পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৭

সুবিধা নাপালে। দুৱাৰখন ঠেলি ৰুক্ম সোমাই আহিল। সংযত হ’ল বিচিত্ৰা। মাত নাই বহু সময়।

 ⵓকিয় বাধা দিছ বিচিত্ৰা মোক? কিয় নাহিম মই তোৰ ওচৰলৈ? প্ৰতিদিনে উচুপিছো মই। দে ,মোক তোৰ কাষতে থাকিবলৈ দে।

 কাওমাওকৈ বিচিত্ৰাৰ হাতখন জপটিয়াই অনুনয়ৰ সুৰত ফেকুৰি উঠে ৰুক্মই। মই জানো তয়ো নোৱাৰ থাকিব মোৰ অবিহনে। চা একো সলনি হোৱা নাই এই ঘৰৰ। সকলো মই এৰি থৈ যোৱাৰ দৰেই আছে। তোৰ কপালৰ ফোট, শিৰত সেন্দুৰ....কিয় ফাঁকি দিছ নিজক বিচিত্ৰা। কিয়?

 ⵓৰুক্ম মোৰ ভাগৰ লাগিছে। তুমি যোৱাগৈ। তোমাৰ সৈতে মই সম্পৰ্ক শেষ কৰিছে। এগৰাকী মহিলাৰ কাষত এনেকৈ অসময়ত নাহিবা।

 ⵓবিচিত্ৰা....

 চিৎকাৰ হৈ সৰিছে কান্দোন। শিললৈ ৰূপান্তৰ হৈছে বিচিত্ৰাৰ বুকুৰ ভিতৰভাগ।

 ⵓতুমি তোমাৰ ঘৰখন ধৰি ৰখাগৈ। তোমাৰ বয়বস্তুবোৰ মই সামৰি থৈছে। লৈ যোৱা।

 ⵓতোতকৈ কি মূল্যবান বস্তু আছে বিচিত্ৰা। নিজৰ মানুহজনীৰ কাষতে মই অচিনাকি। হৰিণী মান্তি হৈছে বিচিত্ৰা। বল মই তোক লৈ যাবলৈ আহিছো।

 ⵓএনেকুৱা প্ৰস্তাৱ লৈ পুনৰবাৰ নাহিবা। দুৱাৰ খোলা আছে। গুছি যোৱা। এনেকৈ আহি থাকিলে এই ঠাই মই সোনকালেই এৰিম।

 কঠোৰ এই নাৰী শিলতকৈ কঠোৰ। সময়ত এই কঠোৰত নাৰীৰ সহজাত প্ৰবৃত্তি। ভাগৰি পৰিছে ৰুক্ম। বিচিত্ৰা চকুত ফুটি উঠা নাই তাৰপ্ৰতি সামান্য অনুকম্পা। কঁপা নাই ওঁঠ। সলনি হৈছে বিচিত্ৰা। বহুদূৰলৈ গুছি গৈছে বিচিত্ৰা তাৰ কাষৰপৰা। এহাত দূৰৈত থিয় দি থকা বিচিত্ৰাক সি সাৱটিব খুজিও সাৱটি ল'ব পৰা নাই।

 ⵓবিচিত্ৰা আহিলি?

 জয়কাইৰ মাত। তাইৰ দুখত মাত দিওঁতা।

 ⵓআহিলো জয়কাই। তুমি এতিয়া যোৱাগৈ। ৰুক্ম আহিছে।

 ৰুক্মৰ মূৰত যেন জুইহে জ্বলিল।

 ⵓনিজৰ মতাটোক ভিতৰলৈ আহিবলৈ নিদিয়। এই ৰাতি কি দৰকাৰ তোৰ খবৰ ল'বলৈ দুৱাৰত টোকৰ দিবলৈ?

 ⵓমোৰ দেউতাৰ বয়সৰ তেওঁ। সকলোৱে মাতে বাবে জয়কাই বুলি কওঁ।

 ⵓবাপেৰৰ বয়সৰহে। বাপেৰটো নহয়। (অশীল) বুঢ়া হ'লেও মতা হয় সি। তোক দেখি তাৰ ডেকা হ'বলৈ মন গৈছে নেকি? মোক আঁতৰাই তই লীলা-খেলা আৰম্ভ কৰিছ। আজি ধৰা পৰিলি। চৰিত্ৰৰ সলনি নহয় তোৰ।

 ৰুক্মৰ গতামাৰি দিয়াত বেৰত খুন্দা খাই কথমপি নপৰিল বিচিত্ৰা।

 ⵓউফ পাসণ্ডৰ জাত। কিয় শান্তিত থাকিবলৈ নিদিয় মোক? কিয় বাৰে বাৰে তেজ পিবলৈ আহ মোৰ? নিজক চিকুটি চাইছ? মাইকী দেখিলেই শুবলৈ লাগে তোক। মোক ঘৈণীয়েৰে বুলি চেলাবলৈ আহিছ। বেলেগ মাইকীৰ কোলাত কেঁচুৱা দিবলৈ তোৰ বেয়া নালাগিল। ফাঁকি দি দি ঘৰ বান্ধিলি।

 ⵓকি পাইছিলো মই তোৰপৰা? কি দিছিলি? নিজে জন্ম দিব নোৱাৰিলি। এতিয়া গা জ্বলিছে তোৰ? তোক মই মাৰি থৈ যাম ইয়াতে। তোক মই...

 তৰি থোৱা আঁঠুৱাটো জোটপোট লাগিল খুটিটো টানি লওঁতে। পিঠিৰ সেজে সেজে পৰা কোবকেইটাত মানুহজনী বেঁকা হৈ পৰিল। খামুচি ধৰোতে খুলি পৰা চুলিখিনিত ঘটালিবলৈ ধৰিলে ৰুক্মই। চকু দুটা মুদি দিছে বিচিত্ৰাই।

 খোলা দুৱাৰেদি ৰুক্ম কেতিয়া গ'লগৈ গম নাপালে বিচিত্ৰাই...বাউসিটো দাঙিব পৰা নাই তাই। চাদৰখনত তেজৰ দাগ.........

 ৰাতিৰ ধুমুহজাকৰ জাননি নোপোৱাকৈ থকা নাছিল চুনুৰ মাকে। হয়তো কাণত পৰিছিল লাভলিহঁতৰো। টেমুনাপৰা বাউসিটো লুকুৱাবলৈ চেষ্টাও নকৰিলে বিচিত্ৰাই। পিঠিটো পোনাব পৰা নাই ভালকৈ