পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৯

 প্ৰচণ্ড ভাবে ভিতীগ্ৰস্ত হৈ উঠা অমৃতাই লাহে লাহে চকুলো টুকিবও পাহৰি গৈছিল... পাহৰি গৈছিল তাই নিজৰ অস্তিত্ব আৰু স্বাভিমান।

 ভাস্কৰে দিয়া শাৰীৰিক, মানসিক অত্যাচাৰ, ঠাট্টা মস্কৰাই মাৰি পেলাইছিল তাইৰ ৰুচি, আৱেগ, অনুভূতি, আশা আকাংক্ষা....সকলো।

 তাই বুজি উঠিছিল, ভাস্কৰৰ বাবে তাই পত্নী নহয়.... তাৰ শৰীৰৰ কামনা বাসনা পূৰ কৰিব পৰা এটি নাৰীদেহ মাথো।

 তৰাভৰ্তি আকাশখনলৈ মূৰ তুলি চালে তাই। উৰা মাৰি যেন অনন্ত আকাশৰ অসীম শূন্যতাত ডুব যাব তাই।

 এতিয়া কি কৰি আছে বাৰু অনুৰাগে?? কত আছে সি?? শান্তি পাইছেনে সি অৰণ্যত? কিয় অৰণ্যৰ জীৱন বাছি ললে সি। কিয়? যাৰ দুচকুত কেৱল মৰম আৰু মৰম বিচাৰি পাইছিল তাই ... কিয় সি বাছি ললে হত্যা, জিঘাংসা,আৰু বৰ্বৰতাৰ পথ। কিয়?

 “অনুৰাগ স্বাৰ্থপৰ তই। বহুত স্বাৰ্থপৰ।”

 মনৰ ভিতৰত গুজৰি গুমৰি অহা খং অভিমান বোৰ প্ৰকাশ পালে দুধাৰি অশ্ৰধাৰা হৈ।

 বুকুখনত যেন কিহবাই সোপা মাৰি ধৰিছেহি তাইৰ।

 ⵓ তোৰ পুৰণি প্ৰেমিকৰ খবৰ পাওনে?... নে ময়েই জনাব লাগিব আকৌ?

 ⵓ .....

 নিৰুত্তৰ... কিন্তু উৎকৰ্ণ হৈ ৰৈছিল তাই।

 ⵓ উগ্ৰপন্থী হ’ল সি। মোক বেয়া বুলি কৱ নহয়? তোৰ আদৰ্শ পুৰুষজন সন্ত্ৰাসবাদী হ'ল।

 বিস্ফোৰিত নেত্ৰেৰে ভাস্কৰৰ মুখলৈ চাই ৰৈছিল তাই।

 ⵓ পুলিচৰ হাতত পৰিলে পিঠি গুৰুলা গুৰুল হ'ব তোৰ পুৰণি প্ৰেমিকৰ। দেখিলেই গুলিয়াই দিব তাক।

 ভাস্কৰৰ দুচকুৰ ঠাট্টা মিশ্ৰিত ৰুক্ষ চাৱনীলৈ পোন দৃষ্টিৰে চাই ৰৈছিল তাই। তাইৰ যে অকণো বিশ্বাস হোৱা নাছিল কথাষাৰ....

 মিছা কথা.. মিছা কথা।

 আৰ্তচিতকাৰ কৰি উঠিছিল তাইৰ হৃদয়খনে কিন্তু ওঁঠ, মুখ মৌন হৈ ৰৈছিল।

 দুচকুৰ আগত ভাঁহি উঠিছিল সেই ক্ষীণ লাহী ওখ শৰীৰ, কেঁকোৰা চুলি আৰু মৰমিয়াল চকু , মুখ। নাই ... নাই অসম্ভৱ। অনুৰাগৰ দৰে কোমল হৃদয়ৰ মানুহে বন্দুক কেতিয়াও উঠাব নোৱাৰে।

 লাহে লাহে কিন্তু বিশ্বাস কৰিবলৈ বাধ্য হৈছিল তাই। অদিতি, ...বিপ্লৱ, সকলোৱে কৈছিল অনুৰাগে হাতত বন্দুক তুলি লোৱাৰ কথা।

 ...সন্ত্ৰাসবাদী হৈছে সি। নিষিদ্ধ উগ্ৰপন্থী সংগঠনত যোগ দি পুলিচ, আইন, চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে সি। অকল সিয়েই নহয় তাঁহাতৰ সেই ভিতৰুৱা গাঁওখনৰ আৰু অসমৰ অন্যান্য ভিতৰুৱা গাঁৱৰ প্ৰায়ভাগ লৰাই উগ্ৰপন্থী সংগঠনত যোগ দিছে। প্ৰায়েই হেনো পুলিচৰ তালাচী অভিযান চলে গাঁওবোৰত। সন্দেহী গতি বিধিৰ যুৱকৰ খবৰ পালে ধৰি আনি লক আপত ভৰাই থৈ দিয়ে।

 ⵓ আমাৰ দৰে ডাঙৰ অফিচাৰবোৰ হেনো সিহঁতৰ টাৰ্গেট। আমাক হেনো সিহঁতে গুলিয়াই মাৰিব! দুৰ্নীতি মুক্ত নোহোৱালৈকে হেনো সিহঁতে সংগ্ৰাম চলাব। হা হা হা। সংগ্ৰাম। মাই ফুট।

 অট্টহাস্য কৰি উঠিছিল সি। যেন সাৰ পাই উঠিছে এটা ৰাক্ষস...দুৰ্নীতিত পোত যোৱা, প্ৰেমৰ প্ৰমূল্যবোধ নজনা, নাৰী শৰীৰ ভক্ষণ কৰি ভাল পোৱা মানুহৰূপী নিষ্ঠুৰ ৰাক্ষস।

 ...অমৃতাৰ দুচকুৰে নীৰৱে সেইদিনা বৈ গৈছিল অশ্ৰুৰ প্লাৱণ...।

 মেডিচিন কেবিনেটৰ পৰা শ্লিপিং টেবলেট এটা উলিয়াই লৈ অকণমান পানীৰে সৈতে গিলি দিলে তাই। শ্লিপিং টেবলেটতো খাই লৈ বিছনাখনত ক্লান্ত শৰীৰটো এৰি দিলে অমৃতাই।

 ৰাতি দুই বাজি গৈছে।

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্র, প্রথম খণ্ড