফুলৰ যে বুজি পোৱাৰ বয়সেই নাছিল। নহ'লে কণক ক'লেহেঁতেন ৰুক্মৰ সৰ্বনাশী উদ্দেশ্যৰ কথা। কেৱল ৰুক্মই সৰ্বনাশ কৰা নাই। মূল নায়িকা বিচিত্ৰা। তাই এৰুৱাই থৈ গ'ল ঘৰখনৰ চাল।

 দুখীয়া হ'লেও কাৰো ওচৰতে হাত পাতিবলগীয়া নোহোৱা কণ বেয়াকৈ হাৰিল। আনক দেখুৱাই বুকুখন দাঠ কৰি ৰাখিলেও ফুলৰ কাষ চাপিলে সি লেতুসেতু হয়। ফুকলীয়া বয়সতে তাই মাকৰ সান্নিধ্যৰপৰা বঞ্চিত হৈছে। এই সময়ত সকলো কথাই শিকিলেহেঁতেন তাই মাকৰপৰা। মন কৰিছে কণে ফুলে আজিকালি সৰু পেন্টটো পিন্ধিয়ে বাহিৰ ভিতৰ নকৰে।

ওপৰ চোলাটো নুখুলা হৈছে তাই। এইবাৰ ন এৰি দহত সোমাব তাই। তাৰমানে ফুল গাভৰু হ'বৰ হ'ল। সৌ সিদিনা কাপোৰেৰে

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড