পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৬

গুছি যাবলৈ কৈছিলা তেতিয়াই। তেতিয়া গাত অধিক বল আছিল আঁজুৰি খাবগৈ পাৰিলোহেঁতেন তোমাক এৰি যাব নোৱাৰিলো। এতিয়া গাত বল কমিলেও মনত বল বাঢ়িছে। কিয় নোৱাৰিম মই জীয়াই থাকিব? ভুল কৰিলো। যি ভুলৰ শুদ্ধৰণি নাই। মোৰ চকুৰ আগতে তুমি ভুলৰ ওপৰি ভুল কৰিছা মই নীৰবে চাইছো। যদি শুদ্ধৰাবলৈ গ'লোহেঁতেন তাতো মোৰ ভুল ৰ'লহেঁতেন। তুমি সুখী হৈছা। সেই সুখ ময়ো ল'ব লাগে। সেওঁতাটোত কণৰ নামত সেন্দুৰ বোলাই থাকোতে সেই শিৰ ক'ব নোৱাৰাকৈয়ে তোমাৰ হ’ল। মোৰ মানুহজনৰ সন্তান জন্মিছে মই সুখী হ'ব লাগে। শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছো বুকুখন। শীতল মগজুৰে সকলো চালিজাৰি চালো। আমি দুটা বাট লওঁ। তুমি তোমাৰ বাটে যোৱাগৈ। মই মোৰ বাটেৰে। তোমাৰ সুখৰ দিন চাপিছে। চুই চাব পাৰোতেই চুই লোৱা। ক্ষোভ নাই একোৰে প্ৰতি। কণৰ কাষত ফুল আছে। তোমাৰ কাষতো তোমাৰ সন্তান। মোৰ কাষত তোমালোকৰ স্মৃতি। আমি সকলো জীয়াই থাকিম। যোৱাগৈ ৰুক্ম। কোনোদিন নাহিবা আৰু তুমি মোৰ কাষলৈ।

 চকুলোৰে বাট নেদেখা হোৱা নাই বিচিত্ৰা। এই দিনটোৰ বাবে তাই প্ৰতিদিনে সাজু কৰিছে নিজক।

 ⵓব’ল বিচিত্ৰা আমি সকলো একেলগে থাকোগৈ। মই হৰিণীক বুজাম। মানিব তাই সকলে। তই অকলে নিজক চম্ভালিব নোৱাৰিবি বিচিত্ৰা। দুনীয়াখন তই ভবাৰ দৰে সহজ নহয়। প্ৰতিটো খোজতে বাধা বিঘিনি৷ মই ভুল কৰিলো অ। নাই তোক মই কেতিয়াও অকলশৰীয়া নকৰো। কথা দিছো আজিৰপৰা তোক এৰি নাযাওঁ মই।

 ⵓআবেগ সামৰা। তুমি আহি থাকিলে মোৰ যাতনা বাঢ়ে। পুৰণি ঘাঁবোৰে উক দিয়ে।

 ⵓনিষ্ঠুৰ তই। সকলোবোৰ সহজে পাহৰিলি তই। ৰুক্মই তোৰ বাবে ঘৰ এৰিছিল। জী থাকিবলৈ যুঁজিছিল। তোক সুখ। দিবলৈ সংগ্ৰাম কৰিছিল...

 ⵓসুখ? সুখৰ ওপৰি সুখ মোৰ। কাকো মন খুলি কথা ক'ব নোৱাৰা। মানুহ হৈ মানুহ হিচাপে জীয়াই থাকিব নোৱাৰা। নিজৰ সুখ জ্বলাঞ্জলি দি আপোন বুলি ভবাজনে দিয়া প্ৰতাৰণা ...এইবোৰেই সুখ মোৰ? মোৰ বয়স হৈছে কিমান? চৌত্ৰিশটা বছৰতে দুখৰ ওপৰি দুখ। বাৰে বাৰে চেপি চেপি তেজ শুহে যাতনাবোৰে মোৰ। মোকো মুক্তি লাগে ৰুক্ম।

 ⵓমুক্তি?

