পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৩

 ⵓ তোৰ নামটো।

 ⵓ মোৰ নামটো এনেকুৱা নেকি?

 অভ্যাস নথকা হাতেৰে লিখা আখৰকেইটা থেপাথেপি। প্ৰায় ফাঁ‌ক নোহোৱাৰ দৰে হোৱাৰ বাবে কেৰেলুৱাটোৰ দৰে হৈছে।

 ⵓ ইয়াতকৈ ভালকৈ মই নাজানো ফুল। আখৰ চিনিলে তই তোৰ নিজৰ নামটো লিখিবি দেই ভালকৈ। মোৰ নামটোও লিখিবি।

 ⵓ আৰু মাৰ নামটো?

 নুসুধে তাই দেউতাকক। দেউতাকৰ খং উঠে মাকৰ কথা কৈ থাকিলে। লিখিব। আখৰবোৰ চিনি তাই মাকৰ নামো লিখিব....

 ফুল শইকীয়া....শিক্ষা গ্ৰহণৰ অন্তৰ্ভুক্তি বহীত প্ৰধান শিক্ষকে লিখি পেলালে ফুলৰ নাম। বেগত ভৰাই নিয়া বস্তাটো পাৰি ক শ্ৰেণীৰ চুকটোত ঠাই এডোখৰ ল'লেগৈ তাই। বাৰে বাৰে উৎপাত নকৰিবলৈ কৈ গ'ল কণে তাইক। দৌৰ মাৰিলেই ঘৰ পাবগৈ তাই। ছুটী হ'লে আন কেনিও নগৈ ঘৰলৈ যাবলৈ কৈ গ'ল তাইক কণে।

 দেওবাৰ দিনটো কণে ঘৰতে থাকে আজিকালি। পুৱাতেই ফুলৰ ইউনিফৰ্ম, আন আন কাপোৰ, তাৰ নিজৰ কাপোৰ, বিছনা চাদৰ আদি চাৰ্ফ দি থয়। দূপৰীয়ালৈ ককালটো টনটনাই উঠে কণৰ।

 ⵓ আহচোন ফুল হাতী মাউত খেলিম। মোৰ পিঠিত উঠ।

 ⵓ এনেকৈ নহ'ব। তই থিয় দে...উম এতিয়া মই কম...বইত..বইত..

 ⵓ হাতীৰ ষ্টাইলত হাউলি পৰা কণৰ পিঠিত লাপ মাৰি উঠে ফুল...

 ⵓ যা...যা...সাৰৌপ...সাৰৌপ...

 সেইখন পৃথিৱী বেদনাই চুব নোৱাৰে।

 ⵓ দেউতা, মই খুৰীহঁতৰ ঘৰৰ পৰা আঁহো।

 সোধা নাই তাক ফুলে বিচিত্ৰাৰ কথা। হয়তো বুজিছে তাই মাকে কৰা ভুল অক্ষমনীয়।

 ⵓ তই আকৌ ঘৰ পাত।

 নৰনাথৰ কথাত যেন উচপ খাই উঠে কণ।

 ⵓ ঘৰ....?

 ⵓ ঘৰখন ধৰি ৰাখিবলৈ,ফুলক ডাঙৰ কৰিবলৈ মানুহ এজনী আন কণ। কিমান দিন ফুলক আৰ ঘৰে তাৰ ঘৰে এৰিবি। নিজে আৰু কিমান চম্ভালিবি? এজনী চপাই ল'লে সকলো ঠিক হৈ যাব। ফুলেও মাক এজনী পাব আৰু তোৰ ঘৰখনো ঘৰ হৈ থাকিব।

 গোটেই ৰাতি নৰনাথৰ কথাবোৰে চক্ৰাকাৰে ঘূৰি আছে কণৰ মগজুত। নতুন মানুহ এজনী সি লৈ আনো বুলিয়েই আনিব পাৰিবনে? নিজে জন্মদিয়া মাকজনীৰে মমতা হেৰালে। নতুনকৈ চপাই লোৱা মানুহজনীয়ে ফুলক জী বুলি গণ্য কৰিবনে? ফুলে “মা”বুলি মাতিবনে? আৰু সি? কেনেকৈ আদৰি ল'ব তাইক।এইখন দুৱাৰমুখ..বিচিত্ৰাই হাজাৰবাৰ অহাযোৱা কৰা বাট। সৌটো বৰঘৰ ...ঢেকীৰপৰা চৌকালৈ সজাই লৈছিল তাই। এতিয়াও চকুলৈ আহে বিচিত্ৰাই গোহালি পৰিষ্কাৰ কৰিছে। চোতাল সাৰি থাকিলে হোৱা চৰৌপ চৰৌপ শব্দত বিচিত্ৰাৰ গতি সি এতিয়াও পায়। এবছৰতে সকলো সলনি কৰিব পাৰিবনে সি? নতুন মানুহজনীয়ে আহি ফুলৰ উঠি অহা মনটো যদি মাৰি পেলায়? যদি তাই কৈ দিয়েহি...“তোক মাৰে এৰি গৈছে। মই তোৰ মা নহয়..“যদি কণক আঁতৰাই লৈ যায় তাই ফুলৰ কাষৰপৰা?.....

 উফ্ মূৰটোৱে কাম নকৰে তাৰ। ঘৰখন ধৰানো কি? ঘৰখন সি পাৰিছে চম্ভালিব। দুটা মানুহ। বাপেকটো হৈ সি ফুলৰ তদাৰক কৰিব নোৱাৰিবনে? এমুঠি নিজৰ লগতে খুৱাই দূপৰীয়ালৈ এমুঠি সাঁচি যাওঁৱে। এনেকৈয়ে দেখোন গ'ল এবছৰ। ফুলে আফচোচ কৰা নাই এদিনো। কেইবাদিনো বিচিত্ৰাৰ খঙতে সি ফুলক হাতদিয়াৰ বাবে জলঙা লাগি ৰৈছিল তাই। অকমানি

গাটোত যদি কাৰোবাৰ সামান্য আঁচোৰ পৰে সি সহ্য কৰিব নোৱাৰে।

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড