পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৮


 ⵓ অতীতটোক ....। পাহৰি যোৱা অনুৰাগক।

 ⵓ বৰ্তমানটোক আঁকোৱালি লোৱা।এয়াই তোমাৰ বাবে ভাল হব। দেখিছো মই, কেনেকৈ জ্বলি গৈছা তুমি। দিনে দিনে নিঃশেষ হৈ আহিছা তুমি। হাঁহি নাই স্ফুৰ্তি নাই...গোটেই ৰাতি মাথো বিৰবিৰাই আছা অনুৰাগৰ নাম। অনিৰুদ্ধ বৰুৱাও আচৰিত হৈ গৈছিল চাগৈ...

 মুখখনত যেন কোনোবাই আন্ধাৰৰ ৰংহে সানি দিলে অমৃতাৰ।

 কি কৈছে অদিতিয়ে এয়া?

 তাইৰ জীয়াই থকাৰ শেষ সমল .... তাইৰ প্ৰথম প্ৰেমৰ স্মৃতিবোৰ ... কৈশোৰ যৌৱনৰ প্ৰথম সপোন অনুৰাগক পাহৰি তাইৰ জানো অস্তিত্ব আছে?

(৯)

 সোঁ গালত পৰা ৰঙা দাগটোত আৰু ডিঙিত লগা ক্ষত চিহ্নটো চুই চালে তাই।

 ‘আস’

 তীব্ৰ বিষত কেকাই উঠিল তাই।

 শ্বাৱাৰৰ তলত চুলিকোচা মেলি দি থিয় হৈ ৰল তাই বহুপৰ ... শীতল জলকণিকা বোৰে ধুই গল শৰীৰৰ ক্ষত স্থানবোৰত বিৰিঙি উঠা ৰক্ত কণিকা বোৰক...ধুৱাই লৈ গল তাইৰ অন্তৰৰ মৌন কান্দোন।

 গধূলি অফিচৰ পৰাই বাহিৰে বাহিৰে মদ খাই ঘূৰি অহা ভাস্কৰে অনিৰুদ্ধ বৰুৱাৰ নাম লৈ শাৰীৰিক অত্যাচাৰ চলাইছিল তাইৰ ওপৰত।

 ভাস্কৰৰ মতে তাই জানি বুজি ড্ৰিংকচ কৰি চাদলৈ গৈছিল অনিৰুদ্ধ বৰাৰ দুবাহুত বন্দী হবৰ ইচ্ছাৰে।

 অনিৰুদ্ধ বৰুৱা... যাক তাই নাজানেও... নিচিনেও।

 দীঘল নীলা নাইটি খনেৰে সৰ্বাংগ ঢাকি খুব লাহে লাহে খোজ দি ওলাই আহিল তাই বেলকণীটোলৈ। বেডৰোমৰ পৰা ভাহি আহিছে ভাস্কৰৰ নাকৰ কৰ্কশ ঘৰঘৰনি।

 উফ। অসহ্য।

 মৃত্যু আৰু কিমান দূৰ?

 আৰু কিমান দূৰ শ্মশানৰ অন্ধকাৰলৈ?

 আৰু কিমান দিনলৈ সহিব তাই এই অসহ্য শাৰীৰিক যাতনা? পাৰিবনে তাই?

 নে তাইও অকাল মৃত্যুক আঁকোৱালি লোৱা উচিত ... ঠিক যেনেকৈ অকাল মৃত্যুক স্বইচ্ছাই আঁকোৱালি লৈছিল ভাস্কৰৰ প্ৰথমা পত্নী মৃণালিনীয়ে।

 অদিতিৰ কথা মনত পৰিল তাইৰ।

 ৰাতিপুৱা অদিতিয়ে কৈছিল তাইক, অতীতক পাহৰি.অনুৰাগক পাহৰি, বৰ্তমানক আঁকোৱালি লবলৈ! তাই জানো চেষ্টা নকৰাকৈ আছিল?

 গাঁও এৰি ভাস্কৰৰ লগত বিয়া হৈ অহাৰ পিছৰপৰাই শোষণ, নিৰ্যাতন আৰু অন্যায়ৰ এক পৃষ্ঠা আৰম্ভ হৈ গৈছিল তাইৰ জীৱনত। হাঁহি ধেমালি সুখৰ পৃষ্ঠাবোৰ অতীত হৈ ৰৈছিল।

 ভাস্কৰৰ প্ৰকাণ্ড ঘৰখনৰ প্ৰতিটো চুক কোনে যেন তাইক ঠাট্টা মস্কৰা কৰিছিল,... গাঁৱলীয়া বুলি হাঁহিছিল। চহৰৰ নগ্ন আধুনিকতাৰ মাজত বিপৰ্যস্ত হৈ ৰৈছিল তাই।

 প্ৰতিটো নিশাই ধৰ্ষিতা হৈছিল মদ খাই মাতাল হৈ অহা ভাস্কৰৰ দ্বাৰা। তাইৰ শৰীৰৰ কোমল অংগবোৰৰ পৰা তেজ বিৰিঙি নুঠালৈকে তীক্ষ দাঁতৰ কামোৰ দিছিল সি, .... কলা নীলা চিহ্ন বহুৱাই দিছিল সৰ্বশৰীৰত। বহু প্ৰয়াস কৰাৰ পিছতো ভাস্কৰৰ হৃদয় জিনি লব পৰা নাছিল তাই।

 তাই কান্দিছিল প্ৰথমতে চিঞৰি চিঞৰি ... ফেঁকুৰি ফেঁকুৰি... লাহে লাহে অভ্যস্ত হৈ উঠিছিল শাৰীৰিক বিষৰ সৈতে৷

অৰ্দ্ধ-আকাশ ⵓ ৰচনা সমগ্ৰ,প্রথম খণ্ড