 ⵓসামাজিক বা আইনীভাৱে আমাৰ যিহেতু বিয়া হোৱাই নাছিল এনেকৈয়ে আমাৰ সম্পৰ্কৰ অৱসান হওক। আমি কৰা ভুলৰ পাপ চৌধ্য বছৰত বোলে খণ্ডন যায়গৈ গাঁৱত শুনা কথা। তুমি তোমাৰ ঘৰলৈ হৰিণী আৰু সন্তানক লৈ যোৱাগৈ। সুখী হ’বা।

 তলমুৱা হৈ থিয় দি আছে ৰুক্মই বিচিত্ৰাৰ সন্মুখত। অসম্ভৱধৰণে সি শান্ত। বিচিত্ৰাৰ সন্মুখত সি নাঙঠ। অথচ বিচিত্ৰাই উচ্চস্বৰে চিএ নাই। আলোচনাৰ মাজেৰে বিচিত্ৰাই বিদায় সভা পাতিছে। বিদায় দিওঁ বুলি জানো উভয়ে উভয়ক বিদায় দিব পাৰিব? বিষাদ সৰা বিদায়ৰ পদূলিত দুয়ো থিয় হৈ হাত দাঙিছে। বাৰে বাৰে কৈ যায় ৰুক্মই...

 “মই আহিমগৈ বিচিত্ৰা। মই তোৰ কাষলৈ আহিমগৈ।”

 মনটো মুকলি। প্ৰথমদিনাই বিচিত্ৰাই ডেৰশটকা হাতত লৈ কোঠালৈ উভতিল। দিনটো চাৰিখন মেখেলাৰ বিশ টকা কৰি আশীটকা আৰু দুটা চুৱেটাৰৰ গ্ৰাহকে এডভান্স সত্তৰ টকা দি গৈছিল। লাভলিৰ মাকেই প্ৰথম দিনা কাষ্টমাৰ দিছিল। কোনে কয় কেৱল তেজ মঙহৰ মানুহেই আপোন বুলি? পৰিয়ালটো ভগৱান বিচিত্ৰাৰ বাবে।

 চাউলৰ টিনটো খালি। দালিৰ বৈয়ামটোও উদং। বিছনাৰ তললৈ জুমি চালে বিচিত্ৰাই। দুটা আলু। পুৱাই ৰন্ধা ভাত অলপ বাৰ্টি এটাত ঢাকি থৈ গৈছিল বিচিত্ৰাই। পানী দি নিমখ তেল অকণ সানি ভাতকেইটা খাই পেলালে বিচিত্ৰাই। দূৰে দূৰে থাকিলেও ৰুক্মই বজাৰ সমাৰ কৰি থৈ গৈছিলহি এসপ্তাহৰ মূৰে মূৰে। দিন পিছুৱাই পিছুৱাই অৱশেষত দোকানত বহিছিলগৈ বিচিত্ৰা। উভতি আহোতে তাইৰ মনতেই নপৰিল ঘৰখনত কেও কিছু নথকাৰ কথা। মাহে এহেজাৰকৈ ঘৰভাড়া। দিব পাৰিবনে তাই? ইয়াতকৈ সস্তীয়া ঘৰ পাব যদিও তাই নাজানে। আত্মীয়তা গঢ়ি উঠা মানুহখিনিৰ কাষৰপৰা গুছি আহিবলৈ তাই মনে নকয়। এবাৰ লাভলিৰ মাকক কৈ চাব নেকি ভাড়াটো কিজানি কমায় দিয়ে! লাহে লাহে ৰুক্ম আৰু তাইৰ ভিতৰা কথাবোৰ গম পাব সকলোৱে। তেতিয়া তাইকো খেদি দিব নেকি তেওঁলোকে? হাতে ভৰিয়ে ধৰি হ'লেও ককায়েকক পুনৰ লগ নোপোৱালৈকে থাকিব লাগিব ইয়াতে।

 তাইৰ অন্যমনস্কতাত দুৱাৰত পৰা টোকৰত দুৱাৰখন খুলিলেগৈ তাই। দুৱাৰমুখত ৰুক্ম। তাই কোনো কথা কোৱাৰ