পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১০

 : তহঁত মাৰ জীয়েৰ দুজনীৰ কি হ’ল অ?

 উধাতু খাই দৌৰি আহিল দেউতাক।

 : পোনাৰ বাপেক অ এইজনী শান্তি হ’ল। চুবুৰীৰ মাইকী মানুহখিনিক ৰিঙিয়াই মাতিলে মাকে। নখ চিকুটি চিকুটি থিয় হৈ থাকিল বিচিত্ৰা। মাটিতে খেৰ পাৰি তাইক দিয়া বিছনাখনলৈ চাই বেয়া লাগি আকৌ এসোঁতা কান্দিলে তাই। মাকৰ নতুন মেখেলাখন ফ্ৰকটোৰ ওপৰতে পিন্ধিবলৈ দিলে তাইক। গাত দুকঠীয়া কাপোৰখন। হাতত চুৰী কটাৰী এখন লৈ সেই চুকটোত চাৰিদিনে সোমাই থাকিল বিচিত্ৰা। বুট, মগু, ফলহাৰ খাই আমনি পোৱা বিচিত্ৰাক বাপেকে দুমাইল চাইকেল মাৰি বন বিস্কুট আনি দিছিলহি। গাখীৰতে ডুবিয়াই খাইহে তত পাইছিল তাই। দিনটো থেনথেনাই থাকিছিল তাই। মাকে নতুনকৈ বৈ থোৱা পাটৰ কাপোৰ পিন্ধি অকমানি কইনা হৈ পিছে তাই ভালেই পাইছিল। তাইলৈ বুলি পেহী মাহীহঁতে অনা বিবিধ বস্তু চাই জপিয়াই দিছিল তাই। মাকৰ কঠোৰ নিৰ্দেশ “পোনা, তই ভনীয়েৰক সকলো সময়তে চকু দিবি।” নদীঘাটত বেলাই বেলাই সাঁতোৰা বন্ধ হ’ল তাইৰ। বন্ধ হ’ল আঁহতৰ তলত গোটেই আবেলিটো চেংগুটি খেলি থকা, বাপেকৰ চাইকেলখন টিকা কালি কচালি পেদেল ঘূৰাই ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰাটো বন্ধ হ’ল বিচিত্ৰাৰ। লাহে লাহে গহীন হ’বলৈ ধৰা মাক বিশ্বস্ত সংগী তাইৰ। গাঁৱৰ বিয়াই সবাহে মাকৰ লগত লাহে লাহে চাদৰ মেখেলা পিন্ধি যাবলৈ শিকে বিচিত্ৰাই। কোনোবা পিলিঙাই বিচিত্ৰাৰ ফালে চকু দিলে মাকৰ কাষ চাপি আস্বস্ত হৈছিল তাই।

 এই যে ৰুক্মই খবৰবোৰ দিলেহি তাৰপিছৰেপৰা পুনৰাই বাঢ়িছে বুকুত বিষ। ফুলজনী গাভৰু হ’ল। তাইক নোৱালে ধোৱালে। মাকজনী থাকোতে তাইক গাঁৱৰ মাইকী মানুহবোৰে ৰীতি নীতিবোৰ কৰিলে। সকলোবোৰ কণে চম্ভালি ল’ব পাৰিলেনে? ফুলে বাৰু ভয়তে ফেকুৰিছিল নেকি? সেই সময়ত মাকৰ কাষত নিজৰ নিৰাপত্তা বিছাৰিছিলনে ফুলে? কণ উভতি নহালৈকে ফুলে তেনেকৈয়ে কৰবাত জুপুকা লাগি আছিল নেকি?

 উচুপি উঠে বিচিত্ৰা। এই সময়খিনিত তাইৰ প্ৰয়োজন আছিল ফুলৰ। চকুৰ আগতেই পাৰ হৈ গ’ল বছৰ বছৰ। অথচ ক্ষণিকলৈও পাহৰিব পৰা নাই বিচিত্ৰাই এৰি থৈ অহা ছবি। এই ছবি কোনোদিনে অতীত নোহোৱা ছবি, এই গীতৰ সুৰ কোনোকালে হেৰাই নোযোৱা সুৰ।

 “ফুল, তোৰ মা, তোৰ মায়ে তোক বৰকৈ অকলশৰীয়া কৰি থৈ আহিলে। তোৰ অকণি দুহাতেৰে লাহে লাহে সকলো কৰিবলৈ শিকিবি। ৰাস্তাই-পদূলিয়ে বৰকৈ দেওদি নুফুৰিবি। দেউতা অহা দেৰি হ’লে খুৰীয়েৰৰ কাষতে থাকিবিগৈ। ভালকৈ পঢ়িবি। বলে নোৱাৰা কামবোৰ নকৰিবি। ছাগলী পোৱালিবোৰৰ লগত বৰকৈ লাগি নাথাকিবি। হাঁহৰ গঁড়ালত চাই চিতিহে হাত সুমুৱাবি। দেউতাৰে ভাত নাখালে জোৰ কৰি খুৱাবি। তয়ো নুখুৱাকৈ নাথাকিবি।“

 বিৰবিৰাই থকোতে উচুপনি বাঢ়ে বিচিত্ৰাৰ।

 অন্যমনস্কতাত বিচিত্ৰাৰ পাচলি কাটি থাকোতে বাওঁহাতখনৰ তৰ্জনী আঙুলিটো ভালকৈয়ে কাটিলে। সেই অজুহাততে বিচিত্ৰাই হেঁপাহ পলুৱাই কান্দিলে।

 : আঙুলিটো কাটোতেই ইমান কান্দিব লাগেনে?

 দৌৰাদৌৰিকে নাৰ্জি পাত অলপ হাতেৰে মোহাৰি কটা ঠাইডোখৰত ফটাকানি এখনেৰে বান্ধি দিলে ৰুক্মই।

 : ৰহ , লৰচৰ কৰি নাথাকিবি। ভাল পাবি।

 সন্দেহ কৰিবলগীয়া আৰু থল নাছিল। ব্যৱসায়ৰ কামত ওলাই যোৱা ৰুক্ম কেতিয়াবা দিনটো ঘৰলৈ নাহিলেও বিচিত্ৰাই আৰু বিশেষ ভাবি নাথাকে। সিহঁতৰ কাষৰ কোঠালৈ অসমীয়া পৰিয়াল এটা নতুনকৈ আহিছে। বিচিত্ৰাই সুবিধা পালে চিনাকি হোৱাৰ কথা ভাৱে। পাঁচবছৰীয়ামানৰ কণমানি এটাৰ লগত দিনটো ব্যস্ত হৈ থকা মাকজনীৰ প্ৰায়ে কাষ চাপে বিচিত্ৰা। তাইক দেখি দেখি চিনি পোৱা ল’ৰাটোৱে বিচিত্ৰাক বৰমা বুলি মাতিবলৈ লৈছে। আস্ ইয়াতকৈনো কি পিন্ধিব তাই আপোন সূতাৰে বোৱা চোলা। তাই এই মাতবোৰতে সুখী হ’ব লাগিব। একোলা ল’বলৈ যত্ন কৰে তাই তাক। চুনু বুলিয়ে ক’বলৈ লয় বিচিত্ৰাই তাক। লাহে লাহে সহজ হ’বলৈ ধৰে দুটা পৰিয়ালৰ মাইকী মানুহ দুজনী।

 অকণমানি ষ্ট্ৰীলৰ বাটি এটা লৈ ঢাপলিয়াই আহে চুনু..

 “বৰমা , মোক ইয়াত কিবা দিয়ানা”

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড