পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৮


যাতনাৰ পৃষ্ঠা

ৰাস্না পালক

 পিঠিৰ দাগটো তাই নেদেখে। অনুভৱ কৰে। মৰা তেজে গোট মৰা অংশটো খেপিয়াই খেপিয়াই সেকে তাই। দুৱাৰডলিটোৰ পাৰলৈ ভৰিটো ডাঙোতেও প্ৰায়ে বুকুখন গেজগেজায়। বুকুখন মোহাৰি পানী দুঘোটমান খাই বহি পৰে তাই। মনত পৰে তাইৰ ...

 সেইখন গাঁৱত এজনী বয়সীয়া আবিয়ৈ তিৰোতা আছিল। বয়সে শোতোৰ পেলোৱা ছাল আৰু পকা চুলিবোৰ মেলিয়ে চোতালত প্ৰায়ে বহি থাকে। পথেৰে যোৱা মানুহবোৰে কাউৰী কুকুৰাৰপৰা ধানকেইটা ৰখিবলৈকে তাই আছে বুলি কয়।

 তেতিয়া বুজি নোপোৱাৰ বয়স। কোনোবা পুৰুষৰ প্ৰতি সেই দেহাটোৰ আকৰ্ষণ আছিল নে নাই মানুহজনীৰ তেতিয়া বুজাৰ বয়স নাছিল।

 আঁঠুৰ তললৈ স্কাৰ্টটো আৰু টপটোৰ ওপৰত বুকুতে পেলাই লোৱা গামোচাখন। উঠন হ’বলৈ ধৰা বুকুখনৰ আবুৰতা। চাইকেলখন চলাই গ’লে এখন হাতে ওপৰলৈ উঠি যোৱা স্কাৰ্টটো ঘনে ঘনে থানথিত লগাই যায় তাই। ফ্ৰককেইটাৰ বুকুখন কোচ কোচ ফিল লগা। উৰি উৰি যায়। আটি পিন মাৰি লয় তাই।

 স্মৃতিৰ দৰজাখন খোল খোৱাৰ লগে লগে নিজক পোনাই বহে তাই। বয়সে আবেগ ঢলা তাইৰ চঞ্চলা মনটোৰ লগত শৰীৰ খেলাই সুখী নকৰে তাইক। তাই লাহে লাহে সজাৰ পক্ষীৰ দৰে হয়। প্ৰতি ৰাতি ভয়ত কম্পমান হয় তাই। ধৰ্ষিতা হয় প্ৰতি ৰাতি। স্বামী স্ত্ৰীৰ মাজত থাকিও তাইৰ মনলৈ এই চিন্তা কিয় আহে তাই নাজানে। মাতাল স্বামীৰ পৰা পলাবলৈ তাই দুৱাৰৰ চুক, বিছনাৰ তল খেপিয়াই ফুৰে।

 খবৰ এটা বতাহত উৰিছিল। তাইৰ মানুহজনৰ আন এক নিচাৰ খবৰ। তাই সুখী হৈছিল। মুক্ত হোৱাৰ হেঁপাহত ফৰিং জাপ দিবলৈ লওঁতেই কঠিন হাতৰ মুঠিত আঘাতপ্ৰাপ্ত হৈছিল যেন কুমলীয়া পখিলাজনী।

 ক্ষোভ কৰিবলৈ কোনো থল নাই। সেইখন তাই পাতি লোৱা ঘৰ। সেইটো তাই মনে বাচি লোৱা মানুহ। ফলাখৰিৰ কোবকেইটা পিঠিত পৰিলেও তাইৰ গাত বিষ নুঠা হ’ল। মৰিছে তাই ক্ৰমশঃ। এডাল মৰাকাঠৰ দৰে পৰি থকা হ’ল তাই। গাৰ চোলা জেওৰা খুটিত ওলমি থকা চোলাৰ দৰে।

 তাই সিদ্ধান্ত লয় তাই এই সম্বন্ধ শেষ কৰিব ইয়াতেই....কিন্তু তাই যাব ক’লৈ....?

 : ঐ কণ মদাহীৰ জীয়েক আহ ধান মাৰো।

 দিনৰ দিনটো তাই সেইঘৰত গিৰিহঁতৰ লগত ভৰিৰে ধান পকটীয়ায়। মদাহী বাপেকটোৱে তাইৰ খবৰ নাপায়। অলপ মৰম পাই তাই স্কুললৈ যাবলৈও পাহৰে। পিছে তাই নাপাহৰে ৰাতি দেউতাকৰ লগত তাই ভাত খায়। অকণি হাতেৰে তাই জুইকুৰা ধৰে। চাউল থাকিলে তাই চাউল চৰুত সিজিবলৈ দিয়ে। নাথাকিলে পানী উতলি থাকে। কণ মদাহীয়ে পিছে কোনোদিন নাপাহৰে হাতৰ বেগ। বাপেক অহাৰ উমান পালে তাই দৌৰি চোতাল পায়হি। তাইৰ স্ফুৰ্তিতে তত নোহোৱা হয়। তাই ৰাতি শোৱাৰ পৰত দেউতাকক সাৱটি কয়..“ দেউতা তই সদায় মদ নোখোৱাকৈ আহিবি ঘৰলৈ।”

 কাষতে থকা খুৰীয়েকৰ ঘৰলৈ তাই দৌৰিছিল সেইদিনা। ঘৰৰ চুক এটাত মাটিতে খেৰ পাৰি তাইলৈ বিছনা পাৰিলে খুৰীয়েকহঁতে। তাই অইন ছোৱালীৰ বাবে এনে বিছনা পাৰিলে আনন্দ কৰে। আজি দেখোন তাইৰ বৰ ভয় লাগিছে। উজাই অহা কান্দোন সামৰিব নোৱাৰি বিছনাখনত মুখ গুজি তাই উচুপি উঠিল। খুৰীয়েকেও এসোঁতা কন্দা দেখি বাপেকটো বাহিৰ ওলাল। গাঁৱৰ মহিলা মানুহখিনিয়ে কোৱাকুই কৰিলে ..

 : “মাকজনী থকা হ’লে!’’

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড