পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৩

পৰিয়ালবোৰৰ মাজত হাই কাজিয়াৰ ঘটনা গতানুগতিক। বিচিত্ৰাই বিশেষ কাৰোৰে লগত সমিলমিল নকৰে বাবে ঘটনাবোৰৰ লগত লিপ্ত নহয়। এই যে ৰুক্মৰ ধমক দিয়া মানুহজনীয়ে ৰুক্মক পাৰিলে যেন বাটতে ভেটাহে দিব। গা ধুই উদং গাৰে আহিলে নিলাজৰ দৰে চাই থাকে তাই। তাইৰ গিৰিয়েকটোৱে বোলে বেলেগ ঠাইত ট্ৰাক চলায়। দুটা পুতেকৰ লগত তাই ভাড়াঘৰটোত থাকে। বিচিত্ৰা গা ধোৱা ঘৰত সোমাইছিল বোধকৰো। বাহিৰৰ তাঁৰডালত তিয়নি গামোচাখন মেলি ভিতৰ সোমাব খুজোতেই ভেটাভেটি হয় মহিলাজনীৰ লগত। ৰুক্মৰ শৰীৰত যেন খুন্দিয়াইহে যাব।

 : অসতী কৰবাৰ। নেদেখ নেকি বাটে ঘাটে মানুহ।

 উফ ৰুক্মই যেন কেঁদোৰ বাহত হে জুই দিলে..

 : গুণ্ডাগিৰি কৰিবলৈ আহিছ হাঁ। মোৰ মতা ঘৰত নাথাকে কাৰণে মোক জোকাবলৈ আহিছ? তহঁত কোন কৰ নাজানো বুলি ভাবিছ হাঁ? লোকৰ মাইকী পলুৱাই অনা হাৰামী মতা তই। অই জননী, আহ। চাচোন এই কুকুৰে মোক কেনেকৈ জোকাইছে। সি মোক অসতী বুলি কয়। মোৰ মতা মোৰ লগত নাথাকিব পাৰে সেইবুলি মই পৰৰ মতাত চকু দিয়া মাইকী বুলি ভাবিছ? আনৰ জোথা খোৱা তোৰদৰে বুলি ভাবিছ মোক?

 ফাঁট দিয়া বসুমতী পাতালে লুকাওঁ..

 ৰুক্মৰ কাণ মূৰ গৰম হৈ উঠিল। ইমান লেতেৰা মনৰ মাইকী এইজনী! তাৰমানে বিচিত্ৰা আৰু তাৰমাজত হৈ থকা কাজিয়াৰ আঁত ধৰি তাই সকলো কথা জানি পেলাইছে। প্ৰথমবাৰৰ বাবে তাক কোনোবাই এনেকৈ কথা শুনালে মুখামুখিকৈ। বাঁহৰ জেওৰা খুটিটো লৈ যেন মানুহজনীৰ পিঠিখন সি কোবাই ফালিহে পেলাব। দাঁত কামূৰি ৰ’ল সি। আধা তিতা কাপোৰে দৌৰি আহিল বিচিত্ৰা। তাই কি হ’ল তৰ্কিবই পৰা নাই।

 : অই নটী, তোৰ গিৰীয়েৰে মই তাক ৰুমত ভৰাবলৈ লোৱা বুলি ভাবিছে অই। মোৰ মতা আছে নহয়। তহঁতৰ নিচিনা লাজ চৰম নোহোৱা নহয় আমি। তই পাখৰী নিজৰ মতা, ছোৱালী এৰি এই জহৰাটোলৈ আহিবলৈ বলিয়া হ’লি।

 অশ্লীল সমাজ এখনৰ বাসিন্দা হৈ পৰিল নিমিষতে সিহঁত দুটা। মানুহজনীৰ মুখৰ লেকাম নোহোৱা ভাষাই বিচিত্ৰাক এফালৰপৰা দহি গ’ল। খঙত কঁপি থকা ৰুক্মক তাই টানি টানি যেনেতেন ভিতৰ পোৱালেগৈ। বাহিৰত একেই চিঞৰ। একেই অসভ্য মাত।

 : কি কথাতনো লাগিলাগৈ?

 : দেখা নাই কেনেকৈ বাটে-ঘাতে গা ঘেলাবলৈ ধৰে তাই। বুকুত চাদৰ লোৱা ভাঁজ দেখিছ নাই তাইৰ?

 : কিয় চোৱা?

 : কিয় চাম মই তাইক। খুন্দিয়াই গ’লেও সহিম নেকি?

 বাহিৰত অশীল ভাষাৰ অনৰ্গল বৰষুণ। ৰুক্ম গুছি যোৱাৰ পিছতো বেৰখনৰ সিটোফালৰপৰা বিচিত্ৰাক আঁজুৰি ভাগৰা নাছিল গোটেই দিনটো৷ এনে পৰিস্থিতিৰ লগত মুখামুখি হোৱা নাই বিচিত্ৰা।

 খিৰিকিখন মেলিলেই চকুত পৰা মতা মানুহ তিনিটাৰ চকুৰ চাৱনিকেইটা সহ্য নহয় বিচিত্ৰাৰ। ইয়াত কথাবোৰ অলপ বেলেগ ধৰণৰ। সহজেই অশীল কথাৰ মহলা হয় ইয়াত। পুৰণি হৈ যোৱাৰ লগে লগে মানুহবোৰৰ ভিতৰৰ ৰূপবোৰ লাহে লাহে বুজি উঠে বিচিত্ৰাই। ঠাইখিনিত থাকিব পৰা পৰিৱেশ এটা নোহোৱা হৈছিল ট্ৰাক ড্ৰাইভাৰটো যেতিয়াই ঘৰলৈ আহে। ম’দ, জুৱাৰৰ ঘাটিলৈ পৰিণত হয় এলেকা। কোনেও একো নকয়। নিজৰ খুচিত চলে সকলো। ৰিক্সাৱালাৰ ঘৈণীয়েকজনী বিচিত্ৰাতকৈ সৰু হ’ব। তাই বিচিত্ৰাক বৌদি বুলি মাতে। বিহাৰী পৰিয়াল।

 : বৌদি এই মানুহটোৰ বেলেগ জেগাত আৰু মাইকী, বাচ্চা আছে। এইটো ছেকেণ্ড মাইকী। কি ৰকম মানুহ অ বৌদি। এই মাইকীটোৰো বেলেগ মতা আছিল? ইমান নীচ মানুহ বৌদি। নিজৰ মানুহটো আৰু এটা বাচ্চাক এৰি আকৌ বেলেগ মতাৰ দুটা বাচ্চাৰ মাক হৈছে। এইচব মাইকীক দেখিলে থুৱাই দিব লাগে।

 বিচিত্ৰাই থিয় হৈ থকাৰ শক্তি হেৰুৱাইছিল। বিহাৰী তিৰোতাজনীৰ মুখত সৰলতা। তাই বিচিত্ৰাক মন বেয়া নকৰিবলৈ কয়। তাই বুজা নাই বিচিত্ৰাক তাই কোৱা কথাখিনিয়ে কেনেকৈ চেপিলে? মূৰ তুলি কাৰোবাক কিবা এষাৰ ক’বপৰাকৈ জানো

বিচিত্ৰাৰ শক্তি আছে? বাৰে বাৰে আহত হয় বিচিত্ৰা।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড