পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৯

খোজ কঢ়া ৰুক্মই বিচিত্ৰাৰ লগত ধীৰে খোজ কাঢ়িছে। বিচিত্ৰাৰ সংকোচবোধ কিন্তু আঁতৰা নাই এতিয়াও। ৰুক্মৰ কাষে কাষে খোজ কাঢ়ি তাই যেন ন কইনাজনীহে। কণৰ লগতো সেই দিনবোৰত এনেকৈয়ে বজাৰলৈ গৈছিল বিচিত্ৰা। এবাৰ চেন্দেলৰ ফিতা চিঙি পৰোতে কণে তাইক সেইঠাইতে থৈ দৌৰাদৌৰিকৈ নতুন চেন্দেল এযোৰ আনি দিছিল। নতুন চেন্দেলযোৰ পিন্ধি কণৰ স’তে খোজ মিলাওঁতে চেন্দেলৰ ফিতাৰে ভৰি তেনেই কাটি পেলাইছিল। মূল ৰাস্তাত গাড়ীৰপৰা নামি পথৰুৱা ৰাস্তাৰে লেংকেচিয়াই লেংকেচিয়াই ঘৰলৈ পোনাইছিল দুয়ো। ফুলৰ তেতিয়া জন্ম হোৱাই নাই। তাইৰ হায়ৈ বিয়ৈত কণে পিঠিতে উঠি ল বুলি ধেমালিতে হালি দিওঁতে সঁচা বুলি উঠি দিছিল তাই। কোনোবাই দেখিলে নেকি বুলি কণে ফুলক আঁতৰাই ঘপকৈ উঠি দিওঁতে বাগৰি পৰা বিচিত্ৰাই কান্দি দিছিল পথাৰতে।

 : ব’ল আৰু কেইখোজমানহে। পামগৈ ঘৰ।

 কণৰ লগত মাতবোল নকৰাকৈ ঘৰ পাইছিলগৈ তাই। পিছে ঘৰ সোমায়ে কণে আথে বেথে তাইৰ ভৰি দুখন তুলি ধৰিছিল।

 নাভাৱো বুলিও কথাবোৰে বিচিত্ৰাক জোকাৰি থাকিলহি। য’তে ত’তে জলকা লগা স্বভাৱটোৱে তাইক নেৰিবই। ৰুক্মৰ লগত খোজ মিলাবলৈ কেইখোজমান বেগাই দিলে বিচিত্ৰাই।

 বাঁহৰ গাজকেইটা পলঙা পলঙ। গাইপ্ৰতি সাত টকা। খহুৱা বেঙেনাকেইটাও বৰ সতেজ। কলমৌ আগকেইটালৈ লোভ লাগিল বিচিত্ৰাৰ। ৰুক্মক কৈ কিনি পেলালে তাই। গাঁৱত হোৱাহ’লে ইমানদিনে কলহত থৈ টেঙা কৰিলেহেঁতেন তাই বাঁহৰ গাজ।

 গুণগুণাইছে ৰুক্মই। গাঁৱত বিহুজাকৰ সুৰ টানো ৰুক্মৰ মাতটোত আদৰ আছে। তাৰ মনটো ফৰকাল বহুদিনৰ অন্তত। বাহিৰতে ইফাল সিফাল কৰি থকা লাভলিক সেই সুবিধাতে বিচিত্ৰাই বজাৰত তাইলৈ বুলি কিনা বস্তুকেইটা দি আহিলগৈ। ধনী মানুহৰ জী। পিন্ধক বা নিপিন্ধক তাইৰ মনটো প্ৰশান্তিৰে ভৰি আহিল।

 পেকেটটো খুলিয়ে চিঞৰি উঠিল লাভলিয়ে...

 : মাহী, ইমান ধুনীয়া। মায়ে যে এইবোৰ বিচাৰিয়ে নাপায়। ৰ’বা মই মাক দেখুৱাওঁগৈ। দৌৰি ভিতৰ সোমোৱা লাভলিলৈ মৰমসনা চাৱনিৰে চাই ৰয় বিচিত্ৰাই।

 নিজৰ ভাগৰপৰা কণীৰ টুকুৰা এটা ৰুক্মই বিচিত্ৰাৰ মুখলৈ আগবঢ়াই দিলে। চলচলীয়া হৈ উঠিল বিচিত্ৰাৰ দুচকু। টোপনি গৈছিল সেইদিনা বহুদিনৰ পিছত। ৰুক্মৰ আলিংগনত সঁহাৰি দিছিল তাই।

 ভঙা চিঙা সামগ্ৰীৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল ৰুক্মই। পুৰণি বাতৰি কাগজ, প্লাষ্টিক,লোহা সামগ্ৰীবোৰ মালিকৰ অনুমতি লৈ এবেলা সিহঁতৰ ৰূমৰ সন্মুখত থৈ পিছবেলা ঠেলা এখনত উঠাই মূল ঘাটিত দি আহেগৈ ৰুক্মই। দগ পাল্লাযোৰেৰে ৰুক্মই বস্তুবোৰ জুখি মাটিত থয়। বিচিত্ৰাই ৰুক্মই অকলে কৰি থাকিলে বস্তুবোৰ পাচিবোৰত ভৰাই দিয়ে। দবিয়াই উঠে ৰুক্মই.

 : থ, থ। হাত লেতেৰা কৰিব নালাগে।

 তেতিয়া বিচিত্ৰাৰ সন্মুখত কণ থিয় হৈ থাকে।

 পুৱাৰেপৰা ভয়ে আগুৰি ধৰিছিল বিচিত্ৰাক সেইদিন। পানীঘাটে,পথাৰে ঘূৰি ফুৰা মাক সোনকালেই তাইৰ কাষ চাপক সেই কামনা কৰি ভঁৰালঘৰৰ তলতে মাকৰ তাঁতশালৰ কাষতে বস্তা এখনত বহি মাকৰ মহুৰাৰ সূতা একোবাৰ টানি উলিয়ায় একোবাৰ মেৰিয়ায়। ককায়েকে স্কুললৈ যাবলৈ চিঞৰিছে যদিও সঁহাৰি দিয়া নাই বিচিত্ৰাই। যাওকগৈ ককায়েক। তাই নাযায়। তাইৰ মাত নাপাই গুছি যায় ককায়েক। গা ধুই তিয়নিখন দাংডালত মেলিব খুজোতেই বাপেকৰ চকুত পৰে বিচিত্ৰা। তাত কি কৰিছ অ তই? স্কুলৰ সময় হ’ল দেখিছ নাই। ককায়েৰে স্কুল পালেগৈ। যা যা স্কুললৈ যা।

 মাকো পাইছিলহি সেইখিনি। মাকক দেখাৰ লগে লগে বুকুলৈ উজাই অহা কান্দোন ৰখাব নোৱাৰি বিচিত্ৰাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।

 অহ এইজনীৰ কি হ'ল? দৌৰি কাষ চাপিল মাক। বিচিত্ৰা থিয় হৈ দিওঁতে মাকে দেখিলে বগা বস্তাখনত জিলিকি

উঠিছে ৰঙচুৱা ডাকবোৰ। এসোঁতা কান্দি পেলালে মাকেও।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড